প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশ ভ্ৰমণ আৰু ঝান্সীৰ 'ৰাষ্ট্ৰ ৰক্ষা সমৰ্পন পৰ্ব'ত প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰ ভাৰতক এক গুৰুত্বপূৰ্ণ উৎসাহ প্ৰদান কৰিব
প্ৰধানমন্ত্ৰীয়ে নৌসেনাৰ জাহাজৰ বাবে থলুৱাভাৱে ডিজাইন আৰু বিকশিত কৰা লাইট কমবেট হেলিকপ্টাৰ, ড্ৰোন আৰু এডভান্সড ইলেকট্ৰনিক ৱাৰফেয়াৰ চুইট আনুষ্ঠানিকভাৱে সশস্ত্ৰ বাহিনী সেৱাৰ মুৰব্বীসকলক অৰ্পণ কৰিব
প্ৰধানমন্ত্ৰীয়ে এণ্টি-টেংক গাইডেড মিছাইলৰ বাবে পৰিচালনা প্ৰণালী যুগুতৰ অৰ্থে উত্তৰ প্ৰদেশ প্ৰতিৰক্ষা ঔদ্যোগিক কৰিডৰৰ ঝান্সী নোডত ৪০০ কোটি টকীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব
প্ৰাক্তন এনচিচি কেডেট প্ৰধানমন্ত্ৰীক এনচিচি এলামনাই এছ'চিয়েচনৰ প্ৰথম সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হ’ব
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদসকলক ভাৰ্চুৱেল ধৰণেৰে শ্ৰদ্ধাঞ্জলি জনাবলৈ সুবিধা ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব
Posted On:
17 NOV 2021 2:00PM by PIB Guwahati
২০২১ ৰ ১৯ নৱেম্বৰত উত্তৰ প্ৰদেশৰ ঝান্সী ভ্ৰমণৰ সময়ত সন্ধিয়া ৫:১৫ বজাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'আজাদী কা অমৃত মহোৎসৱ' উদযাপনৰ অংশ হিচাপে ১৭-১৯ নৱেম্বৰত ঝান্সীত অনুষ্ঠিত হোৱা 'ৰাষ্ট্ৰ ৰক্ষা সমৰ্পন পৰ্ব'ত প্ৰতিৰক্ষা খণ্ডটোৰ একাধিক পদক্ষেপৰ শুভাৰম্ভ আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব।
প্ৰতিৰক্ষা খণ্ডটোত আত্মনিৰ্ভৰ ভাৰতক গুৰুত্ব আৰোপ কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে সশস্ত্ৰ বাহিনী সেৱাৰ মুৰব্বীসকলক থলুৱাভাৱে ডিজাইন আৰু বিকশিত কৰা আহিলা অৰ্পণ কৰিব। ইয়াৰ ভিতৰত আছে হিন্দুস্তান এৰ’নটিক্স লিমিটেড (HAL) য়ে ডিজাইন আৰু বিকশিত কৰা লাইট কমবেট হেলিকপ্টাৰ (LCH) এয়াৰ ষ্টাফৰ মুৰব্বীক অৰ্পণ কৰা; ভাৰতীয় ষ্টাৰ্টআপসমূহৰদ্বাৰা ডিজাইন আৰু বিকশিত কৰা ড্ৰোন/ইউএভি সেনা প্ৰধানক অৰ্পণ আৰু ডিআৰডিঅ’য়ে ডিজাইন কৰা আৰু ভাৰত ইলেকট্ৰনিক্স লিমিটেড (BEL) য়ে নিৰ্মাণ কৰা নৌ জাহাজৰ বাবে এডভান্সড ইলেকট্ৰনিক ৱাৰফেয়াৰ চুইট নৌ সেনাপ্ৰধানক অৰ্পণ। এলচিএইচত ফলপ্ৰসূ যুঁজাৰু ভূমিকাৰ বাবে উন্নত প্ৰযুক্তি আৰু গুপ্ত বৈশিষ্ট্য সংযোজিত কৰা হৈছে। ভাৰতীয় সশস্ত্ৰ বাহিনীৰদ্বাৰা ভাৰতীয় ইউএভি মোতায়েন কৰাটো ভাৰতীয় ড্ৰোন উদ্যোগটোৰ বাতাবৰণৰ বৰ্ধিত পৰিপক্কতাৰ প্ৰমাণ। উন্নত ইডব্লিউ চুইটটো বিভিন্ন নৌ জাহাজত ব্যৱহাৰ কৰা হ'ব যাৰ ভিতৰত আছে ধ্বংসকাৰী, ফ্ৰিগেট ইত্যাদি।
প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশ প্ৰতিৰক্ষা ঔদ্যোগিক কৰিডৰৰ ঝান্সী নোডত ৪০০ কোটি টকীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এণ্টি-টেংক গাইডেড মিছাইলৰ বাবে পৰিচালনা প্ৰণালী যুগুতৰ অৰ্থে এটা প্ৰকল্প স্থাপন কৰিবলৈ ভাৰত ডাইনেমিক্স লিমিটেডে এই কাম সম্পাদন কৰিছে।
এনচিচিৰ প্ৰাক্তন কেডেটসকলক এনচিচিৰে পুনৰ সংযোগ স্থাপনৰ বাবে এক আনুষ্ঠানিক মঞ্চ প্ৰদানৰ উদ্দেশ্যৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এনচিচি এলামনাই এছ'চিয়েচনৰ শুভাৰম্ভ কৰিব। সংস্থাটোৱে এনচিচিৰ লক্ষ্যৰাজিক আগবঢ়াই নিব আৰু ৰাষ্ট্ৰ-নিৰ্মাণত সহায় কৰিব। ইয়াতে এনচিচিৰ প্ৰাক্তন কেডেট প্ৰধানমন্ত্ৰীগৰাকীক এই এছ'চিয়েচনৰ প্ৰথম সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হ’ব।
প্ৰধানমন্ত্ৰীয়ে এনচিচিৰ তিনিওটা শাখাৰ বাবে অনুকৰণ প্ৰশিক্ষণ সুবিধা বৃদ্ধিৰ লক্ষ্যৰে এনচিচি কেডেটসকলৰ অৰ্থে অনুকৰণ প্ৰশিক্ষণৰ ৰাষ্ট্ৰীয় কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰিব। ইয়াত আছে এনচিচিৰ আৰ্মি উইঙৰ বাবে ৰাইফল ফায়াৰিং চিমুলেটৰ স্থাপন, এয়াৰ উইঙৰ বাবে মাইক্ৰ'লাইট ফ্লায়িং চিমুলেটৰ আৰু নেভেল উইঙৰ বাবে ৰ’য়িং চিমুলেটৰ স্থাপন কৰা।
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত বৰ্ধিত বাস্তৱশক্তি চালিত ইলেকট্ৰনিক কিয়স্কসমূহ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব যিয়ে দৰ্শনাৰ্থীসকলক বুটামটোৰ সাধাৰণ ক্লিকৰ জৰিয়তে শ্বহীদসকললৈ পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ সক্ষম কৰি তুলিব।
***
DS/VJ/AK/SB
(Release ID: 1777553)
Visitor Counter : 136
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam