প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিশ্ব অৰ্থনৈতিক মঞ্চৰ দাভোছ কাৰ্যসূচীত ‘বিশ্বৰ পৰিস্থিতি’ৰ বিষয়ত বিশেষ ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে


‘ক’ৰোনাৰ সময়ত, ভাৰতে ‘এক পৃথিৱী, এক স্বাস্থ্য’ৰ দৃষ্টিভংগী অনুসৰণ কৰি অত্যাৱশ্যকীয় ঔষধ আৰু ভেকছিন যোগান ধৰি বহু লোকৰ জীৱন ৰক্ষা কৰিছে’

‘আন্তৰ্জাতিক যোগান-শৃংখলাত বিশ্বৰ নিৰ্ভৰযোগ্য অংশীদাৰ হ’বলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ’

‘ভাৰতত বিনিয়োগ কৰাৰ এয়া উত্তম সময়’

‘আত্মনিৰ্ভৰশীল হৈ উঠাৰ বাবে ভাৰতে কেৱল বিভিন্ন পন্থা-পদ্ধতি সহজ কৰাত গুৰুত্ব দিয়াই নহয়, বিনিয়োগ আৰু উৎপাদনক উৎসাহিত কৰাৰ বাবেও নানাধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে’

‘ভাৰতে পৰৱৰ্তী ২৫ বছৰৰ কথা বিবেচনা কৰি বিভিন্ন নীতি প্ৰণয়ণ কৰিছে। এই সময়ছোৱাত দেশখনে সৰ্বোচ্চ বিকাশ নিশ্চিত কৰিবলৈ আৰু কল্যাণমূলক কামৰ সৰ্বোচ্চ সুফল মানুহৰ ওচৰলৈ নিয়াৰ লক্ষ্য লৈছে। এই সময়খিনিত উন্নয়ন হ’ব স্বচ্ছ, পৰিষ্কাৰ, বহনক্ষম আৰু লগতে নিৰ্ভৰযোগ্য’

‘পেলাই দিয়ক’ সংস্কৃতি আৰু ভোগবাদী মনোভাবে জলবায়ু সমস্যাক জটিল কৰি তুলিছে। আজিৰ ‘টেক-মেক-ইউজ-ডিচপোজ’ অৰ্থনীতিৰ পৰা বৃত্তীয় অৰ্থনীতিলৈ দ্ৰুতগতিত আগবাঢ়ি যোৱাটো অত্যাৱশ্যকীয় হৈ পৰিছে’

‘এল.আই.এফ.ই.-ক এক গণ আন্দোলনলৈ পৰিৱৰ্তন কৰাটো পি-৩ অৰ্থাৎ ‘প্ৰ’ প্লেনেট পিপল’ৰ বাবে এক শক্তিশালী ভেটি হ’ব পাৰে

‘প্ৰত্যেক গ

Posted On: 17 JAN 2022 10:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বিশ্ব অৰ্থনৈতিক মঞ্চৰ দাভোছ কাৰ্যসূচীত ‘বিশ্বৰ পৰিস্থিতি’ৰ বিষয়ত বিশেষ ভাষণ প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে সতৰ্কতা আৰু আত্মবিশ্বাসেৰে মহামাৰীৰ আন এক ঢৌৰ সৈতে মোকাবিলা কৰি আছে আৰু বহুতো আশাপ্ৰদ ফলাফলৰ সৈতে অৰ্থনৈতিক ক্ষেত্ৰত আগবাঢ়ি গৈছে। তেওঁ কয় যে ভাৰত এক শক্তিশালী গণতন্ত্ৰ যিয়ে মানৱজাতিক এক আশাৰ ৰেঙণি প্ৰদান কৰিছে য’ত ভাৰতীয়সকলৰ গণতন্ত্ৰ, প্ৰযুক্তিৰ ওপৰত থকা অটল বিশ্বাস নিহিত আছে আৰু যিয়ে একবিংশ শতিকা আৰু ভাৰতীয়সকলৰ প্ৰতিভা আৰু মনোভাবক শক্তিশালী কৰি তুলিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ক’ৰোনাৰ সময়ত ভাৰতে ‘এক পৃথিৱী, এক স্বাস্থ্য’ৰ দৃষ্টিভংগী অনুসৰণ কৰি অত্যাৱশ্যকীয় ঔষধ আৰু ভেকছিন ৰপ্তানি কৰি বহুলোকৰ জীৱন ৰক্ষা কৰিছে। ভাৰত হৈছে বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ফাৰ্মাচিউটিকেল উৎপাদক আৰু ইয়াক ‘বিশ্বৰ দৰৱৰ ভৰাল’ বুলি গণ্য কৰা হয়, তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে আজি অভিলেখ সংখ্যক ছফ্টৱেৰ অভিযন্তা সমগ্ৰ বিশ্বকে প্ৰদান কৰিছে। ভাৰতত ৫০ লাখতকৈও অধিক ছফ্টৱেৰ ডেভলপাৰে কাম কৰি আছে। তেওঁ কয় যে ভাৰতৰ আজি তৃতীয় সৰ্বাধিক সংখ্যক ইউনিকৰ্ণ আছে। যোৱা ছয় মাহত ১০ হাজাৰৰো অধিক ষ্টাৰ্ট-আপ পঞ্জীয়ন কৰা হৈছে। তেওঁ কয় যে ভাৰতৰ বিশাল, সুৰক্ষিত আৰু সফল ডিজিটেল পৰিশোধ ব্যৱস্থাপনা আছে। তেওঁ আৰু জনায় যে যোৱা মাহত ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচৰ জৰিয়তে ৪.৪ বিলিয়নতকৈও অধিক লেনদেন সম্পন্ন হৈছে। প্ৰধানমন্ত্ৰীয়ে ব্যৱসায় সহজতৰ কৰা আৰু বিভিন্ন কামত  চৰকাৰী হস্তক্ষেপ হ্ৰাস কৰাৰ পদক্ষেপৰ বিষয়ে কয়। তেওঁ কৰ্পোৰেট কৰ হাৰৰ সৰলীকৰণ আৰু ইয়াক বিশ্বৰ আটাইতকৈ প্ৰতিযোগিতামূলক কৰি তোলাৰ কথা উল্লেখ কৰে। ভাৰতে ড্ৰোন, মহাকাশ, ভূ-স্থানিক মেপিঙৰ দৰে ক্ষেত্ৰসমূহ নিয়ন্ত্ৰণমুক্ত কৰিছে আৰু তথ্য প্ৰযুক্তি আৰু বিপিঅ’ খণ্ডৰ সৈতে সম্পৰ্কিত পুৰণি টেলিকম নিয়মাৱলীত সংস্কাৰ আনিছে। তেওঁ লগতে কয়, ‘যোৱা বছৰটোত আমি ২৫ হাজাৰতকৈও অধিক পুৰণি নিয়মৰ পৰিৱৰ্তন কৰিছোঁ’।

অংশীদাৰ হিচাপে ভাৰতৰ ক্ৰমবৰ্ধিত আকৰ্ষণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে আন্তৰ্জাতিক যোগান-শৃংখলাত বিশ্বৰ নিৰ্ভৰযোগ্য অংশীদাৰ হ’বলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু বহুতো দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তিৰ পথ প্ৰস্তুত কৰি আছে। উদ্ভাৱন, প্ৰযুক্তি অভিযোজন আৰু উদ্যোগৰ মনোভাৱৰ ক্ষেত্ৰত ভাৰতৰ সামৰ্থ্যই ভাৰতক আন্তৰ্জাতিক ক্ষেত্ৰত এক আদৰ্শ অংশীদাৰ হিচাপে গঢ়ি তুলিছে। ‘এইকাৰণে, ভাৰতত বিনিয়োগ কৰাৰ এয়া সৰ্বশ্ৰেষ্ঠ সময়’, তেওঁ কয়। তেওঁ ভাৰতীয় যুৱপ্ৰজন্মই আজি উদ্যোগৰ নতুন শিখৰলৈ দেশক আগুৱাই নিয়াৰ কথা উল্লেখ কৰে। তেওঁ কয় ২০১৪ চনত মাত্ৰ ১০০ টা ষ্টাৰ্ট-আপৰ তুলনাত আজি ভাৰতত ৬০ হাজাৰতকৈও অধিক ষ্টাৰ্ট-আপ আছে। যাৰ ভিতৰত ৮০ টা ইউনিকৰ্ণ সংস্থা আছে আৰু ২০২১ চনতেই ৪০তকৈও অধিক ইউনিকৰ্ণ গঢ়ি উঠিছে।

ভাৰতৰ আত্মবিশ্বাসী দৃষ্টিভংগীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে ক’ৰোনা কালত যেতিয়া সমগ্ৰ বিশ্বই পৰিমাণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, তেতিয়া ভাৰতে সেইসমূহৰ সংস্কাৰসমূহ শক্তিশালী কৰি তুলিছিল। তেওঁ কয় যে ভাৰতে ভৌতিক আৰু ডিজিটেল আন্তঃগাঁথনিৰ ক্ষেত্ৰত বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। আজি ৬ লাখ গাঁৱত অপ্টিকেল ফাইবাৰৰ জৰিয়তে ডিজিটেল পৰিকাঠামো গঢ়ি তোলা হৈছে। সংযোগ সম্পৰ্কীয় আন্তঃগাঁথনিত ১.৩ ট্ৰিলিয়ন ডলাৰ বিনিয়োগ কৰা হৈছে।  ৮হাজাৰ কোটি সংগ্ৰহৰ লক্ষ্যেৰে সম্পদৰ মুদ্ৰাকৰণ তথা গতিশক্তি মাষ্টৰ প্লেনৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ জৰিয়তে সামগ্ৰী, যাত্ৰী আৰু সেৱা সংক্ৰান্তীয় বাধাহীন যোগাযোগ ব্যৱস্থা গঢ়ি তুলিবলৈ এখন মঞ্চ সৃষ্টি কৰা হৈছে যাৰ ফলত সংশ্লিষ্ট সকলোৱে সুফল লাভ কৰিব। শ্ৰী মোদীয়ে কয় যে আত্মনিৰ্ভৰশীল হৈ উঠাৰ বাবে ভাৰতে কেৱল বিভিন্ন পন্থা-পদ্ধতি সহজ কৰাত গুৰুত্ব দিয়াই নহয়, বিনিয়োগ আৰু উৎপাদনক উৎসাহিত কৰাৰ বাবেও নানাধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ১৪ টা খণ্ডত ২৬ বিলিয়ন ডলাৰ মূল্যৰ উৎপাদন ভিত্তিক উৎসাহ প্ৰকল্প আৰম্ভ কৰা হৈছে,তেওঁ কয়। তেওঁ কয় যে ভাৰতে পৰৱৰ্তী ২৫ বছৰৰ কথা বিবেচনা কৰি নীতি প্ৰস্তুত কৰিছে। এই সময়ছোৱাত দেশখনে সৰ্বোচ্চ বিকাশ নিশ্চিত কৰিবলৈ আৰু কল্যাণমূলক কামৰ সৰ্বোচ্চ সুফল মানুহৰ ওচৰলৈ নিয়াৰ লক্ষ্য লৈছে। এই সময়খিনিত উন্নয়ন হ’ব স্বচ্ছ, পৰিষ্কাৰ, বহনক্ষম আৰু লগতে নিৰ্ভৰযোগ্য।

প্ৰধানমন্ত্ৰীয়ে কয়, আজিৰ জীৱন শৈলী আৰু নীতিৰ কাৰণে পৰিস্থিতিতন্ত্ৰ ক্ষতিগ্ৰস্ত হৈছে। এই প্ৰসংগত তেওঁ জলবায়ু পৰিবৰ্তনৰ বাবে আমাৰ জীৱনশৈলীয়েই দায়ী বুলি উল্লেখ কৰে। ‘পেলাই দিয়ক’ সংস্কৃতি আৰু ভোগবাদী মনোভাবে জলবায়ু সমস্যা জটিল কৰি তুলিছে।আজিৰ ‘টেক-মেক-ইউজ-ডিচপোজ’ অৰ্থনীতিৰ পৰা গোলকীয় অৰ্থনীতিলৈ দ্ৰুতগতিত আগবাঢ়ি যোৱাটো অতি প্ৰয়োজনীয়’, তেওঁ কয়। কপ-২৬ সন্মিলনত তেওঁ কোৱা মিছন লাইফৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জীৱনক এক গণ আন্দোলনত পৰিণত কৰাটো পি-৩ অৰ্থাৎ ‘প্ৰ’প্লেনেট পিপল’ৰ বাবে এক শক্তিশালী ভেটি হ’ব পাৰে। জীৱন অৰ্থাৎ ‘পৰিৱেশৰ বাবে জীৱনশৈলী’ হৈছে স্থিতিশীল আৰু বহনক্ষম জীৱনশৈলীৰ এক নতুন দৃষ্টিভংগী যিয়ে জলবায়ু সংকট আৰু ভৱিষ্যতৰ অন্যান্য অপ্ৰত্যাশিত প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব। নিৰ্দ্ধাৰিত সময়ৰ পূৰ্বেই জলবায়ু সংক্ৰান্তীয় এই লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰত ভাৰতৰ লক্ষ্যণীয় সাফল্যৰ বিষয়েও শ্ৰী মোদীয়ে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ পৰিৱৰ্তিত পৰিস্থিতি অনুসৰি নতুন নতুন পন্থা-পদ্ধতি গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিশ্ব পৰিয়ালে পৰিৱৰ্তনশীল বিশ্ব ব্যৱস্থাত নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু প্ৰতিখন দেশ আৰু আন্তৰ্জাতিক সংস্থাক এইক্ষেত্ৰত সামূহিক আৰু সুসংগত পদক্ষেপ ল’বলৈ তেওঁ আহ্বান জনায়। তেওঁ উদাহৰণ হিচাপে যোগান শৃংখলা ব্যাহত হোৱা, মুদ্ৰাস্ফীতি আৰু জলবায়ু পৰিৱৰ্তনৰ কথা উল্লেখ কৰে। তেওঁ ক্ৰিপ্টোকাৰেন্সীৰ উদাহৰণো দিয়ে। এইক্ষেত্ৰত কোনো এখন দেশৰ বাবে অকলে এই সমস্যা সমাধান কৰাটো সম্ভৱপৰ নহয়। আজিৰ পৰিৱৰ্তিত পৰিস্থিতিত বহুপাক্ষিক সংগঠনসমূহে বিশ্ব ব্যৱস্থা আৰু নতুন প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ স্থিতিত আছেনে বুলি তেওঁ প্ৰশ্ন কৰে। এই সংস্থা গঢ় লোৱা সময়ৰ সৈতে আজিৰ পৰিস্থিতি সলনি হৈছে । তেওঁ সামৰণিত কয়, ‘প্ৰত্যেক গণতান্ত্ৰিক ৰাষ্ট্ৰই সেয়েহে এই সংস্থাসমূহৰ সংস্কাৰৰ বাবে উদ্যোগ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে যাতে বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ সৈতে তেওঁলোকে মোকাবিলা কৰিব পাৰে’।
 

***

DS/KG



(Release ID: 1792012) Visitor Counter : 172