প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহাৰাষ্ট্ৰৰ পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


পিএমএনআৰএফৰ অধীনত পীড়িতসকললৈ একাকালীন সাহাৰ্য ঘোষণা

পোষ্ট কৰা হৈছে: 20 AUG 2021 11:15PM by PIB Guwahati

মহাৰাষ্ট্ৰৰ বুলধানা জিলাত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷

পিএমঅ’ৰ টুইটত কয়, “বুলধানা জিলাত সংঘটিত এক পথ দুৰ্ঘটনা প্ৰাণহানিৰ ঘটনাত দুঃখিত হৈছো৷ শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰিলো৷ এই ঘটনাত প্ৰাণহানি হোৱাসকলৰ আত্মীয়ক ২ লাখকৈ আৰু আহতসকলৰ প্ৰতি ৫০,০০০টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী মোদী৷”

****

DS/SH/DB


(ৰিলিজ আই ডি : 1750581) অতিথি কক্ষ : 163