প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পিএম জনধন যোজনাৰ ৭ বছৰ পূর্তিত প্রধানমন্ত্রীয়ে ভাৰতৰ উন্নয়নৰ গতিপথত এই উদ্যোগে আমূল পৰিৱর্তন লৈ আহিছে বুলি মন্তব্য কৰে
प्रविष्टि तिथि:
28 AUG 2021 11:18AM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে পিএম জনধন যোজনাৰ ৭ বছৰ পূর্তি উপলক্ষে আনন্দ প্রকাশ কৰিছে। প্রধানমন্ত্রীয়ে এই যোজনাক সফল কৰি তুলিবলৈ যিসকলে নিৰলস প্রয়াস চলাইছে তেওঁলোকক প্রশংসা কৰিছে।
এলানি ট্যুইটত প্রধানমন্ত্রীয়ে কৈছে, "আজি আমি #PMJanDhan কর্মসূচীৰ ৭ বছৰ উদযাপন কৰিছো, এইটো এনেকুৱা এটা উদ্যোগ যি ভাৰতৰ উন্নয়নৰ গতিপথত আমূল পৰিৱৰ্তন সাধন কৰিছে। কেৱল সেয়াই নহয়, এই কর্মসূচীয়ে অসংখ্য ভাৰতীয়ৰ ক্ষমতায়ণৰ সমান্তৰালকৈ তেওঁলোকৰ আর্থিক অন্তর্ভুক্তিকৰণ আৰু মর্যাদাৰ লগতে জীৱন-যাপন নিশ্চিত কৰিছে। জনধন যোজনাই স্বচ্ছতা বজাই ৰখাত সহায় কৰিছে।
মই #PMJanDhan যোজনাক সফল কৰি তুলিবলৈ যিসকলে অক্লান্ত প্রয়াস চলাইছে তেওঁলোকক প্রশংসা কৰো। এওঁলোক সকলোৰে প্রচেষ্টাৰ ফলত ভাৰতবাসীৰ উন্নত জীৱন-যাপন সুনিশ্চিত হৈছে।"
****
DS/SH
(रिलीज़ आईडी: 1750441)
आगंतुक पटल : 217
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada