প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰধানমন্ত্ৰীৰ


১৫-১৮বছৰ বয়সৰ তৰুণ-তৰুণীয়ে লাভ কৰিব ভেকচিন, যাৰদ্বাৰা শিক্ষাগ্ৰহণত সুবিধা হ’ব

আগশাৰীৰ কৰ্মী, স্বাস্থ্যকৰ্মী আৰু ৰোগাক্ৰান্ত জ্যেষ্ঠ নাগৰিকৰ বাবে সাৱধানতামুলক ড’জ ঘোষণা প্ৰধানমন্ত্ৰীৰ

এই সিদ্ধান্তই স্বাস্থ্যকৰ্মী আৰু আগশাৰীৰ কৰ্মীৰ বিশ্বাস সুদৃঢ় কৰিব

অমিক্ৰমক লৈ জনসাধাৰণে চিন্তা কৰাৰ প্ৰয়োজন নাইঃ প্ৰধানমন্ত্ৰী

এই পদক্ষেপে স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনিমূলক ব্যৱস্থাকে প্ৰতিফলিত কৰিছে

“যিদৰে ভাইৰাছৰ ৰূপ সলনি হয়, প্ৰত্যাহ্বান মোকাবিলা কৰাৰ ক্ষমতা আৰু আত্মবিশ্বাসো আমাৰ উদ্ভাৱনী চিন্তাৰে বহু পৰিমাণে বৃদ্ধি কৰিছে”

Posted On: 25 DEC 2021 10:53PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশবাসীক উদ্দেশ্যি ভাষণ আগবঢ়ায়৷ এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে ২০২২ চনৰ ৩ জানুৱাৰীৰ পৰা ১৫-১৮ বছৰ বয়সৰ তৰুণ-তৰুণীৰ টিকাকৰণ আৰম্ভ হ’ব৷ এই পদক্ষেপে বিদ্যালয়সমূহৰ শৈক্ষিক দিশ স্বাভাৱিক কৰাৰ লগৰে বিদ্যালয়লৈ যোৱা শিক্ষাৰ্থীসকলক লৈ পিতৃ-মাতৃৰ চিন্তা লাঘৱ হ’ব৷ তেওঁ লগতে ঘোষণা কৰে যে ২০২২ৰ ১০ জানুৱাৰী, সোমবাৰৰ পৰা স্বাস্থ্যকৰ্মী আৰু আগশাৰীৰ কৰ্মীসকলক সাৱধানতামূলক ড’জ প্ৰদান কৰা হ’ব৷ আগশাৰীৰ কৰ্মী আৰু স্বাস্থ্যকৰ্মীসকলে ক’ভিড ৰোগীৰ চোৱা-চিতা কৰাত ব্যস্ত হৈ থাকে৷ ভাৰতত ইয়াক বুষ্টাৰ ড’জ বুলি নকৈ ‘সাৱধানতামূলক ড’জ’ বুলি কোৱা হৈছে৷ এই সিদ্ধান্তই স্বাস্থ্যকৰ্মী আৰু আগশাৰীৰ কৰ্মীৰ বিশ্বাস সুদৃঢ় কৰিব৷ প্ৰধানমন্ত্ৰীয়ে লগতে ঘোষণা কৰে যে এই সাৱধানতামূলক ড’জ চিকিৎসকৰ পৰামৰ্শক্ৰমে ৬০ বছৰ ঊৰ্ধ্বৰ ৰোগাক্ৰান্ত ব্যক্তিসকলৰ বাবে ১০ জানুৱাৰী, ২০২২ৰ পৰা উপলব্ধ হ’ব৷ ভাৰতত অমিক্ৰণৰ সংক্ৰমণৰ সন্দৰ্ভত উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক ভয় নাখাবলৈ কোৱাৰ লগতে মাস্ক আৰু সঘনাই হাত ধোৱাৰ দৰে সাৱধানতা অৱলম্বন কৰিবলৈ কয়৷ প্ৰধানমন্ত্ৰীয়ে মহামাৰীৰ বিৰুদ্ধে যুঁজৰ ক্ষেত্ৰত বৈশ্বিক অভিজ্ঞতাই এইটো শিকাই যে ক’ৰোনাৰ বিৰু্দ্ধে যুঁজত আটাইতকৈ ডাঙৰ অস্ত্ৰ হৈছে সংশ্লিষ্ট নিৰ্দেশনা মানি চলা৷ দ্বিতীয় অস্ত্ৰ টিকাকৰণ বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে৷

 

প্ৰধানমন্ত্ৰীয়ে লগতে জনাই যে চলিত বৰ্ষৰ ১৬ জানুৱাৰীত আৰম্ভ হোৱা টিকাকৰণে ১৪১ কোটিৰ সীমা অতিক্ৰম কৰিছে৷ এই সফলতাৰ বাবে তেওঁ দেশৰ নাগৰিক, বিজ্ঞানী আৰু স্বাস্থ্যকৰ্মী আৰু চিকিৎসকলক কৃতিত্ব দিয়ে৷ তেওঁ কয় যে ভেকচিনৰ গুৰুত্ব বহু আগতেই উপলদ্ধি কৰা হৈছিল আৰু ভেকচিনপ লগে লগে অনুমোদন প্ৰক্ৰিয়া, যোগান শৃংখলা, বিতৰণ আৰু আইটি সহায়ক প্ৰণালী আৰু প্ৰমাণৰ ওপৰত কাম কৰিছিল৷ এই প্ৰচেষ্টাৱলীৰ জৰিয়তে দেশৰ ৬১শতাংশ প্ৰাপ্তবয়স্ক জনতাই দুয়োটা আু ৯০শতাংশই এটাকৈ টিকা গ্ৰহণ লাভ কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে বৰ্তমান যিদৰে ভাইৰাছে নতুন ৰূপ সলনি কৰি আহিছে, সেই প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ আমাৰ ক্ষমতা আৰু আত্মবিশ্বাসো অভিনৱ উদ্ভাৱনৰ জৰিয়তে বহু পৰিমাণে বৃদ্ধি পাইছে৷ তেওঁ কয় যে আজি দেশত ১৮লাখ আইছ’লেচন বিছনা, ৫লাখ অক্সিজেন সংযোগী বিছনা, ১.৪০লাখ আইচিইউ বিছনা, শিশুৰ বাবে ৯০ হাজাৰ আইচিইউ আৰু নন আইচিইউ বিচনা, ৩হাজাৰতকৈ অধিক পিএছএ অক্সিজেন প্লাণ্ট, ৪লাখ অক্সিজেন চিলিণ্ডাৰ আছে৷ টিকাকৰণ আৰু পৰীক্ষা শীঘ্ৰে কৰাৰ বাবে ৰাজ্যসমূহক সহায় কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে লগতে আশ্বাস দিয়ে যে দেশত শীঘ্ৰেই নাকেৰে প্ৰদান কৰা ভেকচিন আৰু বিশ্বৰ প্ৰথম ডিএনএ ভেকচিনৰ বিকাশ সাধন কৰা হ’ব৷ প্ৰধানমন্ত্ৰীয়ে এই দিশত সজোৰে কয় যে ক’ৰোনাৰ বিৰুদ্ধে ভাৰতৰ যুঁজ আৰম্ভণিৰে পৰা বৈজ্ঞানিক সিদ্ধান্ত, বৈজ্ঞানিকৰ পৰামৰ্শ আৰু বৈজ্ঞানিক পদ্ধতিৰ ওপৰত প্ৰতিষ্ঠিত৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ১১ মাহৰ টিকাকৰণ অভিযানে দেশবাসীক দৈনন্দিত কাম-কাজত সকাহ দি আহিছে আৰু স্বাভাৱিক পৰিস্থিতি বাহাল ৰখাত সহায় কৰিছে৷ বিশ্বৰ বহু দেশৰ তুলনাত ভাৰতৰ আৰ্থিক কাম-কাজ উৎসাহজনক৷ প্ৰধানমন্ত্ৰীয়ে অৱশ্যে কয় যে ক’ৰোনা এতিয়াও নিঃশেষ হোৱা নাই আৰু ইয়াৰ বাবে সাৱধানতা আটাইতকৈ জৰুৰী৷

প্ৰধানমন্ত্ৰীয়ে অপপ্ৰচাৰ আৰু বিভ্ৰান্তিমূলক বাতৰিৰ বিৰুদ্ধে সাৱধান হ’বলৈ কয়৷ তেওঁ অনাগত দিনত বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযান গতি প্ৰদান কৰিবলৈ সকলোকে আহ্বান জনায়৷

 

***

DS/DB



(Release ID: 1785460) Visitor Counter : 147