প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গোৱা মুক্তি দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা সংগ্ৰামী আৰু ‘অপাৰেচন বিজয়’ত অংশগ্ৰহণকাৰী প্ৰাক্তন সৈনিকসকলক সম্বৰ্ধনা জনায়

‘গোৱাৰ জনসাধাৰণে মুক্তি আৰু স্বৰাজৰ আন্দোলনক শিথিল হ’বলৈ দিয়া নাছিল। তেওঁলোকে ভাৰতৰ ইতিহাসত আটাইতকৈ দীঘলীয়া সময়ৰ বাবে স্বাধীনতাৰ প্ৰদীপ জ্বলাই ৰাখিছিল’

‘ভাৰত হৈছে এক আত্মা য’ত ৰাষ্ট্ৰ ‘আত্ম’ৰ উৰ্ধত আৰু সৰ্বাধিক। য'ত কেৱল এটাই মন্ত্ৰ আছে- প্ৰথমে ৰাষ্ট্ৰ। য’ত কেৱল এটাই সংকল্প আছে -এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’

‘চৰ্দাৰ পেটেল যদিহে আৰু কেইবছৰমান জীয়াই থাকিলহেঁতেন তেন্তে গোৱাই ইয়াৰ মুক্তিৰ বাবে ইমান সময় অপেক্ষা কৰিব লগা নহ’লহেঁতেন’।

‘ৰাজ্যখনৰ নতুন পৰিচয় হৈছে প্ৰশাসনিক প্ৰতিটো কাম শীঘ্ৰে সম্পন্ন কৰা। আন ঠাইত, যেতিয়া কাম আৰম্ভ হয়, বা কাম আগবাঢ়ে, গোৱাই ইয়াক সমাপ্ত কৰে’

প্ৰধানমন্ত্ৰীয়ে পোপ ফ্ৰান্সিছৰ সৈতে হোৱা সাক্ষাতৰ প্ৰসংগ উল্লেখ কৰে কৰে আৰু ভাৰতৰ বৈচিত্ৰ্য আৰু জীৱন্ত গণতন্ত্ৰৰ প্ৰতি তেওঁৰ স্নেহৰ কথা সোঁৱৰণ কৰে

‘গোৱাবাসীৰ সততা, প্ৰতিভা আৰু অধ্যৱসায়ৰ প্ৰতিফলন ৰাষ্ট্ৰই মনোহৰ পাৰিকাৰৰ মাজত প্ৰত্যক্ষ কৰিছে’

Posted On: 19 DEC 2021 5:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱাত গোৱা মুক্তি দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত স্বাধীনতা সংগ্ৰামী আৰু ‘অপাৰেচন বিজয়’ৰ প্ৰাক্তন সৈনিকসকলক সম্বৰ্ধনা জনায়। তেওঁ পুনৰ নিৰ্মাণ কৰা দুৰ্গ আগুয়াড়া কাৰাগাৰ সংগ্ৰহালয়, গোৱা চিকিৎসা মহাবিদ্যালয়ৰ চুপাৰ স্পেচিয়েলিটি ব্লক, নিউ চাউথ গোৱা জিলা চিকিৎসালয়, মোপা বিমানবন্দৰৰ বিমান দক্ষতা বিকাশ কেন্দ্ৰ আৰু মাৰগাঁৱৰ ডাবলিম-নাভেলিমত গেছ ইনচুলেটেড চাবষ্টেচনকে ধৰি একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। তেওঁ গোৱাত ভাৰতীয় বাৰ কাউন্সিল অৱ ইণ্ডিয়া ট্ৰাষ্টৰ ইণ্ডিয়া ইণ্টাৰনেচনেল ইউনিভাৰ্চিটি অৱ লিগেল এডুকেশ্বন এণ্ড ৰিচাৰ্ছৰ আধাৰশিলাও স্থাপন কৰে।

 

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে গোৱাৰ মাটি, বায়ু আৰু সাগৰ প্ৰকৃতিৰ এক আশ্চৰ্যকৰ উপহাৰ। আৰু আজি গোৱাৰ জনসাধাৰণৰ এই উৎসাহে গোৱাৰ মুক্তিৰ গৌৰৱ বৃদ্ধি কৰিছে। তেওঁ কয় যে আজাদ ময়দানৰ শ্বহীদ স্মাৰকত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সৌভাগ্য ঘটিছিল তেওঁৰ। শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত তেওঁ মিৰামাৰত কুচকাৱাজত অংশগ্ৰহণ কৰে। তেওঁ দেশৰ হৈ ‘অপাৰেচন বিজয়’ৰ নায়ক আৰু প্ৰাক্তন সৈনিকসকলক সন্মান জনোৱাৰ সুযোগ লাভ কৰাৰ বাবেও তেওঁ আনন্দ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে গোৱাৰ ভাবনাৰ কথা উল্লেখ কৰি কয়, আজি ইয়াত ইমানবোৰ সুযোগ সৃষ্টি হৈছে,গোৱাৰ জনসাধাৰণে নতুন নতুন অভিজ্ঞতাৰ সন্মুখীন হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ বাকী অংশ যেতিয়া মোগলৰ অধীনত আছিল সেই সময়তে গোৱা পৰ্তুগীজসকলৰ উপনিৱেশত পৰিণত হয়। তাৰ পিছত ভাৰতে বহুতো উত্থান-পতনৰ সাক্ষী হৈছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে শতিকাজুৰি পৰাধীন হৈ থাকিলেও আৰু ক্ষমতাৰ উত্থান-পতনৰ পাছতো গোৱাই ইয়াৰ ভাৰতীয় সত্ত্বা পাহৰি যোৱা নাছিল আৰু ভাৰতৰ বাকী অংশয়ো গোৱাক পাহৰি যোৱা নাছিল। এই সম্পৰ্ক সময়ৰ লগে লগে আৰু শক্তিশালী হৈ উঠিছে। গোৱাৰ মানুহেও মুক্তি আৰু স্বৰাজৰ আন্দোলনক শিথিল হ’বলৈ দিয়া নাছিল। তেওঁলোকে ভাৰতৰ ইতিহাসত আটাইতকৈ দীঘলীয়া সময়ৰ বাবে স্বাধীনতাৰ প্ৰদীপ জ্বলাই ৰাখিছিল। ইয়াৰ কাৰণ হৈছে ভাৰত কেৱলমাত্ৰ এটা ৰাজনৈতিক সত্ত্বাৰ আধাৰত বিকশিত হোৱা নাই, ভাৰত মানৱ জাতিৰ কল্যাণৰ বাবে সচেষ্ট। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভাৰতৰ মূল ভাবনা হৈছে ব্যক্তিসত্ত্বাৰ উৰ্দ্ধত জাতি সৰ্বোচ্চ অগ্ৰাধিকাৰপ্ৰাপ্ত, য’ত কেৱল এটাই ভাবনা আছে-প্ৰথমে ৰাষ্ট্ৰ। য’ত কেৱল এটা সংকল্প আছে-এক ভাৰত, শ্ৰেষ্ঠ ভাৰত।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ ভাৰতৰ মানুহৰ মনত এটা আক্ষেপ আছিল কিয়নো দেশৰ এটা অংশই এতিয়াও স্বাধীনতাৰ সোৱাদ লাভ কৰা নাই আৰু বহুসংখ্যক লোক পৰাধীন হৈ ৰৈ গৈছে। তেওঁ কয় যে যদিহে চৰ্দাৰ পেটেল আৰু কেইবছৰমান জীয়াই থাকিলহেঁতেন তেতিয়াহলে গোৱাই ইয়াৰ মুক্তিৰ বাবে ইমান সময় অপেক্ষা কৰিব লগা নহ’লহেঁতেন। প্ৰধানমন্ত্ৰীয়ে সেই সংগ্ৰামৰ নায়কসকলৰ উদ্দেশ্য প্ৰণাম জনায়। গোৱা মুক্তি বিমোচন সমিতিৰ ৩১ সত্যাগ্ৰহীয়ে সত্যাগ্ৰহ আন্দোলনত প্ৰাণ হেৰুৱাব লগা হৈছিল। তেওঁ সকলোকে এই আত্মবলিদানৰ বিষয়ে আৰু পঞ্জাৱৰ বীৰ কৰ্ণাইল সিং বেনিপালৰ দৰে নায়কৰ কথা স্মৰণ কৰিবলৈ আহ্বান জনায়। ‘গোৱাৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস কেৱল ভাৰতৰ সংকল্পৰ প্ৰতীক নহয়, ভাৰতৰ ঐক্য আৰু অখণ্ডতাৰ এক জীৱন্ত দস্তাবেজ’, প্ৰধানমন্ত্ৰীয়ে কয়।

 

প্ৰধানমন্ত্ৰীয়ে কিছুদিন পূৰ্বে ইটালী আৰু ভেটিকান চিটি ভ্ৰমণৰ প্ৰসংগ উল্লেখ কৰি সেই সময়ত পোপ ফ্ৰান্সিছক লগ কৰাৰ সুযোগ পোৱাৰ কথা স্মৰণ কৰে। ভাৰতৰ প্ৰতি পোপৰ দৰ্বাৰ আকৰ্ষণ তেওঁ অনুভৱ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে পোপক ভাৰতলৈ আহিবলৈ আমন্ত্ৰণ জনোৱাৰ কথাও কয়। শ্ৰী মোদীৰ আমন্ত্ৰণ লাভ কৰি পোপ ফ্ৰান্সিছে কৰা প্ৰতিক্ৰিয়াৰ কথা স্মৰণ তেওঁ কয়, পোপ ফ্ৰান্সিছে কৈছিল ‘আপুনি মোক দিয়া এইটো সৰ্বশ্ৰেষ্ঠ উপহাৰ’। পোপৰ ভাৰতৰ বৈচিত্ৰ্য আৰু প্ৰাণৱন্ত গণতন্ত্ৰৰ প্ৰতি থকা প্ৰেম প্ৰধানমন্ত্ৰীয়ে উপলব্ধি কৰিছিল।প্ৰধানমন্ত্ৰীয়ে ছেইণ্ট কুইন কেতেভানৰ পবিত্ৰ ধ্বংসাৱশেষ জৰ্জিয়া চৰকাৰক হস্তান্তৰ কৰাৰ কথাও উল্লেখ কৰে।

 

গোৱাৰ প্ৰশাসনিক কামৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গোৱাৰ প্ৰাকৃতিক সৌন্দৰ্য সদায়েই ইয়াৰ বিশেষত্ব হৈ আহিছে কিন্তু এতিয়া ইয়াত চৰকাৰে গোৱাৰ আন এক পৰিচয় দাঙি ধৰিছে। ৰাজ্যখনৰ এই নতুন পৰিচয় হৈছে প্ৰশাসনিক কাম প্ৰতিটো ক্ষেত্ৰতেই সমাদৃত হৈছে। আন ঠাইত যেতিয়া কাম আৰম্ভ হয়, বা কাম আগবাঢ়ে, সেই সময়ত গোৱাই ইয়াক সমাপ্ত কৰে। মুকলিত শৌচ মুক্ত ৰাজ্যৰ স্বীকৃতি লাভ কৰা, টিকাকৰণ, ‘হৰ ঘৰ জল’, জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন আৰু জনসাধাৰণৰ সহজ জীৱনযাত্ৰাৰ বাবে বিভিন্ন আঁচনি এতিয়া ৰাজ্যখনত যথাযথ ৰূপায়ণ হোৱাৰ কথা প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ স্বয়মপূৰ্ণা গোৱা অভিযানৰ প্ৰশংসা কৰে। তেওঁ ৰাজ্যখনৰ প্ৰশাসনিক ক্ষেত্ৰত লাভ কৰা সাফল্যৰ বাবে মুখ্যমন্ত্ৰী আৰু তেওঁৰ দলক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনত পৰ্যটনৰ উদ্যোগৰ প্ৰসাৰৰ বাবে লোৱা পদক্ষেপৰ বিষয়েও বিতংভাৱে জনায়। তেওঁ শেহতীয়াকৈ ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ সফলতাৰে সমাপ্ত হোৱাৰ বাবে ৰাজ্যখনক প্ৰশংসা কৰে।

 

প্ৰধানমন্ত্ৰীয়ে প্ৰয়াত মনোহৰ পাৰিকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। তেওঁ কয়, ‘যেতিয়া মই গোৱাৰ এই সাফল্যবোৰ প্ৰত্যক্ষ কৰিছোঁ, তেতিয়া ইয়াৰ নতুন পৰিচিতি আৰু শক্তিশালী হৈছে। সেই সময়ত মোৰ বন্ধু মনোহৰ পাৰিকাৰজীৰ কথা মনত পৰে। তেওঁ গোৱাক কেৱল উন্নয়নৰ নতুন শিখৰলৈ লৈ যোৱাই নহয়, গোৱাৰ সম্ভাৱনাকো সম্প্ৰসাৰিত কৰিছিল। এজন ব্যক্তিয়ে তেওঁৰ ৰাজ্য, তেওঁৰ লোকসকলৰ প্ৰতি জীৱনৰ শেষ নিশ্বাসলৈকে কেনেকৈ নিজকে উত্সৰ্গা কৰিব পাৰে, সেয়া আমি তেওঁৰ জীৱনযাত্ৰাৰ জৰিয়তে দেখিছিলোঁ’। শেষত শ্ৰী মোদীয়ে কয়, গোৱাৰ জনসাধাৰণৰ সততা, প্ৰতিভা আৰু অধ্যৱসায়ৰ প্ৰতিফলন দেশবাসীয়ে মনোহৰ পাৰিকাৰৰ জৰিয়তে দেখিছে। 

 

 ***

DS/AK/KG



(Release ID: 1783876) Visitor Counter : 143