প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গৃহ, বিদ্যুৎ, শৌচালয়, গেছ, পথ, হাস্পতাল আৰু স্কুলৰ দৰে বুনিয়াদী সুবিধাৱলীৰ অভাৱে বিশেষকৈ দুখীয়া মহিলাসকলক প্ৰভাৱিত কৰিছেঃ প্ৰধানমন্ত্ৰী

আমাৰ কন্যাসকলে ঘৰ আৰু পাকঘৰৰ পৰা বাহিৰলৈ ওলাই ৰাষ্ট্ৰ নিৰ্মাণত ব্যাপক যোগদান তেতিয়াহে কৰিব পাৰিব যেতিয়া প্ৰথমে ঘৰ আৰু পাকঘৰৰ সৈতে জড়িত সমস্যাৰ সমাধান হ'বঃ প্ৰধানমন্ত্ৰী

আজি যি সময়ত আমি স্বাধীনতাৰ ৭৫তম বৰ্ষত প্ৰৱেশ কৰিছো আৰু যোৱা সাতটা দশকৰ প্ৰগতি লক্ষ্য কৰো তেতিয়া ভাব হয় যে এই বুনিয়াদী সমস্যাসমূহৰ সমাধান কেইবাদশকৰ আগতেই হৈ যাব লাগিছিলঃ প্ৰধানমন্ত্ৰী

যোৱা ৬-৭ বছৰত চৰকাৰে মহিলা সবলীকৰণৰ বিভিন্ন বিষয়ৰ সমাধানৰ বাবে মিছন মোডত কাম কৰিছেঃ প্ৰধানমন্ত্ৰী

উজ্জ্বলা যোজনাৰ জৰিয়তে ভগ্নীসকলৰ স্বাস্থ্য, সুবিধা আৰু সবলীকৰণে বৃহৎ গতি লাভ কৰিছেঃ প্ৰধানমন্ত্ৰী

Posted On: 10 AUG 2021 9:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহিলা সবলীকৰণ সন্দৰ্ভত চৰকাৰৰ দৃষ্টিভংগীৰ বিষয়ে বিস্তৃতভাৱে কয়। তেওঁ কয় যে গৃহ, বিদ্যুৎ, শৌচালয়, গেছ, পথ, হাস্পতাল আৰু স্কুলৰ দৰে বুনিয়াদী সুবিধাৱলীৰ অভাৱে মহিলাসকলক বিশেষকৈ দুখীয়া মহিলাসকলক প্ৰভাৱিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি যি সময়ত আমি স্বাধীনতাৰ ৭৫তম বৰ্ষত প্ৰৱেশ কৰিছো আৰু যোৱা সাতটা দশকৰ প্ৰগতি লক্ষ্য কৰো তেতিয়া ভাব হয় যে এই বুনিয়াদী সমস্যাসমূহৰ সমাধান কেইবাদশকৰ আগতেই হৈ যাব লাগিছিল। তেওঁ আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত উত্তৰপ্ৰদেশৰ মহোবাত উজ্জ্বলা ২.০ৰ শুভাৰম্ভ কৰাৰ পিছত এই কথা কয়।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ঘৰৰ ছালে উৰুখা, বিদ্যুৎ নোহোৱা, পৰিয়ালত ৰোগী, শৌচালয়ৰ বাবে আন্ধাৰ হোৱালৈ অপেক্ষা, স্কুলত শৌচালয় নোহোৱাই আমাৰ মাতৃ-কন্যাক পোনপটীয়াকৈ প্ৰভাৱিত কৰে। প্ৰধানমন্ত্ৰীয়ে এটা ব্যক্তিগত মন্তব্য কৰি কয় যে আমাৰ প্ৰজন্মই নিজৰ মাতৃসকলক ধোঁৱা আৰু গৰমত পীড়িত হোৱা চাই ডাঙৰ হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে প্ৰশ্ন কৰে যে যদি আমাৰ শক্তি এই বুনিয়াদী আৱশ্যকতাবিলাক সম্পূৰ্ণ কৰাতে খৰচ হৈ যায় তেন্তে আমি নিজৰ স্বাধীনতাৰ ১০০ বছৰৰ ফালে কেনেকৈ আগবাঢ়িব পাৰিম। যদি কোনো পৰিয়াল বা সমাজে বুনিয়াদী সুবিধাৱলীৰ বাবে সংঘৰ্ষ কৰি থাকে তেন্তে তেওঁলোকে ডাঙৰ সপোন কেনেকৈ দেখিব পাৰিব আৰু সেয়া কেনেকৈ আহৰণ কৰিব পাৰিব। আমি এই কথা উপলব্ধি কৰিব লাগিব যে সেই সপোনবিলাক পূৰণ কৰিবলৈ আৱশ্যক হৈছে এইটো যে সমাজে নিজৰ সপোনবোৰ পূৰণ কৰক। প্ৰধানমন্ত্ৰীয়ে সোধে, 'আত্মবিশ্বাস অবিহনে কোনো ৰাষ্ট্ৰ আত্মনিৰ্ভৰ কেনেকৈ হ'ব পাৰে?'

 

শ্ৰী মোদীয়ে কয় যে আমি ২০১৪ত এই প্ৰশ্ন নিজক সুধিছিলো। এই কথা একেবাৰে স্পষ্ট আছিল যে এই সমস্যাবিলাক নিশ্চিত সময়সীমাৰ ভিতৰত দূৰ কৰা দৰকাৰ। তেওঁ কয় যে আমাৰ কন্যাসকল ঘৰ আৰু পাকঘৰৰ পৰা বাহিৰলৈ ওলাই আহি ৰাষ্ট্ৰ নিৰ্মাণত ব্যাপক যোগদান তেতিয়াহে কৰিব পাৰিব যেতিয়া প্ৰথমে ঘৰ আৰু পাকঘৰৰ সৈতে জড়িত সমস্যাৰ সমাধান হ'ব। তেওঁ কয় যে সেয়ে যোৱা ৬-৭ বছৰত চৰকাৰে মহিলা সবলীকৰণৰ বিভিন্ন বিষয়ৰ সমাধানৰ বাবে মিছন মোডত কাম কৰি আছে। তেওঁ এনেকুৱা কেইবাটাও হস্তক্ষেপৰ কথা উল্লেখ কৰে, যেনে-

  • স্বচ্ছ ভাৰত মিছনৰ জৰিয়তে দেশজুৰি কেইবাকোটি শৌচালয় নিৰ্মাণ কৰা হয়।
  • দুখীয়া পৰিয়ালৰ বাবে ২ কোটিৰো অধিক গৃহ নিৰ্মাণ কৰা হয় য'ত অধিকাংশ মহিলাৰ নামত আছে।
  • গ্ৰামীণ পথ।
  • সৌভাগ্য যোজনাৰ জৰিয়তে ৩ কোটি পৰিয়ালে বিদ্যুৎ কানেকচন পাইছে।
  • আয়ুষ্মান ভাৰতৰ জৰিয়তে ৫০ কোটি মানুহে বিনামূলীয়া চিকিৎসাৰ বাবে ৫ লাখ টকালৈকে কভাৰ পাই আছে।
  • মাতৃ বন্দনা যোজনাৰ জৰিয়তে গৰ্ভাৱস্থাৰ সময়ত টীকাকৰণ আৰু পোষণৰ বাবে ধনৰাশিৰ পোনপটীয়া হস্তান্তৰণ।
  • কৰোণা কালত মহিলাৰ জনধন খাতাত চৰকাৰৰ ফালৰ পৰা ৩০ হাজাৰ কোটি টকা জমা কৰোৱা হয়।
  • জলজীৱন মিছনৰ জৰিয়তে আমাৰ ভগ্নীসকলে নল জল পাই আছে।
  • প্ৰধানমন্ত্ৰীয়ে কয় যে এই যোজনাসমূহে মহিলাৰ জীৱনলৈ ব্যাপক পৰিৱৰ্তন আনিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে উজ্জ্বলা যোজনাৰ জৰিয়তে ভগ্নীসকলৰ স্বাস্থ্য, সুবিধা আৰু সবলীকৰণে যথেষ্ট শক্তি লাভ কৰিছে। এই যোজনাৰ প্ৰথম চৰণত দুখীয়া, দলিত, বঞ্চিত, পিছপৰা আৰু আদিবাসী পৰিয়ালৰ ৮ কোটি মহিলাক বিনামূলীয়া গেছ কানেকচন দিয়া হৈছিল।  তেওঁ কয় যে কৰোণা বৈশ্বিক মহামাৰীৰ সময়ত এই বিনামূলীয়া গেছ কানেকচনৰ মুনাফা উপলব্ধি কৰা হয়। যি সময়ত কামকাজ স্তব্ধ হৈ গৈছিল আৰু অহাযোৱাত প্ৰতিবন্ধকতা আৰোপিত হৈছিল তেতিয়া কোটি কোটি দুখীয়া পৰিয়ালে কেইবামাহলৈকে বিনামূলীয়া গেছ চিলিণ্ডাৰ পায়। প্ৰধানমন্ত্ৰীয়ে সোধে, 'কল্পনা কৰক, যদি উজ্জ্বলা নাথাকিলে হেতেন তেতিয়া এই বেচেৰী ভগ্নীসকলৰ কি অৱস্থা হ'ল হেঁতেন।'

 

****

 

DS



(Release ID: 1746292) Visitor Counter : 170