প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পেৰাঅলিম্পিক গেমছত পুৰুষৰ ডিছকাছ থ্ৰ’ত ব্ৰঞ্জৰ পদক অৰ্জনৰ বাবে বিনোদ কুমাৰক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 29 AUG 2021 6:49PM by PIB Guwahati

টকিঅ’ত অনুষ্ঠিত পেৰাঅলিম্পিক গেমছত পুৰুষৰ ডিছকাছ থ্ৰ’ত ব্ৰঞ্জৰ পদক অৰ্জনৰ বাবে বিনোদ কুমাৰক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"বিনোদ কুমাৰৰ অসামান্য প্ৰদৰ্শনত ভাৰত আনন্দিত হৈছে! ব্ৰঞ্জৰ পদক অৰ্জনৰ বাবে তেওঁক অভিনন্দন জনালো। তেওঁ কঠোৰ শ্ৰম আৰু দৃঢ়তাৰ বলত এই অসাধাৰণ ফল লাভ কৰিছে। #Paralympics"

***

DS/SH/SB


(रिलीज़ आईडी: 1750438) आगंतुक पटल : 193
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam , Malayalam