প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ১৮ ডিচেম্বৰত শাহজাহানপুৰত গংগা এক্সপ্ৰেছ-ৱেৰ আধাৰশিলা স্থাপন কৰিব


দেশজুৰি দ্ৰুত গতিত কানেক্টিভিটি প্ৰদান কৰা সম্পৰ্কীয় প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰে অনুপ্ৰাণিত এই পৰিকল্পনা

এক্সপ্ৰেছ-ৱে মেৰঠৰ পৰা প্ৰয়াগৰাজলৈকে ইউপিৰ ১২খন জিলা হৈ পাৰ হ'ব, ৰাজ্যখনৰ পশ্চিম আৰু পূবৰ ক্ষেত্ৰসমূহক সংযুক্ত কৰিব

ই ইউপিৰ সবাতোকৈ দীৰ্ঘ এক্সপ্ৰেছ-ৱে হ'ব, যাক ৩৬,২০০ কোটি টকাতকৈ অধিক ব্যয়েৰে নিৰ্মাণ কৰা হ'ব

এক্সপ্ৰেছ-ৱেত শাহজাহানপুৰত ৩.৫ কিলোমিটাৰ দীঘল এয়াৰ ষ্ট্ৰিপ নিৰ্মাণ কৰা হ'ব, যি বায়ু সেনাৰ বিমানক জৰুৰী উড়ণ আৰু অৱতৰণত সহায় কৰিব

Posted On: 16 DEC 2021 2:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ ডিচেম্বৰ, ২০২১ৰ দিনৰ প্ৰায় ১ বজাত উত্তৰ প্ৰদেশৰ শাহজাহানপুৰত গংগা এক্সপ্ৰেছ-ৱেৰ আধাৰশিলা স্থাপন কৰিব।

 

দেশজুৰি দ্ৰুত গতিত কানেক্টিভিটি প্ৰদান কৰা সম্পৰ্কীয় প্ৰধানমন্ত্ৰীৰ ভিজন এক্সপ্ৰেছ-ৱেৰ দ্বাৰা ই অনুপ্ৰাণিত। ৫৯৪ কিলোমিটাৰ দীঘল তথা ছয় লেনৰ এক্সপ্ৰেছ-ৱে ৩৬,২০০ কোটি টকাতকৈ অধিক ব্যয়েৰে নিৰ্মাণ কৰা হ'ব। মেৰঠৰ বিজৌলী গাঁৱৰ ওচৰৰ পৰা আৰম্ভ হৈ এক্সপ্ৰেছ-ৱে প্ৰয়াগৰাজৰ জুদাপুৰ দাণ্ডূ গাঁৱলৈকে যাব। ই মেৰঠ, হাপুড়, বুলন্দশহৰ, অমৰোহা, সম্ভল, বদায়ুঁ, শাহজাহানপুৰ, হৰদোই, উন্নাও, ৰায়বৰেলী,প্ৰতাপগঢ় আৰু প্ৰয়াগৰাজ হৈ পাৰ হ'ব। সম্পূৰ্ণৰূপে নিৰ্মিত হোৱাৰ পিছত, ই ৰাজ্যখনৰ পশ্চিম আৰু পূবৰ ক্ষেত্ৰসমূহক সংযুক্ত কৰা উত্তৰ প্ৰদেশৰ সবাতোকৈ দীৰ্ঘ এক্সপ্ৰেছ-ৱে হ'ব। এক্সপ্ৰেছ-ৱেত শাহজাহানপুৰত ৩.৫ কিলোমিটাৰ দীঘল এয়াৰ ষ্ট্ৰিপ নিৰ্মাণ কৰা হ'ব, যি বায়ু সেনাৰ বিমানক জৰুৰীকালীন উড়ণ আৰু অৱতৰণত সহায় কৰিব। এক্সপ্ৰেছ-ৱেৰ লগতে এক ঔদ্যোগিক কৰিডৰ বনোৱাৰো প্ৰস্তাৱ আছে।

 

এক্সপ্ৰেছ-ৱেৰ জৰিয়তে ঔদ্যোগিক বিকাশ, বাণিজ্য, কৃষি, পৰ্যটন আদি ক্ষেত্ৰই উদগণি লাভ কৰিব। ইয়াৰ ফলত ক্ষেত্ৰৰ সামাজিক-অৰ্থনৈতিক বিকাশো উৎসাহিত হ'ব।

 

***

 

DS/AKJ



(Release ID: 1782490) Visitor Counter : 163