কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
কেবিনেটে ভাৰতীয় নৱীকৰণযোগ্য শক্তি উন্নয়ন এজেন্সী লিমিটেড(আইআৰইডিএ)ত ১,৫০০কোটি টকা বিনিয়োগত অনুমোদন জনাইছে
এবছৰত ১০২০০ সংস্থাপন সৃষ্টি হোৱাৰ বিপৰীতে প্ৰায় ৭.৪৯ মিলিয়ন টন কাৰ্বন-ডাই-অক্সাইড কমকৈ নিঃসৃত হ’ব
प्रविष्टि तिथि:
19 JAN 2022 3:40PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আয়োজিত অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেন্দ্ৰীয় কেবিনেটে আজি ভাৰতীয় নৱীকৰণযোগ্য শক্তি উন্নয়ন এজেন্সী লিমিটেড(আইআৰইডিএ)ত ১,৫০০কোটি টকা বিনিয়োগত অনুমোদন জনাইছে।
এই বিনিয়োগৰ ফলত এবছৰত ১০২০০ সংস্থাপন সৃষ্টি হোৱাৰ বিপৰীতে প্ৰায় ৭.৪৯ মিলিয়ন টন কাৰ্বন-ডাই-অক্সাইড কমকৈ নিঃসৃত হ’ব।
ভাৰত চৰকাৰে আইআৰইডিএৰ বাবে অতিৰিক্ত ১ হাজাৰ ৫০০ কোটি টকা বিনিয়োগৰ ব্যবস্থা কৰাৰ ফলত নিম্নোক্ত বিষয়সমূহত সুবিধা হ’ব:
১) পুনর্নবীকৰণযোগ্য শক্তি খণ্ডত ১ হাজাৰ ২০০ কোটি টকা ঋণৰ বাবদ প্ৰদান কৰা হ’ব। ইয়াৰ ফলত অতিৰিক্ত ৩,৫০০-৪০০০ মেগাৱাট পুনর্নবীকৰণযোগ্য বিদ্যুৎ উৎপাদিত হ’ব।
২) বৰ্ধিত অর্থৰ ফলত পুনর্নবীকৰণযোগ্য শক্তি উৎপাদন কেন্দ্রৰ বাবে ধার্য কৰা লক্ষ্য অর্জন কৰা সম্ভব হ’ব।
৩) অতিৰিক্ত অর্থৰ ফলত ঋণ দিয়া আৰু ঋণ লোৱাৰ অনুপাতে মূলধন সংক্রান্ত আশংকা হ্ৰাস পাব।
এমএনআৰই-ৰ প্রশাসনিক নিয়ন্ত্রণত থকা আইআৰইডিএ এটা মিনিৰত্ন সংস্থা। ১৯৮৭ চনত পুনর্নবীকৰণযোগ্য শক্তি খণ্ডলৈ অর্থৰ যোগান ধৰিবলৈ নন-বেংকিং আর্থিক প্রতিষ্ঠানটি স্থাপন কৰা হয়। ৩৪ বছৰৰ অভিজ্ঞতাসম্পন্ন আইআৰইডিএ কাৰিকৰী আৰু বাণিজ্যিক ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি আছে।
*****
DS/MS
(रिलीज़ आईडी: 1791819)
आगंतुक पटल : 281
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam