প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শিৱশাহীৰ বাবাচাহেব পুৰন্দৰেৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
15 NOV 2021 10:17AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেখক, ইতিহাসবিদ আৰু নাট্য ব্যক্তিত্ব শিৱশাহীৰ বাবাচাহেব পুৰন্দৰেৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। শিৱশাহীৰ বাবাচাহেব পুৰন্দৰেৰ অৱদানৰ কথা স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে। উত্তৰ প্ৰজন্মক ছত্ৰপতি শিৱাজী মহাৰাজৰ সৈতে পৰিচয় কৰোৱাৰ ক্ষেত্ৰত তেওঁৰ অৱদান আছিল স্মৰণীয়। কেইমাহমান পূৰ্বে তেওঁৰ শতবাৰ্ষিকী বৰ্ষৰ কাৰ্যসূচী সম্বোধন কৰাৰ সময়ত দিয়া ভাষণৰ এটি ভিডিঅ’ পোষ্ট কৰে শ্ৰী মোদীয়ে।
কেইবাটাও টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
‘বেদনা প্ৰকাশ কৰিবলৈ মোৰ ভাষা নাই । শিৱশাহীৰ বাবাচাহেব পুৰন্দৰেৰ মৃত্যুৱে ইতিহাস আৰু সংস্কৃতিৰ জগতখনত এক বৃহত্ শূন্যতাৰ সৃষ্টি কৰিলে। উত্তৰ প্ৰজন্মক ছত্ৰপতি শিৱাজী মহাৰাজৰ সৈতে পৰিচিত কৰোৱাৰ বাবে তেওঁৰ ওচৰত কৃতজ্ঞ । তেওঁৰ আন কামবোৰো স্মৰণীয় হৈ ৰ’ব।
শিৱশাহীৰ বাবাচাহেব পুৰন্দৰে আছিল বুদ্ধিমান, জ্ঞানী। ভাৰতীয় ইতিহাস সন্দৰ্ভত সমৃদ্ধ জ্ঞান আছিল তেওঁৰ। মই বহু বছৰ ধৰি তেওঁৰ সৈতে অতি ঘনিষ্ঠভাৱে যোগাযোগ ৰক্ষা কৰি আছিলোঁ। কেইমাহমান পূৰ্বে তেওঁৰ শতবাৰ্ষিকী বৰ্ষৰ কাৰ্যসূচী সম্বোধন কৰিছিলোঁ।
শিৱশাহীৰ বাবাচাহেব পুৰন্দৰে তেওঁৰ বিস্তৃত কামৰ বাবে স্মৰণীয় হৈ থাকিব। এই দুখৰ সময়ত, তেওঁৰ পৰিয়াল আৰু অগণন গুণমুগ্ধক মই সমবেদনা জ্ঞাপন কৰিলোঁ। ওম শান্তি।’
*****
DS/AK/KG
(ৰিলিজ আই ডি : 1772244)
অতিথি কক্ষ : 203
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam