প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সংসদত সংবিধান দিৱস উদযাপন অনুষ্ঠানত প্রধানমন্ত্রী


বাবাচাহেব আম্বেদকাৰ আৰু ৰাজেন্দ্র প্রসাদলৈ সশ্ৰদ্ধ প্ৰণিপাত

বাপুকে ধৰি যিসকলে ব্যক্তিয়ে স্বাধীনতা আন্দোলনত আত্মবলিদান দিছিল, তেওঁলোককৈও শ্রদ্ধা নিবেদন

২৬/১১ৰ ঘটনাৰ শ্বহীদসকলৰ প্রতি শ্রদ্ধাঞ্জলি

সংবিধান দিৱস উদযাপন কৰিব লাগিব, কাৰণ আমি যি পথত অগ্রসৰ হৈছো, সেয়া সঠিক নে ভুল, তাৰ নিৰন্তৰ মূল্যায়ন কৰা প্রয়োজন

পৰিয়ালকেন্দ্ৰিক ৰাজনৈতিক দলসমূহৰ পৰিপ্রেক্ষিতত ভাৰতে এনে এক সংকটৰ দিশে অগ্রসৰ হৈছে, যি সংবিধানৰ অনুগামীসকলৰ বাবে চিন্তাৰ কাৰণ

যিবোৰ দলে গণতান্ত্রিক বৈশিষ্ট্য হেৰুৱাইছে, তেওঁলোকে গণতন্ত্রক কিদৰে সুৰক্ষিত ৰাখিব?

স্বাধীনতাৰ পাছত কর্তব্য পালনৰ প্রতি আৰু অধিক গুৰুত্ব দিয়া হ’লে ভাল আছিল; আজাদি কা অমৃত মহোৎসৱৰ এই সময়ত আমি দায়িত্ব পালনৰ পথত আগুৱাই যোৱা প্রয়োজন, যাতে আমাৰ অধিকাৰ সুৰক্ষিত থাকে

Posted On: 26 NOV 2021 12:32PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি সংসদত সংবিধান দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ অনুষ্ঠানত ৰাষ্ট্রপতি, উপ-ৰাষ্ট্রপতি, প্রধানমন্ত্রী আৰু লোকসভাৰ অধ্যক্ষ ভাষণ প্ৰদান কৰে৷ ৰাষ্ট্রপতিৰ ভাষণৰ পাছত সমগ্র দেশে সংবিধানৰ প্ৰস্তাৱনা পঢ়া অনুষ্ঠান পোনপটীয়াকৈ সংযুক্ত হয়। ইয়াৰ পাছত ৰাষ্ট্রপতিয়ে সংবিধান সভাৰ তর্ক-বিতর্কৰ ডিজিটেল সংস্কৰণ, ভাৰতীয় সংবিধানৰ কেলিগ্রাফ কপিৰ ডিজিটাল সংস্কৰণকে ধৰি আজিলৈকে যাৱতীয় সংশোধন সম্বলিত ভাৰতীয় সংবিধানৰ শেহতীয়া সংস্কৰণ প্রকাশ কৰে। সাংবিধানিক গণতন্ত্র লৈ ৰাষ্ট্রপতিয়ে এক অনলাইন কুইজ প্রতিযোগিতাৰো শুভাৰম্ভ কৰে।

এই উপলক্ষে প্রধানমন্ত্রীয়ে কয় যে আজি বাবাচাহেব আম্বেদকাৰ, ড০ ৰাজেন্দ্র প্রসাদ, বাপু আৰু স্বাধীনতা সংগ্রাম আত্মবলিদান দিয়া সেই কলো দূৰদৃষ্টিসম্পন্ন মহান ব্যক্তি শ্রদ্ধা জনোৱাৰ দিন। আজি সংসদক শ্রদ্ধা জনোৱাৰ দিন। দূৰদৃষ্টিসম্পন্ন এই মহান ব্যক্তিসকলৰ মাজত ব্যাপক আলাপ-আলোচনা আৰু চিন্তাভাবনাৰ পাছত আমাৰ সংবিধান প্রণয়ন কৰা হয়। প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে গণতন্ত্রৰ পীঠস্থান এই সংসদৰ প্রতি আজি শ্রদ্ধা জনোৱাৰ দিন। তিনি ২৬/১১ ঘটনা শ্বহীদসকলৰ প্রতিও শ্রদ্ধাঞ্জলি নিবেদন। প্রধানমন্ত্রীয়ে কয় যেআজি ২৬/১১ আমাৰ বাবে নে টা দিন আছিল, যেতিয়া শত্রুসকলে দেশৰ অভ্যন্তৰ প্রৱেশ ৰি মুম্বাই সন্ত্ৰাসবাদী আক্রমণ কৰে। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজত দেশৰ নির্ভীক সেনাসকলে জীৱন ৰ্গা কৰে। আজি আমি তেওঁলোকৰ প্ৰতি বিনম্র শ্রদ্ধা জনাইছো

প্রধানমন্ত্রীয়ে কয় যে আমাৰ সংবিধান কেৱল কিছু ধাৰা আৰু অনুচ্ছেদৰ সংকলন নহয়, আমাৰ সংবিধান প্ৰকৃতাৰ্থত সহস্র বছৰৰ এক মহান পৰম্পৰা। আমাৰ সংবিধানে সেই অক্ষুণ্ন ধাৰাৰ এক আধুনিক অভিব্যক্তি। প্রধানমন্ত্রীয়ে কয় যে সংবিধান দিৱস উদযাপন ৰিব লাগিব কাৰণ মি যি পথ অগ্রসৰ হৈছো, সেয়া সঠিক নে ভুল, তাৰ নিৰন্তৰ মূল্যায়ন প্রয়োজন।

সংবিধান দিৱস উদযাপনৰ অন্তৰালত যি ভাৱনা আছে, সে প্রসংগত প্রধানমন্ত্রীয়ে কয় যে বাবাচাহেব আম্বেদকাৰৰ ১২৫সংখ্যক জন্ম বার্ষিকীত মি ইটো উপলব্ধি ৰিছিলো যে বাবাচাহেব আম্বেদকাৰে আমা যি উপহাৰ দি গৈছে, তাতকৈ পবিত্র মুহূর্ত আৰ একো নোৱাৰে৷ এই বিষয়টো বিবেচনা কৰিয়েই সংবিধান দিৱস উদযাপনৰ এই প্ৰচেষ্টা হাতত লোৱা হয়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে মি বাবাচাহেবৰ এই ৱদান স্মৃতি গ্রন্থৰ জৰিয়তে চিৰদিন মন ৰাখিম। প্রতি বছৰে ২৬ জানুৱাৰীত গণৰাজ্য দিৱস উদযাপন কৰা দৰে ২৬ ৱেম্বৰ দিনটো সংবিধান দিৱস হিচাপে উদযাপন কৰাৰ ৰীতি চলি থকা লে নিঃসন্দেহে ভাল লহেতেন।

প্রধানমন্ত্রীয়ে কয় যে পৰিয়ালকেন্দ্ৰিক ৰাজনৈতিক দলসমূহৰ পৰিপ্রেক্ষিতত ভাৰতে নে এক সংকটৰ দিশে অগ্রসৰ হৈছে, যি সংবিধান অনুগামীসকলৰ বাবে চিন্তাৰ কাৰণ। আনকি, গণতন্ত্রৰ প্রতি যিসকলৰ আস্থা আছে, তেওঁলোকৰ বাবেও চিন্তাৰ কাৰণ হৈ ঠিছে। তেওঁ লগতে কয় যে যোগ্যতাৰ ভিত্তিত টা পৰিয়ালৰ পৰা একাধিক ব্যক্তি ৰাজনৈতিক দল যোগ দিলে সেয়া কেতিয়াও পৰিয়ালতান্ত্রিক হৈ নুঠে৷ সেয়েহে, সমস্যা সূত্রপাত হয় তেতিয়াই, যেতিয়াই সেই দল প্রজন্মৰ পাছত প্রজন্ম ধৰি এটা পৰিয়ালে পৰিচালনা কৰে। প্রধানমন্ত্রীয়ে আক্ষেপ কৰি কয় যে ৰাজনৈতিক দলসমূহে যেতিয়া তেওঁলোকৰ গণতান্ত্রিক বৈশিষ্ট্য হেৰুৱাই, তেতিয়াই সংবিধানৰ মর্মে, সংবিধানৰ প্রতিটো ধাৰা আঘাত লাগে। তেনে অৱস্থাত গণতান্ত্রিক বৈশিষ্ট্য হেৰুওৱা দলসমূহে কিদৰে গণতন্ত্রক সুৰক্ষা দিব বুলিও প্রধানমন্ত্রীয়ে প্রশ্নও উত্থাপন কৰে।

দুর্নীতি পৰায়ণ ব্যক্তিসকলৰ হৈ মাত মতা আৰু তেওঁলোকৰ গুণানু কীর্তনৰ প্রৱণতাৰ বিষয়তো প্রধানমন্ত্রীয়ে সকলোকে সতর্ক ৰি দিয়ে৷ তেওঁ কয় যে সংস্কাৰৰ সুযোগ জৰিয়তে জন জীৱন ধৰণৰ দুর্নীতি পৰায়ণ ব্যক্তিসকলৰ গুণানুকীর্তনৰ পৰা মি দূৰত থাকিব লাগিব৷

প্রধানমন্ত্রীয়ে কয় যে মহাত্মা গান্ধীয়ে স্বাধীনতা আন্দোলন অধিকাৰ সুৰক্ষিত ৰাখিবলৈ যুঁজ দি যোৱাৰ লগতে সমগ্র দেশক কর্তব্যপৰায়ণ ৰি তোলাৰ চেষ্টা ৰিছিল৷ স্বাধীনতাৰ পাছত কর্তব্য পালনৰ প্রতি ৰু অধিক গুৰুত্ব দিয়া লে ভাল আছিল৷ আজাদি কা অমৃত মহোৱৰ এই সময় মি দায়িত্ব পালনৰ পথ আগুৱাই যোৱা প্রয়োজন, যাতে আমাৰ অধিকাৰ সুৰক্ষিত থাকে।

****

DS/AK/DB



(Release ID: 1777597) Visitor Counter : 136