প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ত্ৰিপুৰাত হিতাধিকাৰীসকলক ‘পিএমএওৱাই-জি’-ৰ প্ৰথমটো কিস্তি বিতৰণ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

Posted On: 14 NOV 2021 5:00PM by PIB Guwahati

নমস্কাৰ! খুলুমাকা! জয় মা ত্ৰিপুৰসুন্দৰী!

কাৰ্যক্ৰমত আমাৰ সৈতে সংযোজিত হোৱা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী শ্ৰীমান বিপ্লৱ দেৱ জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলত মোৰ  সহযোগী শ্ৰী গিৰিৰাজ সিং জী, শ্ৰীমতী প্ৰতিমা ভৌমিক জী, ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী শ্ৰী জিষ্ণু দেৱ বাৰ্মা জী, সাংসদসকল, বিধায়কসকল আৰু স্থানীয় নিকায়সমূহৰ লগতে পঞ্চায়তসমূহৰ সদস্যবৃন্দ আৰু ত্ৰিপুৰাৰ উত্সাহী, পৰিশ্ৰমী মোৰ প্ৰিয় ভাই-ভনী আৰু ন-জোৱান বন্ধুসকল।

ত্ৰিপুৰাৰ বন্ধুসকলৰ সৈতে কথা-বতৰা পতাৰ পিচত মোৰ বিশ্বাস আৰু বাঢ়ি গৈছে। আজি যিসকল লোকৰ সৈতে মই কথা পতাৰ সুযোগ পালো, ভাল লাগিল। বিকাশৰ এই চমক, নিজা ঘৰ আৰু সন্মানপূৰ্ণ জীৱনৰ এই আত্মবিশ্বাসে ত্ৰিপুৰা আৰু সামগ্ৰিক ভাবে উত্তৰপূৰ্বাঞ্চলকে বহুদূৰ আগুৱাই নিব। নতুন ভাৱনাৰে আগবঢ়া ত্ৰিপুৰাখন আগন্তুক দিনবোৰত কেনেকুৱা হ’বগৈ সেয়াও আমি অনুমান কৰিব পাৰিছো।

বন্ধুসকল,

আমাৰ জীৱনলৈ কিবা পৰিৱৰ্তন আহিলে, কোনো ডাঙৰ সফলতা আহিলে, ইয়ে আমাক স্বাভাৱিকতেই উত্সাহিত, আহ্লাদিত কৰে, এক নতুন উদ্দীপনা প্ৰদান কৰে। পিচে, সেই সফলতা, আশাৰ সেই নতুন কিৰণ যদি দীৰ্ঘ বিৰতিৰ পিচতহে সম্ভৱ হয়গৈ, জীৱনত আন্ধাৰেই আন্ধাৰ, আৰু তাৰ মাজত এক কিৰণ চকুত পৰেহি যদি তাৰ চমক বহু গুণে অধিক য্ন অনুভৱ হয়। যেতিয়াৰ পৰা বিপ্লৱ দেৱ জীৰ চৰকাৰ গঠন হৈছিল, যেতিয়াৰ পৰা দিল্লীত আমি বিপ্লৱ দেৱ জীৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰিছিলো, নিৰন্তৰ এই চমকৰ পৰিসৰ বাঢ়িবলৈ ধৰিলে। আজি আমাৰ ত্ৰিপুৰা আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলেই এনে পৰিৱৰ্তনৰ সাক্ষী হৈ উঠিছে।

আজি ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ৰ অধীনত দিয়া প্ৰথমটো কিস্তিয়ে ত্ৰিপুৰাৰ স্বপ্নকো নতুন উত্সাহ প্ৰদান কৰিছে। মই এই প্ৰথমটো কিস্তি লাভ কৰা প্ৰায় ডেৰ লাখ পৰিয়ালৰ লগতে সকলো ত্ৰিপুৰাবাসীক হৃদয়ৰে অভিনন্দন জ্ঞাপন কৰিছো। তেওঁলোকেযে ইমান কম সময়তে চৰকাৰী কৰ্ম-সংস্কৃতি, কাম কৰাৰ আগৰ ধৰণটোকো সলনি কৰিব পাৰিছে। যি যুৱ-উদ্যমৰে বিপ্লৱ দেৱ জীয়ে কাম কৰিবলৈ ধৰিছে, সেই যুৱ উদ্যম, সেই উদ্দীপনাই আজি সমগ্ৰ ত্ৰিপুৰাতে পৰিলক্ষিত হ’বলৈ ধৰিছে।

বন্ধুসকল,

মোৰ মনত আছে, আজিৰ পৰা চাৰি-পাঁচবছৰ আগলৈকে মানুহে কৈছিল যে ত্ৰিপুৰাত দশকৰ পিচত দশক ধৰি এটাই মাত্ৰ ‘ছীষ্টেম’ চলি আহিছে, আৰু ইয়াক কেতিয়াও সলাব পৰা নাযাব। কিন্তু যেতিয়াই ত্ৰিপুৰাই পৰিৱৰ্তনৰ বাবে মন বান্ধি ল’লে, তাৰ পিচৰ পৰাই ত্ৰিপুৰাৰ বিকাশৰ গতি ৰুধিব খোজা চিন্তা-ধাৰাক সম্পূৰ্ণ ৰূপেই সলাই পেলালে। এতিয়া ত্ৰিপুৰাক দুখীয়া কৰি ৰখা, ত্ৰিপুৰাৰ ৰাইজক সুখ-সুবিধাৰ পৰা আঁতৰত ৰখা সেই চিন্তাধাৰাৰ এতিয়া ত্ৰিপুৰাত কোনো স্থানেই নোহোৱা কৰিলে। এতিয়া ইয়াত ‘ডবল ইঞ্জিন’ৰ চৰকাৰে পূৰ্ণ শকতিৰে, সম্পূৰ্ণ সততাৰে ৰাজ্যখনৰ বিকাশৰ বাবে কাম কৰি আছে। এতিয়া আগৰতালা আৰু দিল্লী দুয়োয়ে একেলগে মিলি ত্ৰিপুৰাৰ উন্নতিৰ বাবে নীতি প্ৰস্তুত কৰে, পৰিশ্ৰম কৰে, আৰু পৰিণাম সম্ভৱ কৰি তোলে। আপোনালোকে চাওকচোন, বিগত চাৰিটা বছৰত, ত্ৰিপুৰাৰ গাঁওসমূহৰ প্ৰায় ৫০ হাজাৰ পৰিয়ালক ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ৰ আধাৰত পকী ঘৰ নিৰ্মাণ কৰি দিয়া হৈছে। এতিয়া প্ৰায় ১ লাখ ৬০হাজাৰ পৰিয়ালক নতুন ঘৰৰ স্বীকৃতি প্ৰদান কৰা হৈছে। একেলগে, এবাৰতে যিসমূহ ঘৰৰ স্বীকৃতি প্ৰদান কৰা হৈছে, ইয়াৰে প্ৰায় ডেৰ লাখ পৰিয়ালক আজি প্ৰথমটো কিস্তি বিতৰণ কৰা হৈছে। আৰু সেয়াও একলগে, একে বাৰতে, এটা বুটাম টিপিয়েই!

ত্ৰিপুৰাৰ এই আচৰণ আৰু ত্ৰিপুৰাৰ এই গতিবেগ ক’ৰোনাৰ বিৰুদ্ধে আমাৰ যুঁজখনতো দেখিবলৈ পোৱা গৈছিল। ৪৫বছৰৰ ওপৰৰ লোকসকলৰ এশ শতাংশকে প্ৰতিষেধক প্ৰদানৰ অভিলেখ সৰ্ব প্ৰথমে ত্ৰিপুৰাই ৰচনা কৰিছিল। আৰু এতিয়া, ত্ৰিপুৰাই ১৮বছৰৰ ওপৰৰ লোকসকলৰ এশ শতাংশকে প্ৰতিষেধক দিবলৈ অগ্ৰসৰ হৈছে।

বন্ধুসকল,

আগতে আমাৰ দেশৰ উত্তৰ আৰু পশ্চিম অংশৰ নদীসমূহতো পূবমুৱা হৈ প্ৰবাহিত হৈছিল, কিন্তু বিকাশৰ গংগা ইয়াত উপস্থিত হোৱাৰ আগতেই স্তিমিত হৈ পৰিছিল। দেশৰ সমগ্ৰ বিকাশকে বিক্ষিপ্ত ৰূপত সম্পাদন কৰা হৈছিল, ৰাজনৈতিক লাভালাভৰ বিবেচনাৰে সম্পাদন কৰা হৈছিল। সেয়ে আমাৰ পূৰ্বোত্তৰে নিজকে উপেক্ষিত বুলিয়ে গণ্য কৰি আহিছিল। কিন্তু আজি দেশৰ বিকাশক ‘এক ভৰত, শ্ৰেষ্ঠ ভাৰত’ৰ ভাৱনাৰে চোৱা হৈছে। বিকাশক এতিয়া দেশৰ একতা-অখণ্ডতাৰ পৰ্যায় হিচাপে গণ্য কৰা হৈছে।

আগতে নীতিসমূহ দিল্লীৰ বন্ধ কোঠাত প্ৰস্তুত কৰা হৈছিল, আৰু পূৰ্বোত্তৰক তাৰে সংপৃক্ত কৰাৰ অপচেষ্টা কৰা হৈছিল। তৃণমূলৰ সৈতে কোনো সংযোগ নথকাৰ কথাই স্বাভাৱিকতেই বিচ্ছিন্নতাৰ অনুভৱক জন্ম দিছিল। সেয়ে, বিগত সাতোটা বছৰত দেশে এক নতুন চিন্তা, নতুন দৃষ্টিভংগী গ্ৰহণ কৰিছে। এতিয়া দিল্লীৰ হিচাপত নহয়, বৰং ইয়াৰ প্ৰয়োজনীয়তাৰ আধাৰতহে নীতি যুগুতোৱা হয়।

‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’কে ধৰকচোন। পকী ঘৰ নিৰ্মাণক লৈ কেতবোৰ নিয়ম ত্ৰিপুৰাৰ পৰিয়ালসমূহৰ বাবে বাধা হৈ দেখা দিছিল। কিন্তু চৰকাৰে ত্ৰিপুৰাৰ ভৌগলিক পৰিস্থিতিক হৃদয়ংগম কৰি, সেই হিচাপত নিয়মসমূহৰ পৰিৱৰ্তন সাধন কৰি, আৱশ্যকীয় নীতি নিৰ্দ্ধাৰণ কৰে। আৰু ইয়াৰ সুবাদতে আজি হাজাৰ হাজাৰ নতুন পৰিয়ালে এই যোজনাৰ লাভ আদায় কৰিব পাৰিছে। বিকাশৰ বাবে এনে ধৰণৰ সংবেদনশীলতা খুবেই প্ৰয়োজন হয়। সেয়াই নহয়, আমি এয়াও লক্ষ্য কৰিছো যে ইয়াৰ বাতাবৰণ আৰু থকা-মেলাৰ হিচাপত ঘৰবোৰ কেনে হোৱা উচিত। আমি ঘৰসমূহৰ আকাৰো বঢ়োৱাৰ দিহা কৰাৰ লগতে সেইসমূহত নতুন সা-সুবিধাও সংযোজিত কৰিছো।

বন্ধুসকল,

‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ৰ অতিকে গুৰুত্বপূৰ্ণ শক্তি়ৰ বিষয়ে মই দেশবাসীক বাৰে বাৰে অৱগত কৰি আহিছো। আৰু যিডোখৰ স্থানে ‘ত্ৰিপুৰাসুন্দৰী’ৰ বিশেষ আশীৰ্বাদ লাভ কৰিছে, তাততো মই এই কথাৰ উল্লেখ নিশ্চয় কৰিম। শতিকা ধৰি আমাৰ দেশত যি চিন্তাধাৰা চলি আহিছিল, তাত মহিলাসকলৰ নামত ঘৰ নাথাকিছিলেই; মহিলাৰ নামত কোনো সম্পত্তিয়েই নাথাকিছিল। ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ই এই চিন্তাধাৰাকো সলনি কৰাৰ কাম কৰিছে। এই যোজনাৰ আধাৰত যিসমূহ ঘৰ নিৰ্মাণ কৰা হৈছে তাৰ মালিকী স্বত্ব যিমান পাৰি সিমান অধিক ভাবে আমাৰ বাই-ভনীসকলে লাভ কৰিছে, মাতৃসকলে লাভ কৰিছে। এতিয়া তেওঁলোক ঘৰৰ কাগজে-পত্ৰই স্বত্বাধিকাৰী হৈ উঠিছে। সেয়াই নহয়, ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ৰ জৰিয়তে লাভ কৰা ঘৰত যিবোৰ গেছৰ সংযোগ লাভ কৰিছে, বিজুলীৰ সংযোগ লাভ কৰিছে, পানীৰ সংযোগ লাভ কৰিছে এই সকলোবোৰৰে লাভ আমাৰ ভগ্নী-কন্যাই অধিক ভাবে লাভ কৰিছে।

বন্ধুসকল,

ভাৰতৰ বিকাশত, আত্মবিশ্বাসৰে ভৰা ভাৰতৰ মহিলা শক্তিৰ ভাৰতক আগুৱাই নিয়াৰ ক্ষেত্ৰত এক বহুত ডাঙৰ অৰিহণা আছে। এই মহিলা শক্তিৰ বহুত ডাঙৰ প্ৰতীক হৈছে আমাৰ মহিলা আত্ম সহায়ক গোটসমূহ। আমি আত্ম সহায়ক গোটসমূহৰ কাম কৰা বাই-ভনীসকলক জনধন একাউণ্টৰ মাধ্যমৰে বেংকিং ব্যৱস্থাৰে সংযোজিত কৰিছো। তেওঁলোকে ‘বেংক গেৰেণ্টী’ নোহোৱাকৈয়ে ঋণো লাভ কৰিছে, এতিয়া এই ধনৰাশিৰ পৰিমাণ দুগুণলৈ বৃদ্ধি কৰা হৈছে, অৰ্থাত্ ২০লাখ টকা কৰা হৈছে।

মোৰ ভাল লাগিছে যে ত্ৰিপুৰা চৰকাৰেও মহিলাসকলৰ সৱলীকৰণৰ বাবে সম্পূৰ্ণ শকতিৰে কাম কৰাৰ নীতি গ্ৰহণ কৰিছে। ইয়াত আগতে যি চৰকাৰ আছিল...বিপ্লৱ দেৱ জী অহাৰ আগৰ কথা কৈছো...তেওঁলোকৰ পাঁচোটা বছৰত ত্ৰিপুৰাত মাত্ৰ ৪ হাজাৰটা মহিলা আত্ম সহায়ক গোট আছিল। কিন্তু ২০১৮চনত ‘ডবল ইঞ্জিন’ চৰকাৰ গঠনৰ পিচত, ২৬ হাজাৰৰো অধিক নতুন মহিলা আত্ম সহায়ক গোট গঠিত হৈছে। এইসমূহৰে জড়িত মহিলাসকলে কৃষিজাত সামগ্ৰী প্ৰস্তুত কৰা, বাঁহৰে প্ৰস্তুত কৰা সামগ্ৰী, হস্তশিল্প আদিত মনোনিৱেশ কৰি আহিছে। ত্ৰিপুৰা চৰকাৰে এওঁলোকক আৰ্থিক সহযোগিতা আগবঢ়াই আহিছে, এওঁলোকক নিৰন্তৰ সহযোগিতা আগবঢ়াই আহিছে।

বন্ধুসকল,

কম সময়তে কেনেকৈ ডাঙৰ পৰিৱৰ্তন সম্ভৱ হ’ব পাৰে, সীমিত সময়ত নতুন ব্যৱ্স্থা প্ৰতিস্থা কৰিব পৰা যায়, আজি মই ত্ৰিপুৰাক অভিনন্দন জনাইছো কাৰণ ত্ৰিপুৰাই এই সকলোবোৰ কৰি দেখুৱাইছে। আগতে ইয়াত ‘কমিছন’ আৰু ‘কৰাপশ্যন’ৰ বাহিৰে কোনো কথাই হোৱা নাছিল, কিন্তু এতিয়া চৰকাৰী যোজনাৰ লাভ ‘ডিবিটি’-ৰ মাধ্যমৰে পোণপতীয়াকৈ আপোনালোকৰ হাতত পৰিছেগৈ। আগতে আপোনালোকে এটা এটা কামৰ বাবে সাধাৰণ ৰাইজে চৰকাৰৰ কাৰ্যালয়ে কাৰ্যালয়ে টাকুৰি ঘূৰাদি ধৰি ফুৰিবলগীয়া হৈছিল, কিন্তু আজি সকলো সেৱা আৰু সুবিধা দিয়াৰ বাবে চৰকাৰ নিজেই আপোনালোকৰ কাষলৈ আহিবলৈ লৈছে।

আগতে চৰকাৰী কৰ্মচাৰীয়ে সময়ত দৰমহা পোৱাৰ বাবে হায়ৰাণ হৈ থাকিবলগীয়া হৈছিল, এতিয়া তেওঁলোকে ‘সপ্তম দৰমহা আয়োগ’ৰ লাভসমূহ পাই আছে। আগতে ইয়াৰ খেতিয়কসকলে তেওঁলোকৰ ফচল বিক্ৰী কৰাৰ বাবে হায়ৰাণ হ’বলগীয়া হৈছিল, কিন্তু এতিয়া ত্ৰিপুৰাত প্ৰথমবাৰৰ বাবে খেতিয়কসকলৰ পৰা ‘এমএছপি’ দৰত ফচল ক্ৰয় কৰা হৈছে। একেখনে ত্ৰিপুৰা, একেখিনিয়েই মানুহ, একেই সামৰ্থ্য, কিন্তু ‘ষ্ট্ৰাইক কালশ্যাৰ’ৰ কাৰণে ‘ইণ্ডাষ্ট্ৰী’সমূহে ইয়ালৈ আহিবলৈ ভয় কৰিছিল, সেইখন ত্ৰিপুৰাৰে এতিয়া ৰপ্টানীৰ পৰিমাণ পাঁচগুণে বাঢ়িছে।

বন্ধুসকল,

ত্ৰিপুৰাৰ ‘ডবল ইঞ্জিন’ চৰকাৰৰ পৰা যিসকলৰ লাভ হৈছে, তাৰ অধিকাংশই দুখীয়া, দলিত, পিচপৰা আৰু বিশেষকৈ আমাৰ আদিবাসী সমাজৰ ভাই-ভনী।  আমাৰ পূৰ্বোত্ততো দেশৰ সকলোতকৈ পুৰণি আৰু সমৃদ্ধ আদিবাসী সংস্কৃতিৰো কেন্দ্ৰ। স্বাধীনতাৰ ইতিহাসত আমাৰ পূৰ্বোত্তৰৰ আৰু দেশৰ অন্য প্ৰান্তৰো আদিবাসী বহু সেনানীয়ে দেশৰ বাবে আত্ম বলিদান দিছিল। এই পৰম্পৰাক সন্মান দিয়াৰ বাবে, এই ঐতিহ্যক আগুৱাই নিয়াৰ বাবে দেশে নিৰন্তৰ কাম কৰি আছে।

এই প্ৰসংগত, ‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ৰ সময়ছোৱাত দেশে আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। দেশে এতিয়াৰে পৰা প্ৰতিবছৰে ১৫ নৱেম্বৰত ‘ভগৱান বিৰছা মুণ্ডা’ৰ জন্ম জয়ন্তী ‘জনজাতীয় গৌৰৱ দিৱস’ৰ ৰূপত উদযাপন কৰিব। অৰ্থাত্ কাইলৈ ১৫ নৱেম্বৰত সমগ্ৰ হিন্দুস্থানৰ প্ৰতিটো কোণতে ‘জনজাতীয় গৌৰৱ দিৱস’ৰ ৰূপত উদযাপন কৰিব আৰু এতিয়াৰে পৰা এই দিৱসটি এনেদৰেই উদযাপন কৰা হ’ব। এই দিৱসটো কেৱল আমাৰ আদিবাসী ঐতিহ্যক প্ৰণিপাত জনোৱাৰ দিন নহ’ব, বৰং ই এখন সমাৱেশী সমাজৰ বাবে দেশৰ সংকল্পৰ প্ৰতীকো হৈ উঠিব। আৰু মই যেতিয়া ‘জনজাতীয় গৌৰৱ দিৱস’ৰ কথা কও, যেনেকৈ স্বাধীনতাৰ সম্পূৰ্ণ আন্দোলনত ১৫ আগষ্টৰ এক বিশেষ মূল্য আছে, যেনেকৈ লোকতান্ত্ৰিক প্ৰমূল্যৰ মাজত ২৬জানুৱাৰীৰ এক বিশেষ মূল্য আছে, যেনেকৈ আমাৰ সাংস্কৃতিক পৰম্পৰাসমূহৰ মাজত ‘ৰামনৱমী’ৰ মহত্ব আছে, যেনেকৈ আমাৰ জীৱনত ‘কৃষ্ণাষ্টমী’ৰ মহত্ব আছে, তেনেকৈয়ে ২অক্টোবৰ মহাত্মা গান্ধীৰ জয়ন্তী ‘অহিংসা দিৱস’ৰ ৰূপত স্থান লাভ কৰি আহিছে, যেনেকৈ ৩১ অক্টোবৰ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম জয়ন্তী দেশৰ একতাৰ বাৰ্তাৰে জড়িত হৈ আহিছে, তেনেদৰেই ১৫ নৱেম্বৰ আমাৰ দেশৰ ‘জনজাতীয় গৌৰৱ দিৱস’ৰ ৰূপত পালন কৰা হ’ব আৰু দেশৰ জনজাতিসকলে দেশৰ বিকাশৰ বাবে, দেশৰ সমৃদ্ধিৰ বাবে যি অৰিহণা আগবঢ়াই আহিছে, যি কাম কৰিব বিচাৰিছে, এই সকলোবোৰকে উত্সাহ উদ্দীপণাৰে আগবঢ়াই নিয়াৰ দিহা কৰা হ’ব।

বন্ধুসকল,

স্বাধীনতাৰ অমৃত মহোত্সৱ, দেশৰ এই মহোত্সৱত পূৰ্বোত্তৰৰ ৰং আৰু ইয়াৰ সংস্কৃতি অবিহণে সম্পূৰ্ণ হ’বই নোৱাৰে। সেয়ে, ২০৪৭ত যেতিয়া দেশৰ স্বাধীনতাৰ এশ বছৰ পূৰ্ণ হ’বগৈ, ২০৪৭ত স্বাধীনতাৰ এশ বছৰ পূৰ্ণ হোৱাৰ সময়ত দেশে যি উন্নয়ণ সম্ভৱ কৰিবগৈ, তাৰ নেতৃত্ব, তাত মোৰ পূৰ্বোত্তৰৰ বহুত ডাঙৰ যোগদান নিশ্চয় থাকিব।

আজিৰ তাৰিখত বিকাশৰ প্ৰতিটো দিশত, প্ৰতিটো প্ৰয়াসক গতি প্ৰদান কৰিছে। ইয়াত প্ৰকৃতি আৰু পৰ্যটনৰে জড়িত ইমানবোৰ সম্ভাৱনা আছে, দক্ষিণ এচীয়াৰে ভাৰতক সংযোজিত কৰাৰ পথ আছে, বেহা-বেপাৰৰ অপাৰ সম্ভাৱনা আছে, এই সকলোবোৰ সম্ভাৱনাই সাকাৰ হব তেতিয়া, যেতিয়া ইয়াৰ আধুনিক আন্তঃগাঁথনি নিৰ্মাণ হ’ব, উন্নত যোগোযোগ ব্যৱস্থা স্থাপিত হ’ব।

যোৱা দশকসমূহত এই দিশত যিখিনি হোৱা নাছিল, সেয়া আজি দ্ৰুতগতিৰে সম্পূৰ্ণ কৰাৰ ব্যৱস্থা কৰা হৈছে। আজিৰ তাৰিখত উত্তৰ পূৰ্বাঞ্চলত ৰে’লৰ যোগাযোগ স্থাপিত হৈছে, নতুন ৰে’লপথ নিৰ্মিত হৈছে। এইদৰে, যিবোৰ এলেকাক আগতে দুৰ্গম বুলি ভাবি এৰাই চলা হৈছিল, তেনে ঠাইতো নতুন নতুন ঘাইপথ নিৰ্মাণ কৰা, চাৰিলেন যুক্ত পথ নিৰ্মাণ কৰা হৈছে, দলং নিৰ্মিত হৈছে। ইয়াত, ত্ৰিপুৰাতো নতুন ৰে’লপথৰ বাবে, নতুন ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে বহুখিনি কাম সম্পাদিত হৈছে। এই আধুনিক আন্তঃগাঁথনিয়ে আগন্তুক বছৰসমূহত উত্তৰ পূৰ্বাঞ্চলৰ পৰিচয়ক, ইয়াৰ প্ৰগতিক নতুন মাত্ৰা প্ৰদান কৰিব।

আমাৰ এই সংকল্পই পূৰ্বোত্তৰলৈ অহা পৰিৱৰ্তনক, নিকট ভৱিষ্যতত দেশক এক নতুন শিখৰলৈ লৈ যাব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে।

ইমান গুৰুত্বপূৰ্ণ কাম, এখন সৰু ৰাজ্যই ইমান দীঘলীয়া জাঁপ মাৰিবলৈ সক্ষম হোৱা দেখি মই গৰ্ব অনুভৱ কৰিছো। মোৰ আনন্দ লাগিছে। আপোনালোক সকলো হিতাধিকাৰী, ত্ৰিপুৰাৰ নাগৰিক, তথা পূৰ্বোত্তৰৰ সকলো ভাই-ভনীক বহুত বহুত শুভকামনা জনাইছো। আপোনালোকক আন্তৰিক অভিনন্দন জনাই সামৰিছো।

বহুত বহুত ধন্যবাদ!

 

 

 

 

***

DS/VJ/NS/AK/KB



(Release ID: 1772592) Visitor Counter : 103