প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহাৰাষ্ট্ৰৰ চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
06 NOV 2021 3:36PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ এখন চিকিৎসালয়ত অগ্নিকাণ্ডৰ ফলত প্ৰাণ হেৰুওৱালোকৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে শোকাৱহ পথ দুৰ্ঘটনাটোত ক্ষতিগ্ৰস্ত লোকসকলৰ আত্মীয়ৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি(পিএমএনআৰএফ)ৰ পৰা এককালীন সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
‘মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ এখন চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডৰ ফলত প্ৰাণহানি হোৱা ঘটনাত মৰ্মাহত হৈছোঁ। শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আহত লোকসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছোঁ।’
******
DS/SH/KG
(ৰিলিজ আই ডি : 1771898)
অতিথি কক্ষ : 197
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam