প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক’ভিড-১৯ সম্পৰ্কীয় পৰিস্থিতি আৰু টিকাকৰণৰ পৰ্য্যালোচনাৰ অৰ্থে উচ্চ স্তৰীয় বৈঠকত পৌৰহিত্য প্ৰধানমন্ত্ৰীৰ


হেল্থকেয়াৰ আন্তঃগাঁথনিৰ বৰ্ধন সম্পৰ্কত প্ৰধানমন্ত্ৰীক অৱগতকৰণ

ৰাজ্যসমূহক প্ৰতিখন জিলাতে মেডিচিনৰ সুৰক্ষিত ভাণ্ডাৰ নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান

পৰৱৰ্তী কেইটামান মাহৰ বাবে ভেকচিনৰ উৎপাদন, যোগান আৰু পাইপলাইন সন্দৰ্ভত পৰ্য্যালোচনা প্ৰধানমন্ত্ৰীৰ

প্ৰজাতিসমূহৰ উত্থান নিৰীক্ষণৰ অৰ্থে নিৰন্তৰ জিনম চিকুৱেন্সিঙৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ

Posted On: 10 SEP 2021 8:38PM by PIB Guwahati

ক’ভিড-১৯ সম্পৰ্কীয় পৰিস্থিতিৰ পৰ্য্যালোচনাৰ অৰ্থে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখনি উচ্চ স্তৰীয় বৈঠকত পৌৰহিত্য কৰে। এই বৈঠকত পৰ্য্যালোচনাৰ বিষয় হিচাপে সামৰি লোৱা প্ৰসংগসমূহ হৈছেঃ বিৰাজমান ক’ভিড-১৯ প্ৰেক্ষাপটৰ পৰ্য্যালোচনা, সঁহাৰি জনাবলৈ স্বাস্থ্য ব্যৱস্থাটোৰ প্ৰস্তুতি, মেডিকেল অক্সিজেনৰ উপলব্ধতা আৰু ক’ভিড-১৯ ভেকচিনৰ উৎপাদন, যোগান আৰু বিতৰণৰে সম্পৰ্কীয় প্ৰসংগসমূহ।

ইয়াত আলোচনা কৰা হয় যে সমগ্ৰ বিশ্বখনতে, কেতবোৰ দেশত সক্ৰিয় ক’ভিড ঘটনাৰ সংখ্যা অধিক হৈয়ে আছে। ভাৰততো, মহাৰাষ্ট্ৰ ও কেৰালাৰ দৰে ৰাজ্যসমূহৰ পৰিসংখ্যাই সূচিত কৰিছে যে আত্মতৃপ্তিৰ কোনো স্থান নাই। তথাপি, একেৰাহে ১০ সপ্তাহ ধৰি সাপ্তাহিক পজিটিভিটি ৩% ৰ নিম্ন হৈ আছে।

প্ৰধানমন্ত্ৰীক টেষ্টত অধিক পজিটিভিটি লাভ কৰা কেতবোৰ অঞ্চল, জিলাৰ ঘটনাসমূহৰ সংহতি তথা একেদৰে দেশখনৰ সাপ্তাহিক টেষ্ট পজিটিভিটি হাৰ সম্পৰ্কে চমুকৈ অৱগত কৰা হয়।

প্ৰধানমন্ত্ৰীয়ে প্ৰজাতিসমূহৰ উত্থান নিৰীক্ষণৰ অৰ্থে নিৰন্তৰ জিনম চিকুৱেন্সিঙৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত কয়। বিষয়াসকলে তেখেতক অৱগত কৰে যে সমগ্ৰ দেশখনৰে ২৮ টা লেবত আইএনএছএচিঅ’জি এতিয়া বিদ্যমান। ক্লিনিকেল সহসম্বন্ধৰ বাবে এই লেব নেটৱৰ্কটো হাস্পতাল নেটৱৰ্কৰ সৈতেও সংযোজিত। জিনম সম্বন্ধীয় নিৰীক্ষণৰ অৰ্থে ছেৱেজ ছেম্পলিঙো সম্পন্ন কৰা হৈছে। প্ৰধানমন্ত্ৰীক অৱগত কৰা হয় যে ৰাজ্যসমূহক নিয়মীয়াকৈ আইএনএছএচিঅ’জিক SARS COV2 ৰ পজিটিভ নমুনা প্ৰদান কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

প্ৰধানমন্ত্ৰীয়ে ‘ক’ভিড ইমাৰ্জেন্সী ৰেচপন্স পেকেজ II’ ৰ অধীনত আগবঢ়োৱা সহায়েৰে পেডিয়েট্ৰিক কেয়াৰৰ অৰ্থে বিছনাৰ ক্ষমতাৰ বৰ্ধন আৰু সা-সুবিধাৰ বৰ্ধনৰ স্থিতি পৰ্য্যালোচনা কৰে। ইয়াত লগতে আলোচনা কৰা হয় যে ৰাজ্যসমূহক গ্ৰামাঞ্চলত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ইয়াত প্ৰাথমিক যতন ও খণ্ড পৰ্য্যায়ৰ স্বাস্থ্য আন্তঃগাঁথনি পুনৰ ডিজাইন আৰু অভিযোজনা কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। প্ৰধানমন্ত্ৰীক লগতে অৱগত কৰা হয় যে ৰাজ্যসমূহক ক’ভিড-১৯, মিউকৰ্মিক’চিছ, এমআইএছ-চি ব্যৱস্থাপনাত ব্যৱহৃত ঔষধৰ অৰ্থে জিলা পৰ্য্যায়ত সুৰক্ষিত ভাণ্ডাৰ নিয়ন্ত্ৰণ কৰিবলৈ কোৱা হৈছে।

প্ৰধানমন্ত্ৰীক আইছ’লেশ্যন বেড, অক্সিজেন বেড, আইচিইউ বেড আৰু পেডিয়েট্ৰিক আইচিইউ আৰু পেডিয়েট্ৰিক ভেন্টিলেটৰৰ বৰ্ধন চমুকৈ সম্পৰ্কে অৱগত কৰা হয়। অহা মাহকেইটাত লক্ষ্যণীয় সংখ্যক আইচিইউ বেড আৰু অক্সিজেন বেডৰ সংযোজন ঘটিব।

প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশখনতে যথোচিত টেষ্টিং নিশ্চিতকৰণৰ প্ৰয়োজনীয়তা সন্দৰ্ভত কয়। বিষয়াসকলে প্ৰধানমন্ত্ৰীগৰাকীক অৱগত কৰে যে ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাত আৰটি-পিচিআৰ লেব স্থাপনৰ অৰ্থে ৪৩৩ জিলালৈ সহায়তা আগবঢ়োৱা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে অক্সিজেন কনচেনট্ৰেটৰ, চিলিণ্ডাৰ আৰু পিএছএ প্লান্টকে ধৰি অক্সিজেনৰ উপলব্ধতা বৃদ্ধি নিশ্চিত কৰিবলৈ সমগ্ৰ বাতাবৰণটোৰে দ্ৰুত বৰ্ধন আৱশ্যকীয়। প্ৰতিখন জিলাত কমেও এটাকৈ লিকুইড মেডিকেল অক্সিজেন ষ্ট’ৰেজ টেংক আৰু মেডিকেল গেছ পাইপলাইন চিষ্টেমৰ সহায়তা আগবঢ়াবলৈ ক্ৰমে ৯৬১ আৰু ১,৪৫০ ইউনিট স্থাপনৰ অৰ্থে প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। প্ৰতিটো খণ্ডতে অতিকমেও এখন এম্বুলেন্সৰ উপলব্ধতা নিশ্চিত কৰিবলৈ এম্বুলেন্স নেটৱৰ্কটোৰো বৰ্ধন ঘটোৱা হৈছে। প্ৰধানমন্ত্ৰীয়ে তদুপৰি সমগ্ৰ দেশখনত স্থাপন কৰি থকা পিএছএ অক্সিজেন প্লান্টসমূহৰ স্থিতি পৰ্য্যালোচনা কৰে। প্ৰধানমন্ত্ৰীক লগতে অৱগত কৰা হয় যে ৰাজ্যসমূহক প্ৰায় ১ লাখ অক্সিজেন কনচেনট্ৰেটৰ আৰু ৩ লাখ অক্সিজেন চিলিণ্ডাৰ প্ৰদান কৰা হৈছে।

ভেকচিন সন্দৰ্ভত, প্ৰধানমন্ত্ৰীক জনোৱা হয় যে ভাৰতৰ প্ৰায় ৫৮% প্ৰাপ্তবয়স্ক লোকে প্ৰথম পালি লাভ কৰিছে আৰু প্ৰায় ১৮% এনে লোকে দ্বিতীয় পালি লাভ কৰিছে। প্ৰধানমন্ত্ৰীক ভেকচিন পাইপলাইন আৰু ভেকচিনৰ বৰ্ধিত যোগান সম্পৰ্কে অৱগত কৰা হয়।

এই বৈঠকত প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব, কেবিনেট সচিব, প্ৰধান বৈজ্ঞানিক উপদেষ্টা, স্বাস্থ্য সচিব, নিটি আয়োগৰ সদস্য (স্বাস্থ্য) আৰু আন গুৰুত্বপূৰ্ণ বিষয়াবৰ্গ উপস্থিত থাকে।

****

DS/AK/SB



(Release ID: 1761775) Visitor Counter : 133