প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ৭৫ লাখ সূৰ্য নমস্কাৰ চেলেঞ্জক ভূয়সী প্ৰশংসা কৰে

পোষ্ট কৰা হৈছে: 14 JAN 2022 10:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সুস্থ হৈ থকাৰ প্ৰয়োজনীয়তাৰ কথা গুৰুত্বসহকাৰে উল্লেখ কৰি ৭৫ লাখ সূৰ্য নমস্কাৰ চেলেঞ্জক ভূয়সী প্ৰশংসা কৰে।

ভাৰতৰ আগশাৰীৰ এথলীটসকলক লৈ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে আয়োজন কৰা ৭৫ লাখ সূৰ্য নমস্কাৰ চেলেঞ্জ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ ‘চলিত গোলকীয় মহামাৰীয়ে পুনৰ এবাৰ আমাক এই কথা সোঁৱৰাই দিছে যে নিজকে সুস্থ কৰি ৰখা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো অত্যন্ত প্ৰয়োজন। একে সময়তে, মই সকলোকে ক’ভিড-১৯ সম্পৰ্কীয় প্ৰট’কল মানি চলিবলৈ আৰু ভেকচিন গ্ৰহণ কৰিবলৈ পুনৰ এবাৰ আহ্বান জনাইছো।’

 

***

DS\SKS/MS


(ৰিলিজ আই ডি : 1790911) অতিথি কক্ষ : 167