প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কাইলৈ আত্মনির্ভৰ ভাৰত স্বয়ংসম্পূর্ণ গোৱা আঁচনিৰ হিতাধিকাৰী আৰু অংশীদাৰসকলৰ সৈতে মত বিনিময় কৰিব প্রধানমন্ত্রীয়ে
प्रविष्टि तिथि:
22 OCT 2021 2:30PM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ, ২৩ অক্টোবৰৰ বিয়লি ১১বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে আত্মনির্ভৰ ভাৰত স্বয়ংপূর্ণ গোৱা আঁচনিৰ হিতাধিকাৰী আৰু অংশীদাৰসকলৰ সৈতে মত বিনিময় কৰিব। মত বিনিয়মৰ শেষত তেওঁ ভাষণ আগবঢ়াব।
প্রধানমন্ত্রীৰ আত্মনির্ভৰ ভাৰত গঠনৰ আহ্বান উদ্বুদ্ধ হৈ ২০২০ৰ ১ অক্টোবৰ স্বয়ংপূর্ণ গোৱা আঁচনিৰ সূচনা হয়। এই আঁচনিৰ অধীনত স্বয়ংপূর্ণ মিত্র হিচাপে ৰাজ্য চৰকাৰী বিষয়া নিয়োগ কৰা হয়। এই চৰকাৰী বিষয়াসকলে নির্দিষ্ট এখন পঞ্চায়ত বা পৌৰসভাত গৈ সাধাৰণ মানুহৰ সৈতে মত বিনিময় কৰি বিভিন্ন চৰকাৰী বিভাগৰ সৈতে সমন্বয় সাধন কৰিব, যাতে যোগ্য হিতাধিকাৰীসকলৰ বাবে চৰকাৰী আঁচনিৰ সা-সুবিধা সুনিশ্চিত হয়৷
এই উপলক্ষে গোৱাৰ মুখ্যমন্ত্রী শ্রী প্রমোদ ছাৱন্তো উপস্থিত থাকিব৷
****
DS/VJ/DB
(रिलीज़ आईडी: 1766514)
आगंतुक पटल : 165
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam