প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

টিকাকৰণ অভিযানৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে টিকাকৰণ অভিযানৰ সৈতে জড়িত লোকসকলক ছেল্যুট জনালে প্ৰধানমন্ত্ৰীয়ে


টিকাকৰণ অভিযানত চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীসকলৰ ভূমিকাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

Posted On: 16 JAN 2022 12:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টিকাকৰণ অভিযানৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে টিকাকৰণ অভিযানৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিক ছেল্যুট জনায়৷ প্ৰধানমন্ত্ৰীয়ে টিকাকৰণ অভিযানত চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীসকলৰ ভূমিকাৰো ভুয়সী প্ৰশংসা কৰে৷ তেওঁ লগতে কয় যে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত ভাৰতৰ টিকাকৰণ কাৰ্যসূচীয়ে বৃহৎ শক্তি যোগালে৷

মাই গভ ইণ্ডিয়াৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী এলানি টুইট কৰি কয়,

“আজি আমি টিকাকৰণ অভিযানৰ এবছৰ সম্পূৰ্ণ কৰিলো #1YearOfVaccineDrive৷

এই টিকাকৰণ অভিযানৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিক মই ছেল্যুট জনাইছো৷

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত আমাৰ টিকাকৰণ কাৰ্যসূচীয়ে বৃহৎ শক্তি যোগালে৷ ই আমাৰ জীৱন আৰু জীৱিকাৰ সুৰক্ষা দিয়া গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷

একে সময়তে আমাৰ চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীসকলে ব্যতিক্ৰমী ভূমিকা পালন কৰিছে৷ যেতিয়া দুৰ্গম এলেকাত জনসাধাৰণক টিকাকৰণ কৰাৰ দৃশ্য দেখো বা আমাৰ স্বাস্থ্যকৰ্মীসকলে সেই স্থানলৈ ভেকচিন লৈ যায়, তেতিয়া আমাৰ অন্তৰ আৰু মন গৌৰৱেৰে ভৰি পৰে৷

মহামাৰীৰ বিৰুদ্ধে যুঁজত ভাৰতৰ দৃষ্টিভংগী সদায়েই বিজ্ঞানসন্মত৷ আমি আমাৰ নাগৰিকসকলক উপযুক্ত সুবিধা প্ৰদান কৰাটো সুনিশ্চিত কৰিবলৈ স্বাস্থ্য আন্তঃগাঁথনিৰ ব্যৱস্থা কৰিছো৷

আহক, আমি সকলোৱে ক’ভিড-১৯ সম্পৰ্কীয় সকলো বিধি মানি চলো আৰু মহামাৰীক প্ৰতিহত কৰো৷”

 

***

DS/SH/DB



(Release ID: 1790443) Visitor Counter : 173