প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ১২ আগষ্টত ‘আত্মনিৰ্ভৰ নাৰীশক্তি চে সংবাদ’ত অংশগ্ৰহণ কৰিব

Posted On: 11 AUG 2021 1:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ আগষ্ট ২০২১ তাৰিখে ‘আত্মনিৰ্ভৰ নাৰীশক্তি চে সংবাদ’ত অংশগ্ৰহণ কৰিব। এই কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দুপৰীয়া ১২:৩০ বজাত দীনদয়াল অন্ত্যোদয়া যোজনা-ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা মিছনৰ(দিবা-এনআৰএলএম) সৈতে জড়িত মহিলা আত্মসহায়ক গোটৰ সদস্যসকলৰ সৈতে বাৰ্তালাপ কৰিব। অনুষ্ঠানটোত সমগ্ৰ দেশৰ মহিলা আত্ম সহায়ক গোটৰ সদস্যসকলৰ সফলতাৰ কাহিনীৰ এক সংকলনৰ লগতে কৃষি জীৱিকাৰ সাৰ্বজনীনকৰণ সম্পৰ্কীয় এখন পুস্তিকাও প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে ৪ লাখতকৈও অধিক মহিলা আত্মসহায়ক গোটলৈ ১৬২৫ কোটি টকা অৰ্থ সাহায্য হিচাপে আগবঢ়াব। তদুপৰি, তেওঁ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়ৰ পিএমএফএমই (পিএম ফৰ্মেলাইজেশ্যন অৱ মাইক্ৰ’ ফুড প্ৰচেছিং এণ্টাৰপ্ৰাইজেছ) আঁচনিৰ অধীনত ৭৫০০ আত্মসহায়ক গোটৰ সদস্যৰ বাবে ২৫ কোটি টকা আৰু মিছনৰ অধীনৰ ৭৫ টা এফপিঅ’ক (কৃষক উৎপাদক সংগঠন) ৪.১৩ কোটি টকা প্ৰদান কৰিব।

 

অনুষ্ঠানত কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰী শ্ৰী গিৰিৰাজ সিং; কেন্দ্ৰীয় খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰী শ্ৰী পশুপতি কুমাৰ পাৰস; গ্ৰামোন্নয়নৰ ৰাজ্যিক মন্ত্ৰীদ্বয় সাধ্বী নিৰঞ্জন জ্যোতি আৰু শ্ৰী ফাগ্গন সিং কুলাষ্টে; পঞ্চায়তীৰাজ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী কপিল মৰেশ্বৰ পাটিল আৰু খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেলো উপস্থিত থাকিব।

 

ডে-এনআৰএলএমৰ বিষয়ে

গ্ৰামাঞ্চলৰ দৰিদ্ৰ পৰিয়ালসমূহক পৰ্যায়ক্ৰমে আত্মসহায়ক গোটসমূহৰ সৈতে জড়িত কৰি তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰা আৰু জীৱনৰ মানদণ্ড উন্নত কৰাৰ লগতে অন্য জীৱিকাৰ বাচি উলিওৱাৰ বাবে দীৰ্ঘম্যাদী সমৰ্থন প্ৰদান কৰাই হৈছে ডিএৱাই-এনআৰএলএমৰ লক্ষ্য। এই মিছনৰ অধীনত আত্মসহায়ক গোটসমূহৰ মহিলাসকলে নিজকে প্ৰশিক্ষিত কৰি তোলে। কৃষি সখী, পশু সখী, বেংক সখী, বীমা সখী, বেংকিং কৰেচপণ্ডেণ্ট সখী ইত্যাদি হিচাপে কমিউনিটি ৰিচ’ৰ্ছ পাৰ্চন(চিআৰপি)ৰ ভূমিকা ৰূপায়ণ কৰে তেওঁলোকে।এই মিছনে আত্মসহায়ক গোটসমূহৰ মহিলাসকলৰ সবলীকৰণৰ কামত নিয়োজিত হোৱাৰ লগতে সজাগতা সৃষ্টিৰ হকে কাম কৰি আছে। মূলতঃ গাৰ্হ্যস্থ হিংসা প্ৰতিৰোধ, মহিলাৰ শিক্ষা আৰু লিংগ বৈষম্য দূৰীকৰণ, পুষ্টি, অনাময়, স্বাস্থ্য আদি বিষয়ত মহিলাসকলক এই অভিযানৰ জৰিয়তে সচেতন কৰা হয়।


****

DS/AKJ/KG



(Release ID: 1747271) Visitor Counter : 261