প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ঝাৰখণ্ডৰ পাকুৰত সংঘটিত বাছ দুৰ্ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী


পীড়িতসকলক পিএমএনআৰএফৰ অধীনত এককালীন সাহাৰ্য অনুমোদন

प्रविष्टि तिथि: 05 JAN 2022 8:55PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ পাকুৰত সংঘটিত বাছ দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে৷ তেওঁ আহতসকলৰ আশু আৰোগ্য কামনা কৰে৷

পিএমঅ’ই সদৰি কৰা মতে পীড়িতসকলক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহাৰ্য পুঁজিৰ অধীনত মৃত লোকসকলৰ আত্মীয়ক ২লাখকৈ আৰু আহতসকলক ৫০,০০০কৈ এককালীন সাহাৰ্য প্ৰদানত অনুমোদন জনাইছে৷

এলানি টুইটযোগে পিএমঅ’ই কয়, “ঝাৰখণ্ডৰ পাকুৰত সংঘটিত বাছ দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছো৷ এই দুখৰ মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো৷ মই আহতসকলৰ আশু আৰোগ্য কামনা কৰিছোঃ প্ৰধানমন্ত্ৰী @narendramodi.”

“পীড়িতসকলক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহাৰ্য পুঁজিৰ অধীনত মৃত লোকসকলৰ আত্মীয়ক ২লাখকৈ আৰু আহতসকলক ৫০,০০০কৈ এককালীন সাহাৰ্য প্ৰদানত অনুমোদন জনাইছো৷”

 

***

DS/AK/DB


(रिलीज़ आईडी: 1788358) आगंतुक पटल : 161
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam