প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

হালদ্বানিত বিভিন্ন উন্নয়ণী প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

Posted On: 30 DEC 2021 6:31PM by PIB Guwahati

ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়! উত্তৰাখণ্ডৰ ৰাজ্যপাল গুৰমিত সিং জী, ইয়াৰ যুৱ আৰু কৰ্মঠ লোকপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামী জী, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰদেশ অধ্যক্ষ শ্ৰী মদন কৌশিক জী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অজয় ভট্ট জী, মোৰ বন্ধু ৰমেশ পোখ্ৰিয়াল নিশাংক জী, শ্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱত জী, তীৰথ সিং ৰাৱত জী, শ্ৰী বিজয় বহুগুণা জী, উত্তৰাখণ্ড চৰকাৰৰ মন্ত্ৰী শ্ৰী সত্পাল মহাৰাজ জী, শ্ৰী হৰক সিং ৰাৱত জী, শ্ৰী সুবোধ উনিয়াল জী, শ্ৰী বংশীধৰ ভগত জী, সংসদত আমাৰ সতীৰ্থ শ্ৰীমতী মালা ৰাজ্যলক্ষ্মী জী, শ্ৰী অজয় টমটা জী, উপস্থিত সাংসদ আৰু বিধায়কবৃন্দ আৰু কুমাউঁৰ মোৰ প্ৰিয় ভাই-ভনীসকল!

তাতযে ওপৰত আছে, আপোনালোক ভালকৈ আছেতো? সাৱধানে থাকিব! মোৰ কথা শুনিছেনে বাৰু? আপোনালোক ইমান বিশাল মাত্ৰাৰে উপস্থিত হৈছেহি, আপোনালোক আৰু আগবাঢ়ি নাহিব, মোৰ ভয়েই লাগিছে। কেউফালে থকা বিল্ডিংবোৰৰ ওপৰত...আপোনালোকৰ এই মৰম, আপোনালোকৰ আশীৰ্বাদ, ইয়াৰ বাবে আপোনালোক আটাইকে কৃতজ্ঞতা জ্ঞাপন কৰিছো। গোলজ্যুকি য়ো পৱিত্ৰ ধৰ্তী কুমাউঁ মে আপু সবে, ভাই বৈণিন কো ম্যাৰ নমস্কাৰ, ৱ সবে নানাতিনাকেঁ ম্যোৰ প্যাৰ ৱ আশীষ! জাগেশ্বৰ-বাগেশ্বৰ-সোমেশ্বৰ-ৰামেশ্বৰ এইসমূহ তীৰ্থস্থলীৰ এই শিৱস্থলীক মই শত শত প্ৰণাম জনাইছো। দেশৰ স্বাধীনতা সংগ্ৰামতো কুমাউঁয়ে বহুত ডাঙৰ যোগদান দিছিল। ইয়াত পণ্ডিত বদ্ৰীদত্ত পাণ্ডে জীৰ নেতৃত্বত চলা অভিযানৰ পৰিণতিত উত্তৰায়ণী মেলাৰ ‘কুলী বেগাৰ’ প্ৰথাৰ অন্ত পৰিছিল।

বন্ধুসকল,

আজি কুমাউঁলৈ অহাৰ সৌভাগ্য হৈছে, সেয়ে আপোনালোকৰে থকা মোৰ পুৰণি সম্পৰ্ক, আপোনালোকৰে থকা গাঢ় সম্পৰ্কৰ স্মৃতি সজীৱ হোৱাটো তেনেই স্বাভাৱিক। আৰু এয়া ইমানেই আত্মীয়তাৰে আপোনালোকে আজি উত্তৰাখণ্ডৰ টুপী পিন্ধাইছে, মোৰ বাবে ইয়াতকৈ ডাঙৰ গৰ্বৰ কথা কি হ’ব পাৰে! মই এয়া সৰু সন্মানৰ কথা বুলি নাভাবো। উত্তৰাখণ্ডৰ গৰ্বৰ সৈতে মোৰ ভাৱনাও সংযোজিত হৈ পৰিছে। আজি ইয়াত ১৭হাজাৰ কোটি টকাৰো অধিক বিনিয়োগৰে সম্পন্ন হোৱা অথবা হ’বলগীয়া বিকাশমূলক কাৰ্যৰ উদ্বোধন আৰু শিলান্যাস কৰা হৈছে। এইসমূহ প্ৰকল্পই কুমাউঁৰ সতীৰ্থ বন্ধুসকলক উন্নত মানৰ যোগাযোগ, উন্নত স্বাস্থ্য সুবিধা আগবঢ়াব। আৰু মই আপোনালোকক আজি আৰু এটা আনন্দৰ খবৰ দিব বিচাৰিছো। হলদ্বানীৰ আবাসীসকলৰ বাবে মই নতুন বছৰৰ এটা উপহাৰ লৈ আহিছো। হলদ্বানী চহৰৰ প্ৰায় সকলো আন্তঃগাঁথনিৰ উত্তৰণ তথা বিকাশৰ বাবে, আমি প্ৰায় দুই হাজাৰ কোটি টকাৰ যোজনা লৈ আহিছো। এতিয়া হালদ্বানীত বিশুদ্ধ খোৱা পানী, পয়-প্ৰণালী, বাট-পথ, পাৰ্কিং, ষ্ট্ৰীট লাইট, সকলো ঠাইতে সকলো ধৰণৰ অভুতপূৰ্ব সংস্কাৰ সাধন কৰা হৈছে।

বন্ধুসকল,

এইটো দশকক উত্তৰাখণ্ডৰ দশক কৰি তোলাৰ বাবে দ্ৰুতগতিৰে এনেয়েও উন্নয়ণমূলক অনেক কাৰ্য কৰাৰ আৱশ্যকতাত আমি গুৰুত্ব দি আহিছো। আৰু মই যেতিয়া কও যে উত্তৰাখণ্ডৰ দশক, তেতিয়া কিন্তু এনেই কোৱা নাই, ইয়াৰ বহুত কাৰণো আছে।  উত্তৰাখণ্ডৰ ৰাইজৰ সামৰ্থ্যই এইটো দশকক উত্তৰাখণ্ডৰ দশক হিচাপে গঢ়ি তুলিব, এইক্ষেত্ৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। মই ইয়াৰ মাটিৰ শক্তি কিমান ভালকৈয়ে জানো বন্ধুসকল। উত্তৰাখণ্ডত ক্ৰমাত্ বাঢ়ি অহা আধুনিক আন্তঃগাঁথনি, ‘চাৰ-ধাম মহা পৰিযোজনা’, নতুনকৈ নিৰ্মাণ হোৱা ৰে’লৰ সকলো ‘ৰুট’-য়ে এইটো দশকক উত্তৰাখণ্ডৰ দশক কৰি তুলিব। উত্তৰাখণ্ডত স্থাপিত হোৱা নতুন জলবিদ্যুত্ প্ৰকল্প, উত্তৰাখণ্ডৰ ক্ৰমবৰ্দ্ধমান ঔদ্যোগীক ক্ষমতাই এইটো দশকক উত্তৰাখণ্ডৰ দশক কৰি তুলিব। উত্তৰাখণ্ডত হৈ থকা পৰ্যটন খণ্ডৰ উন্নয়ণ, সমগ্ৰ পৃথিৱী জুৰি যোগৰ প্ৰতি বৃদ্ধি পোৱা আকৰ্ষণ আদিয়ে তেওঁলোকক উত্তৰাখণ্ডলৈ টানি লৈ আহিব। পৰ্যটকসকলৰ বাবে বৃদ্ধি পোৱা সা-সুবিধা- ‘হোম ষ্টে’ অভিযান’-য়ে এইটো দশকক উত্তৰাখণ্ডৰ দশক কৰি তুলিব। উত্তৰাখণ্ডত বাঢ়ি অহা প্ৰাকৃতিক কৃষি, ‘নেশ্যাৰেল ফাৰ্মিং’, ইয়াৰ বনৌষধিৰ উত্পাদন, কৃষি ক্ষেত্ৰতো এইটো দশক উত্তৰাখণ্ডৰে হ’বগৈ, উত্তৰাখণ্ডৰ দশকটো গৌৰৱপূৰ্ণ হ’বগৈ যেনেই লাগিছে। আজিৰ পৰিযোজনাসমূহো এইসমূহৰে বিজড়িত। মই উত্তৰাখণ্ডৰ ৰাইজক আজি হালদ্বানীৰ এইডোখৰ ভূমিৰ পৰা বহুত বহুত অভিনন্দন জনাইছো।

বন্ধুসকল,

আমিতো জানোৱেই, হিমালয়ৰ শক্তিকতো জানোৱেই। আমি এই কথাও জানো যে উত্তৰাখণ্ডৰ পৰা কিমানযে নদীৰ জন্ম হৈছে। স্বাধীনতাৰ পিচৰে পৰাই, ইয়াৰ ৰাইজে আৰু দুটি ধাৰা প্ৰত্যক্ষ কৰিছে। এটা ধাৰা হৈছে- পাহাৰক বঞ্চিত কৰা। আৰু দ্বিতীয়তে- পাহাৰাঞ্চলৰ উন্নয়ণৰ বাবে দিন-ৰাতি একাকাৰ কৰি দিয়া। প্ৰথমটো ধাৰাৰ ব্যক্তিসকলে আপোনালোকক সদায়ে বঞ্চিত কৰি ৰাখিবলৈকে বিচাৰি আহিছে। পাহাৰত বাট-পথ, বিজুলী আৰু পানীৰ যোগান নিশ্চিত কৰাৰ বাবে যি পৰিশ্ৰম কৰিবলগীয়া আছিল, ইয়াৰ পৰা তেওঁলোক সদায়ে আঁতৰি আঁতৰি ফুৰিছিল। ইয়াৰ বহু সংখ্যক গাঁৱৰ কিমানযে প্ৰজন্ম ভাল বাট-পথৰ অভাৱত, ভাল সা-সুবিধাৰ অভাৱত তেওঁলোকে আমাৰ মৰমৰ উত্তৰাখণ্ডক এৰি থৈ আন ক’ৰবাত গৈ বসতি কৰিবলৈ ল’লেগৈ। আজি মোৰ ভাল লাগিছে যে উত্তৰাখণ্ডৰ ৰাইজে, দেশৰ ৰাইজে এইসকল ব্যক্তিৰ স্বৰূপ চিনিব পাৰিছে। আজি আমাৰ চৰকাৰে, ‘সকলোৰে সৈতে-সকলোৰে বিকাশ’ৰ মন্ত্ৰ সাৰোগত কৰি দ্ৰুত গতিৰে দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ প্ৰয়াসত অহোপুৰুষাৰ্থ কৰি আছে। আজি উধম সিং নগৰ জিলাত ‘এইমছ ঋষিকেশৰ ছেটেলাইট কেন্দ্ৰ’ আৰু পিথৌৰগড়ত ‘জগজীৱন ৰাম চৰকাৰী চিকিত্সা মহাবিদ্যালয়’ৰ আধাৰশিলা স্থাপন কৰা হৈছে। এই দুখন হাস্পটালৰ জৰিয়তে কুমাউঁ আৰু তৰাই ক্ষেত্ৰৰ ৰাইজে বহুখিনি সকাহ লাভ কৰিব পাৰিব। ‘আলমোৰা চিকিত্সা মহাবিদ্যালয়’কো অনতি পলমে আৰম্ভ কৰাৰ বাবে অহৰ্নিশে প্ৰয়াস কৰি থকা হৈছে। উত্তৰাখণ্ডত যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বানসমূহকো আঁতৰোৱাৰ বাবে নিৰন্তৰ প্ৰয়াস কৰি আহিছো। আজি এই কাৰ্যক্ৰমতো প্ৰায় ৯হাজাৰ কোটি টকাৰ প্ৰকল্প  পথ নিৰ্মাণৰে সম্পৰ্কিত। ‘প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা’ৰ আধাৰত ১২০০ কিলোমিটাৰ গ্ৰাম্য পথ নিৰ্মাণৰ কামো আৰম্ভ কৰা হৈছে। এইসমূহপথৰ বাহিৰেও ১৫১খন দলংৰ নিৰ্মাণৰ কামো কৰি থকা হৈছে।

ভাই-ভনীসকল,

আপোনালোকক সুখ-সুবিধাৰ পৰা বঞ্চিত কৰি ৰখাৰ কথা চিন্তা কৰা লোকসকলৰ বাবেই ‘মান সৰোৱৰৰ প্ৰৱেশদ্বাৰ’ হিচাপে চিহ্নিত ‘মানস-খণ্ড’ ইমান দিনে বাট-পথৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হ’ল। আমি কেৱল টনকপুৰ পিথৌৰগড় ‘অল ৱে’ডাৰ’ পথৰ কামেই কৰা নাই, বৰঞ্চ লিপুলেখ পৰ্যন্ত পথ নিৰ্মাণ কৰিছো আৰু এইক্ষেত্ৰত আগলৈয়ো পথ নিৰ্মাণৰ কাম অব্যাহত আছে। অৱশ্যে, আজি যেতিয়া জনতা জনাৰ্দ্দনে এইসকল লোকৰ আচল স্বৰূপ চিনি পাইছে, সেয়ে এই সকল লোকে এখন নতুন দোকান খুলি লৈছে। এইখন দোকান হ’ল, অপপ্ৰচাৰ চলোৱাৰ। ভুৱা-বাতৰিৰ ‘মেনুফ্ৰেকশ্যাৰ’ কৰা আৰু এই ভুৱা বতৰাৰ অপপ্ৰচাৰক প্ৰবাহিত কৰা। আৰু সেই অপপ্ৰচাৰক সত্য বুলি গ্ৰহণ কৰি দিনে-ৰাতিয়ে চিঞৰিবলৈ ধৰা। মোক জনোৱা হৈছে যে ইয়াৰ টনকপুৰ-বাগেশ্বৰ ৰে’লপথছোৱাক লৈ এইখন উত্তৰাখণ্ডৰ বিৰোধীদলসমূহে নতুন ভ্ৰম বিয়পাই ৰাখিছে।

বন্ধুসকল,

টনকপুৰ-বাগেশ্বৰ ৰে’লপথছোৱাৰ ‘ফাইনেল লোকেশ্যন ছাৰ্ভে’, প্ৰকল্পটোৰ বাবে বহুত ডাঙৰ আধাৰ। আৰু সেয়ে এই সমীক্ষা চলাই থকা হৈছে যাতে এইছোৱা ৰে’লপথৰ কাম অচিৰেই আৰম্ভ কৰিব পৰা যায়। আৰু মই আপোনালোকক আজি বিশ্বাস দিয়াৰ বাবেই ইয়ালৈ আহিছো। আজিৰ তাৰিখত ‘ঋষিকেশ কৰ্ণপ্ৰয়াগ ৰে’ল ৰুট’-ৰ নিৰ্মাণ কাৰ্য চলি আছে, কাইলৈ টনকপুৰ-বাগেশ্বৰৰ মাজৰ পথছোৱাৰ কামো এনেকৈয়ে নিৰ্মিত হ’ব। মই উত্তৰাখণ্ডৰ ভাই-ভনীসকল, এই শিলান্যাস কেৱল শিলেই নহয়, এয়া মাত্ৰ এক শিলেই নহয়, এয়া  সেই সংকল্প শিলা যি ‘ডাবল ইঞ্জিন’ৰ চৰকাৰে সিদ্ধ কৰি দেখুৱাই।

বন্ধুসকল,

ইতিমধ্যে উত্তৰাখণ্ডই ৰাজ্য গঠনৰ ২০টা বছৰ সম্পূৰ্ণ কৰিছে। এইকেইটা বছৰত আপোনালোকে এনেকুৱা চৰকাৰ চলোৱা ব্যক্তিকো দেখিছে যিসকলে কৈছিল- ‘লাগিলে উত্তৰাখণ্ডক তোলাং কৰি দিয়া, বিনিময়ত মোৰ চৰকাৰক বচাই ৰাখা’। এইসকল লোকে দুয়োহাতেৰে উত্তৰাখণ্ডক লুটি-পুতি খালে। যিসকলৰ উত্তৰাখণ্ডৰ প্ৰতি মৰম আছে, তেওঁলোকে এই কথা ভাবিও নোৱাৰে। যিসকলৰ কুমাউঁৰ প্ৰতি মৰম আছে, তেওঁলোকে কুমাউঁক এৰি ক’লৈকো যাব নোৱাৰে। এয়াতো ‘দেৱভূমি’। ইয়াৰ ৰাইজক সেৱা কৰাটো, উত্তৰাখণ্ডক সেৱা কৰাটো, দেৱী-দেৱতাক সেৱা কৰাৰ দৰেই কথা। আৰু এই ভাৱনাৰেই আমাৰ চৰকাৰে কাম কৰি আহিছে। মই নিজেও প্ৰাণ পণ কৰি জড়িত হৈ আহিছো। আগৰ অসুবিধা আৰু অভাৱবোৰক এতিয়া সুবিধা আৰু সদ্ভাৱলৈ ৰূপান্তৰিত কৰা হৈছে। তেওঁলোকে আপোনালোকক মূল সুবিধাসমূহৰ অভাৱ দিলে, আমি প্ৰতিটো বৰ্গ, প্ৰতিটো ক্ষেত্ৰ পৰ্যন্ত এশ শতাংশ  বুনিয়াদী সা-সুবিধাসমূহ প্ৰদান কৰাৰ বাবে দিনে-ৰাতি একাকাৰ কৰি আছো।

ভাই-ভনীসকল,

অভাৱত ৰখাৰ ৰাজনীতিৰ সকলোতকৈ অধিক লোকচান যদি কোনোবাই ভূগিবলগীয়া হৈছে তেন্তে সেয়া আমাৰ মাতৃ, আমাৰ ভগ্নী, আমাৰ জীয়ৰীসকলে। ৰান্ধনীশালত ধোঁৱা, তেতিয়াও সমস্যা মাতৃ-ভগ্নীৰে। শৌচালয় নাই, তেতিয়াও আটাইতকৈ অসুবিধাৰ সন্মুখীন হয় ভনীজনী কিম্বা ছোৱালীজনীয়েই। ঘৰৰ চালখনৰ ফুঁটাকেইটাৰে সৰি পৰা বৰষুণৰ পানীখিনিয়েও সমস্যা বঢ়াই আমাৰ মাহঁতৰে। ল’ৰা-ছোৱালীৰ অসুখ, চিকিত্সাৰ বাবে ধনৰ অভাৱ, সুবিধা নথকাৰ দুখে হৃদয়ত আটাইতকৈ অধিক দুখ দিয়ে মাকে। পানীৰ বাবে সকলোতকৈ অধিক পৰিশ্ৰম আৰু সময় ব্যয় কৰিবলগীয়া হয়- আমাৰ মা-ভনীহঁতে। বিগত ৭টা বছৰত মাতৃশক্তিৰ এইসমূহ সমস্যাক দূৰ কৰাৰ বাবে আমি প্ৰয়াস কৰি আহিছো। ‘জল জীৱন মিছন’- ‘হৰ ঘৰ জল, হৰ ঘৰ নল চে জল’-ও এনে এক প্ৰয়াস। ২টা বছৰত এই মিছনৰ আধাৰত দেশৰ ৫ কোটিৰো অধিক পৰিয়ালৰ ঘৰলৈ নলৰে পানীৰ যোগান নিশ্চিত কৰা হৈছে। আজিও যি ৭০টাৰো অধিক পৰিযোজনাৰ শিলান্যাস কৰা হৈছে, তাৰ দ্বাৰা ১৩খন জিলাৰ ভগ্নীসকলৰ জীৱন সহজ হৈ উঠিব। এয়াই নহয়, হালদ্বানী আৰু জগজিতপুৰৰ ওচৰ-পাজৰৰ এলেকাসমূহলৈও পৰ্যাপ্ত পানীৰ ব্যৱস্থা এতিয়া সুনিশ্চিত কৰা হ’ব।

বন্ধুসকল,

আমি যেতিয়া কোনো ঐতিহাসিক স্থানলৈ যাও, তেতিয়া সেইবোৰ স্থাননো কেতিয়া নিৰ্মাণ কৰা হৈছিল, তাৰ মঠ-মন্দিৰ কিম্বা ভৱন-সৌধবোৰনো কিমান পুৰণি সেইবোৰ কথা আমাক জনোৱাৰ ব্যৱস্থা কৰা হয়। পিচে, বহু দশক ধৰি দেশত এনে অৱস্থাই বিৰাজ কৰিছিল যে বৃহত্ যোজনাৰ প্ৰসংগ আহিলেই আমাৰ ইয়াত কি কোৱা হয়, আমাৰ ইয়াত কোৱা হয়- এই যোজনা ইমান বছৰ ধৰি স্থবিৰ আছে, এইটো প্ৰকল্প ইমান দশক ধৰি আধা ডুখৰীয়া হৈ পৰি আছে। আগতে যিসকল চৰকাৰত আছিল, এয়া তেওঁলোকৰ স্থায়ী ‘ট্ৰেডমাৰ্ক’ আছিল। আজি ইয়াত, উত্তৰাখণ্ডত যিটো ‘লখৱাড় প্ৰকল্প’ৰ কাম আৰম্ভ হৈছে, তাৰো সেই ইতিহাসেই আছিল। বন্ধুসকল ভাৱকচোন, উত্তৰাখণ্ডত আজি যিসকল লোক ইয়াত উপস্থিত আছে তেওঁলোকৰ চাগৈ চাৰিটাকৈ দশক মাজতে পাৰ হৈ গ’ল। এই কথাই চাগৈ শুনি আহিছিল, আপোনালোকে চাগৈ এই কথা জানিও এতিয়ালৈ মানে পাহৰিয়েই পেলাইছিল আচলতে কথাবোৰনো কি আছিল? এই পৰিযোজনাৰ বিষয়ে প্ৰথমতে ১৯৭৬ত চিন্তা কৰা হৈছিল। এই কথাৰ এতিয়া প্ৰায় ৫০ বছৰেই হ’বগৈ। আজি ৪৬বছৰৰ পিচত, আমাৰ চৰকাৰে এই কামৰ বাবে শিলান্যাস কৰিছে। মই অলপ উত্তৰাখণ্ডৰ ভাই-ভনীসকলক সুধিব খুজিছো, যিটো কামৰ কথা ১৯৭৬ চনতে চিন্তা কৰা হৈছিল, তাৰ বাবে ৪৬ বছৰ লাগি গ’ল, এয়া দৰাচলতে পাপ হয় নে নহয়? এয়াতো লাগিব নালাগিছিল। এয়া পাপ হয়নে নহয়, এয়া পাপ হয়নে নহয়, এনে পাপ কৰোতাসকলে শাস্তি পাব লাগেনে নালাগে? এনেকৈ দেৰি কৰাৰ বাবে আপোনালোকৰ লোকচান হ’লনে নহ’ল? উত্তৰাখণ্ডৰ লোকচান হ’ল নে নহ’ল? এনে পাপ কৰোতাসকলক বাৰু পাহৰি যোৱা উচিতনে? নে তেওঁলোকৰ ডাঙৰ ডাঙৰ কথা শুনি আকৌ ভ্ৰমিত হ’ব লাগিব? আগৰ কথাখিনি পাহৰি যাব নেকি? কোনো দেশেই এই কথা ভাবিবই নোৱাৰে, প্ৰায় পাঁচদশক ধৰি কোনো এটা যোজনা ফাইলতে ইফাল-সিফাল হৈ পৰি থাকিব! প্ৰতিটো নিৰ্বাচনতে প্ৰতিশ্ৰুতি দিয়া হ’ব। ভাই-ভনীসকল, মোৰ সাতবছৰৰ ‘ৰেকৰ্ড’ চাই লওকচোন, বিচাৰি বিচাৰি এনে ধৰণৰ পুৰণি কামবোৰ ঠিক কৰাতে সময় খৰছ কৰিবলগীয়া হৈছে। এতিয়া মই কামক ঠিক কৰি আছো, আপোনালোকে তেওঁলোকক ঠিক কৰক। যিসকল লোক আগতে চৰকাৰত আছিল, যদি তেওঁলোকে আপোনালোকৰ কথা ভাবিলেহেতেন, তেন্তে কি এই পৰিযোজনা ৪টা দশক ধৰি পৰি থাকিবলগীয়া হ’লহেতেন? যদি তেওঁলোকে আপোনালোকক ভালেই পালেহেতেন তেন্তে এই কামৰ এই দুৰ্দশা হ’লহেতেননে? দৰাচলতে সত্যটো হ’ল যে যিসকল আগৰ চৰকাৰত আছিল, তেওঁলোকে উত্তৰাখণ্ডৰ সামৰ্থ্যক কেতিয়াও পৰোৱাই কৰা নছিল। ইয়াৰ ফল এয়াই হৈছিল যে না আমি পৰ্যাপ্ত বিজুলী লাভ কৰিছিলো, না কৃষকে জলসিঞ্চনৰ সুবিধা লাভ কৰিছিল আৰু দেশৰ অধিকতৰ গ্ৰাম্য অঞ্চলৰ আবাসীকয়ে এটোপা বিশুদ্ধ পানীৰ অভাৱ লৈয়ে দিন অতিবাহিত কৰিবলগীয়া হৈছিল।

বন্ধুসকল,

বিগত সাতটা বছৰত ভাৰতে নিজৰ পৰ্যাবৰণৰ ৰক্ষাও কৰিছে আৰু নিজৰ প্ৰকৃতিক সামৰ্থ্যৰ উচিত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো নিজকে নিয়োজিতও কৰি আহিছে। আজি যিকেইটা প্ৰকল্প আৰম্ভ কৰা হৈছে, সেইকেইটাই উত্তৰাখণ্ডক ‘বিদ্যুত্ শক্তি ৰাহি কৰিব পৰা ৰাজ্য’ হিচাপে পৰিচিতি প্ৰদান কৰিব, ইয়াৰ খেতিয়সকলক জলসিঞ্চনৰ পৰ্যাপ্ত সুবিধাও প্ৰদান কৰিব। এই বিজুলী আমাৰ উদ্যোগসমূহে লাভ কৰিব, এই বিজুলী আমাৰ স্কুল-কলেজসমূহে লাভ কৰিব, এই বিজুলী আমাৰ হাস্পটালসমূহে পাব, এই বিজুলী আমাৰ পৰিয়ালসমূহে ব্যৱহাৰ কৰিব পাৰিব।

বন্ধুসকল,

উত্তৰাখণ্ডত গংগা-যমুনাৰ স্বাস্থ্যই ইয়াৰ আবাসীকলৰ লগতে, দেশৰ বৃহত্ সংখ্যক জনসংখ্যাৰ সুস্থতা আৰু সমৃদ্ধিকো প্ৰভাৱিত কৰে। সেয়ে, গংগোত্ৰীৰ পৰা গংগাসাগৰ পৰ্যন্ত এটা মিছনৰে সংযোজিত কৰা হৈছে। শৈচালয়ৰ নিৰ্মাণৰ পৰা, উন্নত পয়-প্ৰণালী, পানীৰ পৰিষ্কৰণৰ আধুনিক সা-সুবিধাসমূহৰে গংগাজীত পৰিবলগা লেতেৰা নলাৰ সংখ্যা দ্ৰুতগতিৰে হ্ৰাস কৰাৰ দিহা কৰা হৈছে। আজিও ইয়াত ‘নমামী গংগে যোজনা’ৰ অধীনত উধম সিং নগৰ, ৰামনগৰ, নৈনিতাল, ‘আৱৰ্জনা নিষ্কাষণ আৰু আৱৰ্জন সংশোধন প্ৰকল্পটৰ দ্বাৰ উদ্ঘাটন আৰু শিলান্যাস কৰা হৈছে। নৈনিতালৰ যি মনোমোহা হ্ৰদৰ খবৰ আগতে কোনেও লোৱাই নাছিল, এতিয়া তাৰ সৰক্ষণৰ বাবেও কাম কৰা হ’ব।

বন্ধুসকল,

পৃথিৱীৰ যিকোনো স্থানতে পৰ্যটকৰ সংখ্যা সেই পৰ্যন্ত বাঢ়িব নোৱাৰে, যেতিয়ালৈকে তাত পৰ্যটকসকলৰ বাবে ব্যপক সা-সুবিধাৰ ব্যৱস্থা গঢ়ি তোলা নহয়। আগতে যি চৰকাৰ আছিল, তেওঁলোকে এই দিশতো একো চিন্তাই কৰা নাছিল। আজি উত্তৰাখণ্ডত যিবোৰ নতুন পথ নিৰ্মাণ কৰা হৈছে, যিবোৰ পথ বহলোৱাৰ কাম কৰি থকা হৈছে, নতুনকৈ ‘ৰে’ল-ৰুট’ নিৰ্মাণৰ কাম কৰি থকা হৈছে, সেইবোৰে নিজৰ লগতে নতুন নতুন পৰ্যটককো লৈ আহিব। আজিৰ তাৰিখত উত্তৰাখণ্ডৰ মুখ্য স্থানসমূহত যিবোৰ ‘ৰোপৱে’ নিৰ্মাণৰ কাম চলি আছে, সেইবোৰে নিজৰ লগতে নতুন নতুন পৰ্যটক লৈ আহিব। আজি উত্তৰাখণ্ডত যি ‘মোবাইল কানেক্টিভিটী’ বাঢ়িবলৈ ধৰিছে, ঠায়ে ঠায়ে নতুন ‘টাৱাৰ’ স্থাপন কৰা হৈছে, সেইবোৰে নিজৰ লগতে পৰ্যটককো লৈ আহিব। আজি উত্তৰাখণ্ডত যি চিকিত্সা সা-সুবিধা বিকশিত হ’বলৈ ধৰিছে, সেইবোৰে ইয়ালৈ আহিব খোজা পৰ্যটকসকলৰ মনত ভৰসা বঢ়াব। আৰু এই সকলৰো বাবে সকলোতকৈ অধিক লাভ কাৰ হ’ব? এইবোৰৰ সকলোতকৈ অধিক লাভ উত্তৰাখণ্ডৰ যুৱ-প্ৰজন্মৰ হ’ব, আমাৰ পাহাৰৰ নজোৱানসকলৰ হ’ব। উত্তৰাখণ্ডৰ ৰাইজ সাক্ষী আছে যে কেদাৰনাথজীৰ দৰ্শনৰ বাবে সা-সুবিধা বঢ়াৰ লগে লগে তালৈ যোৱা শ্ৰদ্ধালুৰ সংখ্যাও বাঢ়িবলৈ ধৰিছে। ইতিমধ্যে সকলো অভিলেখেই ভংগ কৰিছে। এইদৰেই আজি দেশে প্ৰত্যক্ষ কৰি যে কাশী বিশ্বনাথ ধাম নিৰ্মাণৰ পিচত, তালৈয়ো শ্ৰদ্ধালুৰ সংখ্যা দিনে দিনে বাঢ়িবলৈ ধৰিছে। কুমাউঁতো জাগেশ্বৰ ধাম, বাগেশ্বৰ ধাৰ দৰে পবিত্ৰ স্থান আছে। এইসমূহৰ বিকাশে এইটো অঞ্চলৰ বিকাশৰ নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব। কেন্দ্ৰীয় চৰকাৰে নৈনিতালৰ দেৱস্থলৰ ওপৰত ভাৰতৰ সকলোতকৈ ডাঙৰ ‘অপ্টিকেল টেলিস্কোপো’ স্থাপিত কৰিছে। ইয়াৰ পৰা দেশ-বিদেশৰ বৈজ্ঞানিকসকলে নতুন সুবিধা লাভতো কৰিছেই, ইয়াৰ ফলত এইটো ক্ষেত্ৰই নতুন পৰিচিতিও লাভ কৰিছে।

বন্ধুসকল,

আজিৰ তাৰিখত পৰিকল্পনাসমূহৰ বাবে যিমান ধন ‘ডাবল ইঞ্জিন’ চৰকাৰে ব্যয় কৰি আছে, সিমান ধন আগতে কেতিয়াও কৰা হোৱা নাছিল। যেতিয়া এইবোৰ পথৰ নিৰ্মাণ কৰা হৈছিল, নতুন আন্তঃগাঁথনিৰ নিৰ্মাণ হৈছিল, প্ৰধানমন্ত্ৰী আবাস-ৰ ঘৰ নিৰ্মাণ কৰা হৈছিল, নতুন ‘ৰে’ল-ৰুট’ স্থাপন কৰা হৈছিল, সেইসমূহত স্থানীয় উদ্যোগৰ বাবে আমাৰ উত্তৰাখণ্ডৰ উদ্যোগীৰ বাবে নতুন সম্ভৱনাৰো সৃষ্টি হৈছিল। উত্তৰাখণ্ডৰ কোনোবা বেপাৰীয়েই এইসমূহৰ বাবে চিমেণ্টৰ যোগান ধৰিছিল। উত্তৰাখণ্ডৰে কোনোবা ব্যৱসায়ীয়েই ইয়াৰ বাবে লোহা-শিলগুটিৰ যোগান ধৰিছিল।  উত্তৰাখণ্ডৰে কোনোবা ইঞ্জিনীয়াৰেই ইয়াৰ আৰ্হি প্ৰস্তুত কৰাৰ কামত নিয়োজিত হৈছিল। বিকাশৰ এই যোজনাসমূহে আজি ইয়াত কৰ্ম সংস্থাপনৰ অনেক সুযোগৰ সৃষ্টি কৰিছে। উত্তৰখণ্ডৰ যিসকল যুৱক-যুৱতীয়ে নিজৰ সামৰ্থ্যৰে, নিজৰ জীৱিকা উলিয়াব বিচাৰিছে, সেইসকলৰ সৈতেও ‘ডাবল ইঞ্জিন’ৰ চৰকাৰে সম্পূৰ্ণ শক্তিৰে থিয় দিছেহি। ‘মুদ্ৰা যোজনাৰ আধাৰত যুৱক-যুৱতীসকলক ‘বেংক গেৰাণ্টী’ নোহোৱাকৈ, সুলভ ঋণৰ সুবিধা প্ৰদান কৰা হৈছে।। যিসকল নজোৱানে খেতি-বাতিৰে জড়িত হ’ব বিচাৰিছে, তেওঁলোকক ‘কিষাণ ঋণ পত্ৰ’ৰ দ্বাৰা সহায় আগবঢ়োৱাৰ দিহা কৰা হৈছে। ইয়াৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক ‘স্বনিধি যোজনা’ৰ মাধ্যমৰে সহায়ৰ হাত আগবঢ়োৱা হৈছে। উত্তৰাখণ্ডৰ দুখীয়া ৰাইজৰ বাবে, মধ্যবিত্তসকলৰ যুৱক-যুৱতীৰ বাবে, আমাৰ চৰকাৰে বেংকৰ দুৱাৰ মুকলি কৰি দিছে। তেওঁলোকে নিজৰ সপোনবোৰ যাতে পূৰ্ণ কৰিব পাৰে, তেওঁলোকৰ পথত কোনো বাধাই যাতে আহিব নোৱাৰে তাৰ বাবে আমি প্ৰাণ-পণে কাম কৰি আছো। উত্তৰাখণ্ডত ‘আয়ুষ’ আৰু ‘সুগন্ধী’ উত্পাদনৰে জড়িত উদ্যোগৰ বাবেও অনেক সম্ভাৱনা আছে। দেশ আৰু পৃথিৱীত ইয়াৰ বাবে এক ডাঙৰ বজাৰ আছে। কাশীপুৰাৰ ‘এৰোমা পাৰ্কে’ উত্তৰখণ্ডৰ এই শক্তিকো উত্সাহিত কৰিব, কৃষকসকলকো সম্বল দিব, হাজাৰ হাজাৰ যুৱক-যুৱতীক জীৱিকাৰ সন্ধান দিছে। এইদৰেই ‘প্লাষ্টিক ঔদ্যোগিক উদ্যান’য়েও জীৱিকাৰ অনেক সুযোগৰ সৃষ্টি কৰিব।

ভাই-ভনীসকল,

আজি দিল্লী-দেৰাডুনত ‘শাসক ভাৱৰে নহয়, সেৱাৰ ভাৱৰে চলা’ চৰকাৰ আছে, আগৰ চৰকাৰসমূহে সীমাবৰ্তি ৰাজ্য হোৱাৰ পিচতো কেনেকৈ এই ক্ষেত্ৰৰ প্ৰতি বিশেষ মনোযোগ নিদিয়াকৈ আছিল, এয়া ৰাষ্ট্ৰৰক্ষাৰ বাবে সমৰ্পিত কৰা কুমাউঁৰ বীৰ মাতৃসকলৰ ভুল হ’বই নোৱাৰে। ‘কানেক্টিভিটী’ৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশসমূহৰ প্ৰতিও বিশেষ মনকাণ দিয়া নাছিল। আমাৰ সেনা আৰু আমাৰ সৈনিকসকলক কেৱল আৰু কেৱল অপেক্ষাকে কৰালে। ‘ওৱান ৰেংক ওৱান পেন্সন’ৰ বাবে অপেক্ষা, আধুনিক অস্ত্ৰ-শস্ত্ৰৰ বাবে অপেক্ষা, ‘বুলেট প্ৰুফ জেকেট’ৰ দৰে জৰুৰী সুৰক্ষা কৱচৰ বাবে অপেক্ষা, সন্ত্ৰাসবাদীক প্ৰচণ্ড প্ৰত্যুত্তৰ দিয়াৰ ক্ষেত্ৰত অপেক্ষা। কিন্তু এইসকল লোকে সেনা আৰু আমাৰ বীৰ সৈনিকক অপমান কৰাৰ ক্ষেত্ৰত সদায়ে আগ ভৰি দি আহিছে, তত্পৰতা প্ৰদৰ্শন কৰি আহিছে। সেনাৰ ‘কুমাউঁ ৰেজিমেণ্ট’ উপহাৰ দিয়া উত্তৰাখণ্ডৰ বীৰ লোকসকলে এই কথা কেতিয়াও পাহৰিব নোৱাৰে।

বন্ধুসকল,

উত্তৰাখণ্ডই দ্ৰুত বিকাশৰ গতিক আৰু অধিক ত্বৰান্বিত কৰিব বিচাৰে। আপোনালোকৰ সপোনবোৰ, এয়া আমাৰ সংকল্প, আপোনালোকৰ ইচ্ছা, আমাৰ প্ৰেৰণা, আৰু আপোনালোকৰ সকলো আৱশ্যকতা সম্পূৰ্ণ কৰাটো আমাৰ দায়িত্ব। ‘ডাবল ইঞ্জিন’ৰ চৰকাৰৰ ওপৰত আপোনালোকৰ এই আশীৰ্বাদেই এইটো দশকক উত্তৰাখণ্ডৰ দশক কৰি তুলিব। আকৌ এবাৰ বিকাশ পৰিযোজনাসমূহৰ বাবে আপোনালোক সকলোকে, সম্পূৰ্ণ উত্তৰাখণ্ডকে মই বহুত বহুত অভিনন্দন জনাইছো। আপোনালোকক আন্তৰিক অভিনন্দন জনাইছো। পোঁৰু বটী সাল ২০২২ উনৰে ছু, আপু সব উত্তৰাখণ্ডীন কে, নই সালৈকি বধে, তথা দগাড় মেঁ উণী ধুধুতি ত্যাৰেকি লে বধে!! 

ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়! বহুত বহুত ধন্যবাদ!

 

***

 

DS/VJ/AK/SJ/KB



(Release ID: 1787085) Visitor Counter : 173