প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জমাকৰ্তাসকলৰ বেংক জমা বীমা কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

Posted On: 12 DEC 2021 4:43PM by PIB Guwahati

মঞ্চত উপবিষ্ট বিত্ত মন্ত্ৰী জী, বিত্ত ৰাজ্যমন্ত্ৰী জী, ‘আৰবিআই’-ৰ গৱৰ্ণৰ, নাবাৰ্ড-ৰ অধ্যক্ষ, ‘ডিপ’জিট ইন্সুৰেঞ্চ এণ্ড ক্ৰেডিট গেৰাণ্টী কৰ্পোৰেশ্যন’ আৰু দেশৰ বিশাল বেংকিং গোটসমূহৰ বিষয়াবৰ্গ, বিভিন্ন ৰাজ্যৰ পৰা উপস্থিত থকা মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থসকল, সেই সেই অঞ্চলৰ সাংসদ-বিধায়কসকল আৰু সেই অঞ্চলসমূহৰ জমাকৰ্তাসকল, আমাৰ জমাকৰ্তা ভাই-ভনীসকল,

আজি দেশৰ বাবে, দেশৰ বেংকিং খণ্ডৰ বাবে আৰু দেশৰ কোটি কোটি বেংক-গ্ৰাহকৰ বাবে এক অতিকে গুৰুত্বপূৰ্ণ দিন। দশক ধৰি অব্যাহত থকা এটা বহুত ডাঙৰ সমস্যাৰ সমাধান কেনেকৈ আৱিষ্কৃত হ’ল, আজিৰ দিনটো সেই কথাৰে সাক্ষী হৈ গ’ল। আজিৰ এই আয়োজনক যি নামৰে অভিহিত কৰা হৈছে তাত ‘ডিপজিটৰ ফাৰ্ষ্ট’, ‘জমাকৰ্তা সকলোৰে আগত’-ৰ ভাৱটোক সকলোৰে আগত ৰখা, আৰু ইয়াক আৰু সঠিক কৰি ৰখা হৈছে। বিগত কেইটামান দিনত একলাখৰো অধিক জমাকৰ্তাৰ বহু বছৰ ধৰি জঁট লাগি থকা ধনৰাশি তেওঁলোকৰ বেংক একাউণ্টত জমা কৰাৰ দিহা কৰা হ’ল। আৰু এই ধনৰাশিৰ পৰিমাণ প্ৰায় ১৩০০কোটি টকাৰো অধিক। এতিয়া, আজি এই কাৰ্যক্ৰমত আৰু ইয়াৰ পিচতো ৩লাখ আৰু এনেকুৱা জমাকৰ্তাৰ বেংকত জঁট লাগি থকা পইচা তেওঁলোকৰ একাউণ্টত জমা কৰা হ’ব, তেওঁলোকে তেওঁলোকৰ পইচা লাভ কৰিব। এয়া কিন্তু তেনেই সৰু কথা নহয়, আৰু মই বিশেষকৈ আমাৰ দেশক আমাৰ সংবাদ মাধ্যমৰ বন্ধুসকলক অনুৰোধ কৰিছো, আজিও তেওঁলোকে মোক নিতান্তই সহায় কৰি আহিছে। আজি আকৌ এবাৰ মই তেওঁলোকক অনুৰোধ জনাইছো। আমি জানো যে বেংক যদি ডুবিবলৈ ধৰে তেন্তে বহুদিন ধৰি খবৰ প্ৰচাৰিত হৈ থাকে টেলিভিশ্বনত, বাতৰি কাকতত; এয়া স্বাভাৱিকো হয়; ঘটনাও এনে যে তাৰ প্ৰচাৰ হ’বই লাগিব। বৰ বৰ হৰফৰে প্ৰকাশিত হৈ যায়। এনে হোৱাটো তেনেই স্বাভাৱিক। চাওক, আজি দেশে যেতিয়া এটা বহুত ডাঙৰ সংস্কাৰ সাধন কৰিছে, এটা বহুত ডাঙৰ শক্তিশালী ব্যৱস্থাৰ শুভাৰম্ভ কৰিছে। ‘ডিপজিটৰ’-ক, জমাকৰ্তাসকলক তেওঁলোকৰ পইচা ওভতাই দিয়াৰ দিহা কৰা হৈছে, মই বিচাৰো এই কথাৰো চৰ্চা সিমানকৈ সংবাদ মাধ্যমত হোৱা উচিত; বাৰে বাৰে চৰ্চা হওক। মোদীয়ে কৰিছে কাৰণেই চৰ্চা হোৱাটো বিচৰা নাই; এয়া এই কাৰণেই হোৱা উচিত বুলি ভাবিছো কাৰণ দেশৰ জমাকৰ্তাসকলৰ মাজত বিশ্বাসৰ জন্ম হওক। কিছু সংখ্যক ব্যক্তিৰ ভুলৰ বাবে, বদ-অভ্যাসৰ বাবে বেংক ডুবে, ডুবিলেও কিন্তু জমাকৰ্তাৰ পইচা নুডুবে। জমাকৰ্তাসকলৰ পইচাযে সুৰক্ষিত থাকিব, দেশৰ জমাকৰ্তা, ৰাইজৰ মাজলৈ এই বাৰ্তা গ’লেহে দেশৰ জমাকৰ্তাসকলৰ মাজত বিশ্বাসৰ জন্ম হ’ব। বেংকিং ব্যৱস্থাৰ ওপৰত বিশ্বাস বাঢ়িব, আৰু এয়া নিতান্তই আৱশ্যকো।

ভাই-ভনীসকল,

যিকোনো দেশেই সমস্যাসমূহক যথা সময়ত সমাধান কৰিয়েই বিধ্বস্ত হোৱাৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে। কিন্তু আপোনালেক ভালকৈয়ে জানে যে বহু বছৰ ধৰি আমাৰ ইয়াত ডাঙৰ সমস্যাসমূহক আওকাণ কৰি থকা প্ৰবৃত্তিটোৱেই বৰ্তি আছিল। ‘কাৰ্পেটৰ তলত সুমুৱাই থোৱাৰ প্ৰবৃত্তি’! পিচে, আজিৰ নতুন ভাৰতে সমস্যাৰ সমাধান বিচৰাত গুৰুত্ব আৰোপ কৰিছে, আজিৰ ভাৰতে সমস্যাক আওকাণ নকৰে। আপোনালোকে অলপ মনত পেলাওকচোন, কিযে এটা সময় আছিল, যেতিয়া কোনোবা বেংক সংকটাপন্ন হ’লে ‘ডিপ’জিটৰ’ৰ, ‘জমাকৰ্তা’ৰ নিজৰেই পইচা, এই পইচা স্বয়ং তেওঁৰে, স্বয়ং জমাকৰ্তাৰ পইচা। তেওঁৰ নিজৰে পইচা পোৱাৰ বাবেই কিমান যে হায়ৰাণ হ’বলগীয়া নহৈছিল! কিমান যে সমস্যাৰ সন্মুখীন হ’বলগীয়া নহৈছিল! আৰু চাৰিওফালে কেৱল হাহকাৰ লাগি গৈছিল। আৰু এনে হোৱাটো নিতান্তই স্বাভাৱিকো আছিল। যিকোনো ব্যক্তিয়েই বহুত বিশ্বাসৰে বেংকত পইচা জমা ৰাখে। বিশেষকৈ আমাৰ মধ্যবিত্ত পৰিয়ালসমূহে, নিৰ্দিষ্ট দৰমহাভোগীসকলে, নিৰ্দিষ্ট আয় উপাৰ্জনকাৰীসকল, সেইসকল ব্যক্তিৰ জীৱনততো বেংকেই তেওঁলোকৰ বাবে ভৰসা হয়। কিন্তু একাংশ ব্যক্তিৰ ভুল নীতিৰ পৰিণতিত যেতিয়া বেংক দেৱলীয়া হ’বলৈ ধৰিছিল, তেতিয়া এইসমূহ পৰিয়ালৰ কেৱল পইচাৰে জঁট লগা নাছিল; একপ্ৰকাৰে তেওঁলোকৰ সম্পূৰ্ণ জীৱনৰেই জঁট লাগিছিল। সম্পূৰ্ণ জীৱনটোৱেই একপ্ৰকাৰে অন্ধকাৰ যেন হৈ পৰিছিল। এতিয়া কি কৰিম? কোনোবা বয়োজ্যেষ্ঠৰ অসুখৰ চিকিত্সা কৰাবলগীয়া আছিল- পইচা ক’ৰপৰা আনিব পৰা যাব? এতিয়া ভনীগৰাকীয়ে মোক যিখিনি কৈছিল, যে তেওঁলোকৰ পৰিয়ালৰ কাৰোবাৰ হাৰ্টৰ অপাৰেশ্যন কৰোৱাৰ কথা আছিল। তেওঁলোক কেনে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল, আৰু এতিয়া কেনেকৈ কাম হৈ গ’ল। এনেবোৰ প্ৰশ্নৰ আগতে কোনো উত্তৰ নাছিল। মানুহে বেংকৰ পৰা নিজৰ পইচাকেইটা উলিয়াবলৈকে বছৰ পিচত বছৰ লাগি গৈছিল। আমাৰ দুখীয়া ভাই-ভনীসকলে, নিম্ন মধ্যবিত্তসকলে, আমাৰ মধ্যবিত্তসকলে কেবা দশক ধৰি এই স্থিতিকে ভূগিবলগীয়া হৈছিল, সহ্য কৰিবলগীয়া হৈছিল। বিশেষকৈ কো-অপাৰেটিভ বেংকসমূহৰ ক্ষেত্ৰত সমস্যা আৰু অধিক হৈ গৈছিল। আজি যিসকল লোক ভিন্ন চহৰৰ পৰা এই কাৰ্যক্ৰমত সংযোজিত হৈছে, তেওঁলোকে এই দুৰ্ভোগ, এই কষ্ট বাৰুকৈয়ে বুজি পাইছিল। এই পৰিস্থিতি সলনি কৰাৰ বাবেই আমাৰ চৰকাৰে বহুত সংবেদনশীলতাৰে সিদ্ধান্ত গ্ৰহণ কৰি, সংস্কাৰ সাধন কৰি, আইনৰ পৰিৱৰ্তন সাধন কৰিলে। আজিৰ এই আয়োজন, সেই সিদ্ধান্তৰে পৰিণাম। আৰু মোৰ ভালকৈয়ে মনত আছে মই যেতিয়া মুখ্যমন্ত্ৰী আছিলো আৰু বেংকত সমস্যাৰ সৃষ্টি হৈছিল, তেতিয়া মানুহে আমাৰ ডিঙিকে মুচৰিবলৈ আহিছিল। নহ’লে ভাৰত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছিল নতুবা সেই বেংকৰ অধিকৰ্তাসকলে কৰিবলগীয়া আছিল; কিন্তু ধৰিছিল মুখ্যমন্ত্ৰীক। ‘আমাৰ পইচাৰ কিবা এটা কৰক’, সেই সময়ত মই বহু অনাহূত পৰিস্থিতিত পৰিবলগীয়া হৈছিল। তেওঁলোকৰ কষ্ট হোৱাটোও নিতান্তই স্বাভাৱিক আছিল। আৰু সেই সময়ত ভাৰত চৰকাৰক বাৰে বাৰে অনুৰোধ কৰিছিলো যে একলাখ টকাৰ ধনৰাশি পাঁচলাখ টকালৈ বঢ়াব লাগে যাতে অধিক সংখ্যক লোকক সন্তুষ্ট কৰিব পৰা যায়। পিচে, মোৰ কথা শুনা নাছিল। তেওঁলোকে নকৰিলে যদিও ৰাইজেই কৰিলে, ৰাইজে মোক পঠাই দিলে। আৰু মই কৰিও দিলো।

বন্ধুসকল,

আমাৰ দেশত বেংক জমাকৰ্তাসকলৰ বাবে বীমাৰ ব্যৱস্থা ৬০ৰ দশকতে কৰা হৈছিল। অৰ্থাত্ তাৰো প্ৰায় ৬০বছৰেই হৈ গ’ল। আগতে বেংকত থকা ধনৰ পৰা মাত্ৰ ৫০হাজাৰ টকা পৰ্যন্ত ধনৰ ক্ষেত্ৰতহে গেৰাণ্টী আছিল। পিচত একলাখ টকা কৰা হৈছিল। অৰ্থাত্, যদি বেংক দেৱলীয়া হয়, তেন্তে ‘ডিপ’জিটৰ্ছ’, জমাকৰ্তাসকলে মাত্ৰ এক লাখ টকা পৰ্যন্ত ধনহে লাভ কৰিছিল, কিন্তু সেয়াও কেতিয়াকৈ পাবগৈ তাৰো কোনো ‘গেৰাণ্টী’ নাথকে। ৮-১০বছৰ পৰ্যন্ত কথাবোৰ ওলমি থাকিছিল। কোনো সময়সীমা নাছিল। দুখীয়া-দৰিদ্ৰৰ কথা চিন্তা কৰিয়েই আমি এই ধনৰাশিৰ পৰিমাণ ১লাখৰ পৰা ৫লাখ টকালৈ বৃদ্ধি কৰিছিলো। অৰ্থাত্ আজিৰ তাৰিখত কোনো বেংক যদি সংকটাপন্ন হয় তেন্তে জমাকৰ্তা ৰাইজে ৫লাখ টকা পৰ্যন্ত ধনৰাশি নিশ্চিতভাবেই ওভতাই পাব। আৰু এই ব্যৱস্থাত প্ৰায় ৯৮% ব্যক্তিৰ একাউণ্ট সম্পূৰ্ণ ভাবেই সামৰি ল’ব পৰা যাব। অৰ্থা্ত্, ২%ৰহে সামান্য ধন ৰৈ যাব। ৯৮% লোকৰ জমাৰ ধন প্ৰায় সম্পূৰ্ণ ৰূপেই সামৰি লোৱা হৈছে। আৰু আজি জমাকৰ্তাৰ প্ৰায়, এই সংখ্যাও বহুত বিশাল। স্বাধীনতাৰ ৭৫বছৰ চলি আছে। অমৃত মহোত্সৱ চলি আছে। এই যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো, ইয়াৰ দ্বাৰা ৭৬লাখ কোটি টকা সম্পূৰ্ণ ৰূপেই বীমাকৃত কৰা হৈছে। ইমান ব্যাপক সুৰক্ষা কৱচটোতো উন্নত দেশসমূহতো নাই।

বন্ধুসকল,

আইনৰ সংশোধন কৰি, সংস্কাৰ সাধন কৰি আৰু এটা সমস্যাৰ সমাধন কৰাৰ প্ৰয়াস কৰা হৈছে। আগতে য’ত পইচা ওভতাই পোৱাৰ কোনো সময়সীমা নাছিল, এতিয়া আমাৰ চৰকাৰে ইয়াক ৯০দিনত, অৰ্থাত্ তিনি মাহৰ ভিতৰত এয়া কৰাটো বাধ্যতামূলক কৰি আইন প্ৰস্তুত কৰিছে। অৰ্থাত্ আমি নিজেই সকলো বান্ধোন নিজৰ ওপৰত লোৱাৰ দিহা কৰিছো। কিয়নো এইখন দেশৰ সাধৰণ মানুহখিনি, এইখন দেশৰ মধ্যবিত্তসকলৰ, এইখন দেশৰ দুখীয়া-দৰিদ্ৰৰ কথা আমি চিন্তা কৰিছো। ইয়াৰ অৰ্থ এয়ে হৈছে যে, যদি বেংক দুৰ্বল হৈ পৰে, বেংক যদি দেৱালীয়া হোৱা পৰিস্থিতিৰ সন্মুখীন হয়, তেন্তে ৯০দিনৰ ভিতৰত জমাকৰ্তাই তেওঁলোকে জমা দিয়া ধনৰাশি ওভতাই পাব। মোৰ ভাল লাগিছে যে আইন সংশোধনৰ ৯০দিনৰ ভিতৰতে, কেবহাজাৰ ‘ডিপ’জিটৰ’ৰ দাবী মীমাংসাও কৰা হৈছে।

বন্ধুসকল,

আমাৰ ডাঙৰ ডাঙৰ বিদ্বান, অৰ্থশাস্ত্ৰীসকলেতো নিজ নিজ ধৰণে কথাবোৰ কয়। মই মোৰ চিধা চিধি ভাষাৰে কও। প্ৰতিখন দেশেই প্ৰগতি বিচাৰে, প্ৰতিখন দেশেই উন্নয়ণ কামনা কৰে। কিন্তু এই কথা আমি মনত ৰাখিব লাগিব যে দেশৰ সমৃদ্ধিত বেংকসমূহৰ বহুত ডাঙৰ ভূমিকা থাকে। আৰু বেংকসমূহৰ সমৃদ্ধিত জমাকৰ্তাসকলৰ পইচা সুৰক্ষিত হোৱাটোও সিমানেই জৰুৰী হয়। আমি বেংকসমূহক ৰক্ষা কৰিবলৈ হ’লে জমাকৰ্তাসকলকো সুৰক্ষা প্ৰদান কৰিব লাগিব। আৰু আমি সেই কাম কৰি বেংকসমূহক সুৰক্ষা দান কৰাৰ লগতে জমাকৰ্তাসকলকো ৰক্ষা কৰিছো।

বন্ধুসকল,

দশকৰ পিচত দশক ধৰি এটা ধাৰণাই গঢ়ি উঠিছিল যে বেংকসমূহ কেৱল অধিক ধন-টকা থকাসকলৰ বাবেইহে স্থাপন কৰা হয়। এয়া চহকী লোকৰ বাবেহে। যাৰ ডাঙৰ ব্যৱসায় থাকে তেওলোকে সহজে ঋণ লাভ কৰে। আনকি পেন্সন আৰু বীমাৰ দৰে সুবিধাও চহকীলোকৰ বাবেইহে কৰা হয় বুলি ধাৰণা গঢ়ি উঠিছিল। পৃথিৱীৰ সকলোতকৈ বৃহত্ গণতান্ত্ৰিক দেশখনৰ বাবে এই ধৰণা সঠিক নাছিল। এই ধাৰণা সলনি কৰাৰ বাবে আমি নিৰন্তৰ প্ৰয়াস কৰি আছো। আজি খেতিয়ক, ক্ষুদ্ৰ ব্যৱসায়ী, পথৰুৱা শ্ৰমিক, নিৰ্মাণ শ্ৰমিককো পেন্সনৰ সুবিধাৰে সামৰি লোৱা হৈছে। ‘প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনা’, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত প্ৰায় ৩৭কোটি দেশবাসীক এই সুৰক্ষা কৱচৰ আওতালৈ অনা হৈছে। অৰ্থাত একপ্ৰকাৰে এতিয়া দেশৰ বিত্তীয় খণ্ডৰ, দেশৰ বেংকিং খণ্ডৰ প্ৰকৃতাৰ্থত গণতান্ত্ৰিকৰণ সম্পাদিত হৈছে।  

বন্ধুসকল,

অধিক হাৰত দেশবাসীক বেংকৰে জড়িত কৰা, বেংক ঋণ সহজে ল’ব পৰা কৰা, ‘ডিজিটেল বেংকিং’, ‘ডিজিটেল পে’মেণ্ট’ দ্ৰুতগতিত বিস্তাৰিত কৰা, এনে অনেক সংস্কাৰ যিয়ে ১০০বছৰৰ সকলোতকৈ ডাঙৰ সংকটতো ভাৰতৰ বেংকিং ব্যৱস্থাটোক সুচাৰুৰূপে চলোৱাৰ ক্ষেত্ৰত সহায় কৰিছে। মই বেংকসমূহৰ প্ৰতিগৰাকী বন্ধুক অভিনন্দন জনাইছো এই কামটোৰ বাবে, সংকটৰ সময়ত তেওঁলোকে মানুহক অসহায় অৱস্থাত পেলোৱা নাই। যেতিয়া পৃথিৱীৰ উন্নত দেশসমূহে নিজৰ নাগৰিকসকললৈ সহায়ৰ হাত আগবঢ়াবলৈ সংঘৰ্ষ কৰিবলগীয়া হৈছিল, সেই সময়ত ভাৰতে দ্ৰুতগতিৰে দেশৰ প্ৰায় প্ৰতিটো শ্ৰেণীলৈ প্ৰত্যক্ষভাবে সহায় আগবঢ়াইছে। দেশৰ বেংকিং খণ্ডত যি সামৰ্থ্য বিগত বছৰকেইটাত আমি বিকশিত কৰিছো, সেই আত্মবিশ্বাসৰ কাৰণে দেশবাসীৰ জীৱন ৰক্ষা কৰাৰ বাবে চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিছে। আজি আমাৰ অৰ্থব্যৱস্থা দ্ৰুতগতিৰে ভাললৈতো আহিছেই বৰং ভৱিষ্যতৰ বাবেও বহুত ইতিবাচক সংকেত আমি দেখিবলৈ পাইছো।

ভাই-ভনীসকল,

‘ফাইনেন্সিয়েল ইনক্লুজন’ আৰু ‘ইজ অব একচেছ টু ক্ৰেডিট’-ৰ সকলোতকৈ ডাঙৰ লাভ যদি হৈছে, সেয় আমাৰ ভগ্নীসকলৰ হৈছে, আমাৰ মাতৃসকলৰ, আমাৰ জীয়ৰীসকলৰ হৈছে। এইখন দেশৰ দুৰ্ভাগ্য আছিল যে স্বাধীনতাৰ ইমান দশক পৰ্যন্ত আমাৰ অধিক সংখ্যক ভগ্নী-জীয়ৰীয়ে ইয়াৰ লাভ আদায় কৰাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছিল। স্থিতি এনেকুৱাই আছিল যে মাতৃ-ভগ্নীসকলে নিজৰ অলপমান সঞ্চয়কো ৰান্ধনীশালত চাউলৰ টিনত ৰাখিবলগীয়া হৈছিল। তেওঁলোকৰ বাবে পইচা ৰখাৰ বাবে ঠাই সেয়াই আছিল; খাদ্য দ্ৰব্যৰ ভিতৰত ভৰাই ৰখা, কিছুমানেতো ইয়াকো উদযাপন কৰিছিল। যি খিনি সঞ্চয়ক সুৰক্ষিত ৰকাৰ বাবেই বেংক স্থাপন কৰা হৈছিল, তাৰ সদ্ব্যৱহাৰ আধা সংখ্যক জন-সংখ্যাই কৰিব নোৱাৰাটো আমাৰ বাবে চিন্তাৰ বিষয় আছিল। ‘জনধন যোজনা’ৰ নেপথ্যত এই চিন্তাৰ সমাধানৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে। আজি ইয়াৰ সফলতা সকলোৱে দেখিছে। ‘জনধন যোজনা’ৰ অধাৰত খোলা কোটি কোটি একাউণ্টছৰ আধাৰো অধিক বেংক একাউণ্টছ আমাৰ মাতৃ-ভগ্নীসকলৰ, মহিলাসকলৰ। এই বেংক একাউণ্টছৰ মহিলাসকলৰ আৰ্থিক সবলীকৰণৰ ক্ষেত্ৰত যি প্ৰভাৱ, সেয়া আমি অলপতে ওলোৱা ‘নেশ্যনেল ফেমিলী হেল্থ’-ৰ সমীক্ষাতো দেখিবলৈ পাইছো। যেতিয়া সমীক্ষা কৰা হৈছিল, সেই পৰ্যন্ত দেশৰ প্ৰায় ৮০% মহিলাৰ হাতত নিজৰ বেংক একাউণ্ট আছিল। সকলোতকৈ ডাঙৰ কথাটো হ’ল যিমানখিনি চহৰাঞ্চলৰ মহিলাই একাউণ্টছ খুলিছিল, প্ৰায় সিমানখিনিয়েই গ্ৰামীণ মহিলাৰো হৈছিলগৈ। এই কথাই এটা কথা স্পষ্ট কৰে যে যেতিয়া ভাল যোজনাই ফল দিবলৈ ধৰে তেতিয়া সামাজিক অসাম্য দূৰ কৰাৰ ক্ষেত্ৰতো সহযোগিতা লাভ কৰিব পৰা যায়। নিজৰ বেংক একাউণ্টছ হোৱাৰ সুবাদত মহিলাসকলৰ মাজত আৰ্থিক সজাগতা বৃদ্ধিতো পাইছেই, পৰিয়ালত আৰ্থিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো তেওঁলোকৰ অংশগ্ৰহণৰ পৰিসৰ বৃদ্ধি পাবলৈ ধৰিছে। এতিয়া পৰিয়ালৰ যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত মাতৃ-ভগ্নীসকলকো একেলগে বহুৱাই তেওঁলোকৰো মতামত গ্ৰহণ কৰা হয়। 

বন্ধুসকল,

‘মুদ্ৰা যোজনা’ৰো প্ৰায় ৭০% হিতাধিকাৰী মহিলা। আমাৰ এয়াও অভিজ্ঞতা হৈছে যেতিয়া মহিলাসকলে ঋণ লাভ কৰে, সেয়া ওভতোৱাৰ ক্ষেত্ৰতো তেওঁলোকৰ ‘ট্ৰেক ৰেকৰ্ড’ খুবেই প্ৰশংসনীয়। তেওঁলোকক যদি বুধবাৰে পইচা জমা কৰাৰ শেষ তাৰিখ বুলি জনোৱা হয়, তেওঁলোকে সোমবাৰেই সেই পইচা জমা কৰি আহেগৈ। সেইদৰেই আত্মসহায়ক গোটসমূহৰ প্ৰদৰ্শনো বহুত উন্নত। একপ্ৰকাৰ এটা এটা পইচা জমা কৰি দিয়ে আমাৰ আই-ভগ্নীসকলে। মোৰ বিশ্বাস যে সকলো প্ৰয়াসৰে, সকলোৰে অংশীদাৰিত্বৰে, আৰ্থিক সবলীকৰণৰ এই অভিযান বহুত দ্ৰুত গতিৰে আগবাঢ়ি যাব। আৰু আমি সকলোৱে ইয়াক আগবঢ়াই নিব পাৰিম।

বন্ধুসকল,

আজিৰ সময়ৰ আহ্বান যে ভাৰতৰ বেংকিং খণ্ডই দেশৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আগতে যিমান সক্ৰিয়তাৰে কাম কৰিছিল তাতোকৈ অধিক হাৰত কাম কৰিব লাগিব। ‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ত প্ৰতিটো বেংকৰ প্ৰতিটো শাখাই বিগত ৭৫বছৰত তেওঁলোকে সম্ভৱ কৰা সকলো অভিলেখ পিচ পেলাই তাক ডেৰগুণ, দুগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি আগবাঢ়ক। চাওকচোন স্থিতি সমলনি হয়নে নহয়। আগৰ অভিজ্ঞতাৰ আধাৰত, ঋণ দিয়াৰ ক্ষেত্ৰত আপোনালোকে যি জড়তা প্ৰদৰ্শন কৰি আহিছিল তাৰ পৰা ওলাই অহা উচিত। দেশৰ দূৰ-দূৰণিৰ অঞ্চলসমূহত, গাঁও-জনপদসমূহত বিপুল সংখ্যাক দেশবাসীয়ে নিজৰ সপোন পূৰ্ণ কৰিবলৈ বেংকৰ সৈতে সম্বন্ধ স্থাপন কৰিব বিচাৰে। আপোনালোকে যদি আগবাঢ়ি গৈ ৰাইজক সহযোগিতা আগবঢ়াইগৈ, তেতিয়া অধিক সংখ্যক মানুহৰ আৰ্থিক অৱস্থা উন্নত হ’ব আৰু ইয়াৰ পৰা আপোনালোকৰ নিজৰো শক্তি বৃদ্ধি পাব। আপোনালোকৰ এই প্ৰয়াস দেশক আত্মনিৰ্ভৰ কৰাৰ ক্ষেত্ৰত, আমাৰ লঘূ উদ্যোগীসকল, মধ্যবিত্ত শ্ৰেণীৰ যুৱক-যুৱতীসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায়ক হ’ব। বেংক আৰু জমাকৰ্তাসকলৰ ভৰসাই নতুন মাত্ৰা লাভ কৰিব আৰু আজিৰ এই কাৰ্যক্ৰম কোটি কোটি জমাকৰ্তাৰ মনত এক নতুন বিশ্বাস জন্ম দিয়াৰ সুযোগ হিচাপে পৰিগণিত হ’ব। আৰু ইয়াৰ জৰিয়তে বেংকসমূহৰো ‘ৰিস্ক টেকিং কেপাচিটী’ বহু গুণে বাঢ়িব পাৰে। এতিয়া বেংকৰ বাবেও সুযোগ আহিছে, জমাকৰ্তাসকলৰ বাবে সুযোগ আহিছে। এনে শুভ উপলক্ষত মই আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাইছো! বহুত বহুত ধন্যবাদ!  

***

DS/VJ/DK/KB



(Release ID: 1782473) Visitor Counter : 196