প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১৫ জানুৱাৰীত ষ্টাৰ্টআপ উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে


ষ্টাৰ্টআপ উদ্যোগীসকলে প্ৰধানমন্ত্ৰীৰ সন্মুখত ৬টা বিষয় উপস্থাপন কৰিব

দেশত ষ্টাৰ্টআপৰ পৰিৱেশত উদ্গনি যোগোৱাৰ বাবে প্ৰধানমন্ত্ৰীৰ নিৰন্তৰ প্ৰচাৰৰ গুৰুত্বপূৰ্ণ অংশ হৈছে উদ্যোগীসকলৰে মত বিনিময়

Posted On: 14 JAN 2022 3:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ জানুৱাৰী, ২০২২ৰ পুৱা ১০.৩০ বজাৰ পৰা ভিডিঅ’ কনফাৰেন্সিংযোগে ষ্টাৰ্টআপ উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰিব৷

কৃষি, স্বাস্থ্য, উদ্যোগী ব্যৱস্থা, উদ্যোগ ৪.০, সুৰক্ষা, ফিনটেক, পৰিৱেশ আদিকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ষ্টাৰ্টআপ উদ্যোগীয়ে এই মত বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব৷ তৃণমূল পৰ্যায়ৰ পৰা বিকাশ সাধন কৰা; নাজিং দ্য ডিএনএ; স্থায়ীন সামগ্ৰীৰ পৰা বিশ্বলৈ; ভৱিষ্যতৰ প্ৰযুক্তি; নিৰ্মাণ খণ্ডত চেম্পিয়ন গঢ়ি তোলা আৰু বহনক্ষম উন্নয়নকে ধৰি ১৫০টাতকৈ অধিক বিষয়ৰ ষ্টাৰ্টআপক ৬টা কৰ্মীগোটক বিভক্ত কৰি দিয়া হৈছে৷ প্ৰত্যেক গোটে মত বিনিময়ৰ সময়ত ধাৰ্য কৰি দিয়া নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ সন্মুখত এক উপস্থাপন আগবঢ়াব৷ এই মত বিনিময়ৰ লক্ষ্য হৈছে এই ষ্টাৰ্টআপসমূহে উদ্ভাৱনৰ জৰিয়তে যাতে ৰাষ্ট্ৰীয় প্ৰয়োজনীয়তা পুৰণ কৰিব পাৰে, সেই বিষয়ে বুজাই দিয়া৷

‘আজাদী কা অমৃত মহোৎসৱ’ উপলক্ষে ১০ৰ পৰা ১৬ জানুৱাৰী, ২০২২লৈ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ ডিপিআইআইটিয়ে ‘উদ্ভাৱনী পৰিস্থিতিতন্ত্ৰক উদযাপন’ শীৰ্ষক সপ্তাহজোৰা কাৰ্যসূচীৰ আয়োজন কৰে৷ এই কাৰ্যসূচী ষ্টাৰ্টআপ আঁচনি শুভাৰম্ভ কৰাৰ ষষ্ঠ বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা হৈছে৷ দেশৰ বিকাশৰত গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱাৰ দিশত ষ্টাৰ্টআপ উদ্যোগসমূহৰ ক্ষমতাৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদী দৃঢ় বিশ্বাস আছে৷ এয়া ২০১৬ চনত ষ্টাৰ্ট আপ ইণ্ডিয়াৰ দৰে গুৰুত্বপূৰ্ণ আঁচনিৰ শুভাৰম্ভণিৰ সময়ত পৰিলক্ষিত হৈছে৷ চৰকাৰে ষ্টাৰ্টআপ উদ্যোগসমূহৰ প্ৰগতি আৰু উন্নতিত উদ্গনি যোগোৱাৰ বাবে এক উপযুক্ত পৰিৱেশ গঢ় দিয়াৰ দিশত কাম কৰি আছে৷ দেশৰ ষ্টাৰ্টআপ পৰিৱেশৰ ওপৰত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে আৰু ইয়াৰ জৰিয়তে দেশৰ বিভিন্ন ক্ষেত্ৰৰ বিকাশ সাধন হৈছে৷

 

***

DS/SH/DB



(Release ID: 1790113) Visitor Counter : 122