প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰাক্তন সাংসদ তথা সাংবাদিক শ্ৰী চন্দন মিত্ৰৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 02 SEP 2021 9:32AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা সাংবাদিক শ্ৰী চন্দন মিত্ৰ জীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰয়াত মিত্ৰক তেওঁৰ বুদ্ধিমত্তা আৰু অন্তৰ্দৃষ্টিৰ বাবে সদায় স্মৰণ কৰিব৷

টুইটাৰযোগে এক শোক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “শ্ৰী চন্দন মিত্ৰ জী তেওঁৰ বুদ্ধিমত্তা আৰু অন্তৰ্দৃষ্টিৰ বাবে সদায় স্মৰণীয় হৈ ৰ’ব৷ তেওঁ সংবাদ জগতৰ লগতে ৰাজনীতিতো নিজৰ সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে৷ তেওঁৰ বিয়োগত মৰ্মাহত হৈছো৷ তেওঁৰ পৰিয়ালৰ লগতে অনুৰাগীসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো৷”

***

DS/SH/DB



(Release ID: 1752512) Visitor Counter : 135