প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২৮ জানুৱাৰীত কাৰিয়াপ্পা গ্ৰাউণ্ডত এনচিচি পিএম ৰেলী সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
27 JAN 2022 7:28PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ জানুৱাৰীৰ দুপৰীয়া প্ৰায় ১২ বজাত দিল্লীৰ কাৰিয়াপ্পা গ্ৰাউণ্ডত ৰাষ্ট্ৰীয় কেডেট কৰ্প(এনচিচি)ৰ পিএম ৰেলীত ভাষণ দিব।
এনচিচি গণৰাজ্য দিৱস শিবিৰৰ সামৰণী অনুষ্ঠান প্ৰতি বছৰে ২৮ জানুৱাৰীত অনুষ্ঠিত হয়। উক্ত দিনাই এই ৰেলীৰ আয়োজন কৰা হয়। অনুষ্ঠানটোত প্ৰধানমন্ত্ৰীক গাৰ্ড অৱ অনাৰ দিয়া হ’ব। এনচিচি দলৰ অভিবাদন তেওঁ গ্ৰহণ কৰিব। অনুষ্ঠানত এনচিচি কেডেটসকলে বিভিন্ন সামৰিক দক্ষতা, স্লিথাৰিং, মাইক্ৰ’লাইট ফ্লায়িং, পেৰাছেইলিঙৰ লগতে সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰিব। শ্ৰেষ্ঠ কেডেটসকলে প্ৰধানমন্ত্ৰীৰ পৰা পদক আৰু বেতন লাভ কৰিব।
***
DS/AKJ/KG
(ৰিলিজ আই ডি : 1793717)
অতিথি কক্ষ : 162
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam