যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়

টেলিকম সংস্কাৰৰাজি আৰম্ভ টেলিকম বিভাগৰ; কেৱাইচি প্ৰক্ৰিয়া সৰল কৰা হৈছে

Posted On: 21 SEP 2021 8:03PM by PIB Guwahati

সংযোগ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে অলপতে কয়, “টেলিকম সংস্কাৰৰাজিৰ লক্ষ্য হৈছে উপান্ত শ্ৰেণীটোৰ অৰ্থে বিশ্ব মানৰ ইন্টাৰনেট আৰু টেলি-সংযোগ আগবঢ়োৱা।” এই উদ্দেশ্যত উপনীত হ’বলৈ এটি গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে, ভাৰত চৰকাৰৰ সংযোগ মন্ত্ৰালয়ৰ টেলিকমিউনিকেশ্যন বিভাগে আজি কেৱাইচি প্ৰক্ৰিয়া সৰলতৰ কৰা এলানি নিৰ্দেশনা জাৰি কৰিছে আৰু ইয়াৰ জৰিয়তেই ১৫-০৯-২০২১ ত কেবিনেটে ঘোষণা কৰা টেলিকম সংস্কাৰৰাজি ৰূপায়ণৰ কাম আৰম্ভ হয়।

বৰ্তমানে, এজন ক্ৰেতাই নতুন ম’বাইল সংযোগ লাভৰ অৰ্থে বা প্ৰিপেইডৰপৰা প’ষ্টপেইডলৈ বা প’ষ্টপেইডৰপৰা প্ৰিপেইডলৈ ম’বাইল সংযোগ পৰিৱৰ্তনৰ অৰ্থে পৰিচয় আৰু ঠিকনাৰ প্ৰমাণ হিচাপে প্ৰকৃত নথি-পত্ৰৰ সৈতে পইন্ট অৱ ছেললৈ গৈ কেৱাইচি প্ৰক্ৰিয়া সমাপন কৰিব লাগে।

শেহতীয়াভাৱে অনলাইন সেৱা প্ৰদান এটি গ্ৰহণযোগ্য মাধ্যম হৈ পৰিছে আৰু অ’টিপি প্ৰমাণীকৰণৰ সৈতে ইন্টাৰনেটৰ জৰিয়তে গৰিষ্ঠসংখ্যক গ্ৰাহক সেৱা আগবঢ়াই থকা হৈছে। ক্ৰেতাৰ সুবিধা আৰু লগতে ইজ অৱ ডুয়িং বিজনেছৰ অৰ্থে ক’ভিড কালৰ কনটেক্টলেছ সেৱাসমূহক প্ৰোৎসাহিত কৰাটো আৱশ্যকীয়।

আধাৰ ব্যৱহাৰৰ ক্ষেত্ৰত গ্ৰাহকৰ সন্মতি গ্ৰহণ বাধ্যতামূলক কৰা হৈছে আৰু ডেম’গ্ৰাফিক সবিশেষ ইউআইডিএআই ৰপৰা ইলেকট্ৰনিক মাধ্যমেৰে লাভ কৰা হৈছে।

সেই অনুসৰি, কনটেক্টলেছ, গ্ৰাহক কেন্দ্ৰিক আৰু সুৰক্ষিত কেৱাইচি প্ৰক্ৰিয়া ৰূপায়ণৰ অৰ্থে টেলিকমিউনিকেশ্যন বিভাগ (DoT) য়ে তাৎক্ষণিকভাৱে কাৰ্য্যকৰীকৰণৰ বাবে নিম্ন উল্লেখিত নিৰ্দেশনাৰাজি জাৰি কৰিছেঃ -

  1. আধাৰ নিৰ্ভৰ ই-কেৱাইচি

নতুন ম’বাইল সংযোগ প্ৰদানৰ অৰ্থে আধাৰ নিৰ্ভৰ ই-কেৱাইচি প্ৰক্ৰিয়া পুনৰাই প্ৰৱৰ্তন কৰা হৈছে। গ্ৰাহক প্ৰমাণীকৰণে প্ৰতি টেলিকম সেৱা প্ৰদানকাৰীসকলৰপৰা ইউআইডিএআই য়ে ১ টকা আদায় ল’ব। এয়া হৈছে এটি সম্পূৰ্ণ পেপাৰলেছ আৰু ডিজিটেল প্ৰক্ৰিয়া য’ত ইউআইডিএআইৰপৰা টেলিকম সেৱা প্ৰদানকাৰী (TSP) সকলে অনলাইন মাধ্যমেৰে গ্ৰাহকৰ এখন ফটোসহ ডেম’গ্ৰাফিক সবিশেষ গ্ৰহণ কৰে।

 

  1. স্ব-কেৱাইচি

এই প্ৰক্ৰিয়াত, এপ/পৰ্টেল নিৰ্ভৰ অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে গ্ৰাহকলৈ ম’বাইল সংযোগ আগবঢ়োৱা হয় য’ত এজন গ্ৰাহকে ঘৰ/কাৰ্য্যালয়ত বহিয়েই ম’বাইল সংযোগৰ অৰ্থে আবেদন কৰিব পাৰে আৰু ইউআইডিএআই বা ডিজিলকাৰে ইলেকট্ৰনিক মাধ্যমেৰে সত্যাপণ কৰা নথি-পত্ৰ ব্যৱহাৰেৰে দুৱাৰদলিতে ছিম লাভ কৰিব পাৰে।

 

  1. টিপি নিৰ্ভৰ প্ৰিপেইডৰপৰা পষ্টপেইডলৈ বা পষ্টপেইডৰপৰা প্ৰিপেইডলৈ মবাইল সংযোগৰ পৰিৱৰ্তন

অ’টিপি নিৰ্ভৰ পৰিৱৰ্তন প্ৰক্ৰিয়াৰ ৰূপায়ণে এজন ক্ৰেতাক ঘৰ/কাৰ্য্যালয়তে বহি অ’টিপি নিৰ্ভৰ প্ৰমাণীকৰণৰ জৰিয়তে তেওঁৰ ম’বাইল সংযোগ প্ৰিপেইডৰপৰা প’ষ্টপেইডলৈ বা প’ষ্টপেইডৰপৰা প্ৰিপেইডলৈ পৰিৱৰ্তনৰ বাবে সক্ষম কৰি তুলিছে।

 

টেলিকমিউনিকেশ্যন বিভাগ (DoT) ৰ ৱেবচাইটত সবিশেষ নিৰ্দেশনাৰাজি আপলড কৰা হৈছে (লিংক-https://dot.gov.in/relatedlinks/telecom-reforms-2021)।



(Release ID: 1757446) Visitor Counter : 183