প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

তেওঁৰ পেইণ্টিং অঁকাৰ লগতে জনস্বাস্থ্যক লৈ চিন্তা প্ৰকট কৰা যুৱ-শিল্পীক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ



সৃষ্টিশীলতাৰ ক্ষেত্ৰত যুৱ-প্ৰজন্মৰ আগ্ৰহ আৰু উত্সৰ্গিত মনোভাৱ দেখি আপ্লুত হৈছো : প্ৰধানমন্ত্ৰী

আপোনাৰ পেইণ্টিঙৰ দৰেই আপোনাৰ চিন্তাবোৰো সুন্দৰ : প্ৰধানমন্ত্ৰী

১৩০কোটি ভাৰতীয়ৰ একত্ৰিত প্ৰয়াসৰ সৈতে টীকাকৰণ অভিযান, শৃংখলাবদ্ধতাই মহামাৰী বিৰোধী যুঁজৰ বাবে শক্তি প্ৰদান কৰিছে : প্ৰধানমন্ত্ৰী

ইতিবাচকতাৰ বিস্তাৰণৰ ক্ষেত্ৰত ষ্টিভেনৰ প্ৰয়াসে ৰাইজক অনুপ্ৰাণিত কৰিব বুলি আশা কৰিছো : প্ৰধানমন্ত্ৰী

ষ্টিভেন হেৰিছে প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখাৰ লগতে দুখন পেইণ্টিং প্ৰেৰণ কৰিছে

Posted On: 26 AUG 2021 5:40PM by PIB Guwahati

তেওঁৰ পেইণ্টিং অঁকা ষ্টিভেন হেৰিছ নামৰ বাংগালুৰুৰ ছাত্ৰগৰাকীলৈ প্ৰশংসাসূচক পত্ৰ প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে। এইগৰাকী ২০বছৰীয়া উদীয়মান শিল্পীয়ে প্ৰধানমন্ত্ৰীৰ দুখন সুন্দৰ পেইণ্টিঙৰ সৈতে এখন পত্ৰ প্ৰেৰণ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে তেওঁক প্ৰশংসা কৰাৰ লগতে উদগণী জনাই পত্ৰখনৰ উত্তৰ দিয়ে।

“সৃষ্টিশীলতাৰ ক্ষেত্ৰত যুৱ-প্ৰজন্মৰ আগ্ৰহ আৰু উত্সৰ্গিত মনোভাৱ দেখি আপ্লুত হৈছো” বুলি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ পত্ৰখনত উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে লিখিছে “আপুনিযে কথাবোৰ গভীৰভাবে অনুধাৱন কৰে সেই কথা আপোনাৰ পেইণ্টিংকেইখন দেখিয়েই উপলব্ধি কৰিব পাৰি। সুক্ষ্ম অভিব্যক্তিসমূহো ইমান নিখুতকৈ প্ৰকাশ কৰিব পৰাটো নিতান্তই সন্তোষৰ কথা”।

সাম্প্ৰতিক কালৰ জটিল প্ৰেক্ষাপটটোত জনস্বাস্থ্য আৰু কল্যাণক লৈ যুৱ-শিল্পীগৰাকীয়ে প্ৰকট কৰা অভিমতসমূহক প্ৰধানমন্ত্ৰীয়ে ভূয়সী প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে, “১৩০কোটি ভাৰতীয়ৰ একত্ৰিত প্ৰয়াসৰ সৈতে টীকাকৰণ অভিযান, শৃংখলাবদ্ধতাই মহামাৰী বিৰোধী যুঁজৰ বাবে শক্তি প্ৰদান কৰিছে”।

প্ৰধানমন্ত্ৰীয়ে ইতিবাচকতাৰ বিস্তাৰণৰ ক্ষেত্ৰত ষ্টিভেনৰ প্ৰয়াসে ৰাইজক অনুপ্ৰাণিত কৰিব বুলিও আশা প্ৰকাশ কৰে।

ইফালে, প্ৰধানমন্ত্ৰীলৈ ষ্টিভেনে প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ কৰিছে যে বিগত ১৫টা বছৰ ধৰি তেওঁ পেইণ্টিং আঁকিছে আৰু এই পৰ্যন্ত বিভিন্ন পৰ্যায়ৰ ১০০ৰো অধিক পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ প্ৰধানমন্ত্ৰীক তেওঁৰ অনুপ্ৰেৰণাৰ উত্স বুলি উল্লেখ কৰাৰ লগতে ক’ৰোনা বিৰোধী যুঁজত ভাৰতৰ টীকাকৰণ কাৰ্যক্ৰমক প্ৰশংসা কৰে।

তলত ষ্টিভেনে প্ৰেৰণ কৰা পেইণ্টিং দুখন সংলগ্ন কৰা হৈছে।

*****



(Release ID: 1750458) Visitor Counter : 147