প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীৰ ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠক

Posted On: 30 OCT 2021 9:36PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ অক্টোবৰ, ২০২১ত ইটালীৰ ৰোমত আয়োজিত জি ২০ শিখৰ সন্মিলনৰ পটভূমিত ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী মহামহিম লী ছিয়েন লুঙৰ সৈতে দ্বিপাক্ষিক বৈঠক কৰে।

 

মহামাৰীৰ পিছত দুয়োজন ৰাজনেতাৰ এইখন প্ৰথম বৈঠক আছিল। দুয়োজন ৰাজনেতাই জলবায়ু পৰিবৰ্তনৰে মোকাবিলা কৰিবলৈ বৈশ্বিক প্ৰয়াস আৰু অহা চিঅ'পি২৬ৰ ওপৰত আলোচনা কৰে। তেওঁলোকে দ্ৰুতগতিত টীকাকৰণ কৰাৰ প্ৰয়াস আৰু গুৰুত্বপূৰ্ণ ঔষধৰ যোগান সুনিশ্চিত কৰাৰ মাধ্যমত কোভিড-১৯ মহামাৰীক নিয়ন্ত্ৰণ কৰাৰ বাবে অব্যাহত প্ৰয়াসৰ বিষয়েও আলোচনা কৰে। এই সন্দৰ্ভত, প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিতীয় লহৰৰ সময়ত ভাৰতক কোভিড সহায় প্ৰদান কৰা বাবে ছিংগাপুৰৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী লীয়ে ভাৰতত দ্ৰুত টীকাকৰণ অভিযানৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন জনায়।

 

দুয়োজন ৰাজনেতাই দুয়োখন দেশৰ জনসাধাৰণৰ মাজত সম্পৰ্ক উন্নত কৰাৰ উপায় সন্দৰ্ভতো আলোচনা কৰে। ' দুয়োখন দেশৰ মাজত অহাযোৱাক শীঘ্ৰে সহজ কৰি তোলা বিষয়টোও অন্তৰ্ভুক্ত আছে।

 

****

 

DS/SH/SKS


(Release ID: 1768358) Visitor Counter : 160