প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১০ আগষ্টত উজ্জ্বলা ২.০ ৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 08 AUG 2021 4:56PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ আগষ্ট, ২০২১ ৰ দিনৰ ১২:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে উত্তৰ প্ৰদেশৰ মাহোবাত এলপিজি সংযোগ প্ৰদানৰ জৰিয়তে উজ্জ্বলা ২.০ (প্ৰধান মন্ত্ৰী উজ্জ্বলা যোজনা- PMUY) ৰ শুভাৰম্ভ কৰিব। এই কাৰ্য্যসূচীত, প্ৰধানমন্ত্ৰীগৰাকীয়ে উজ্জ্বলাৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰিব আৰু লগতে ৰাষ্ট্ৰবাসীক সম্বোধন কৰিব।

উজ্জ্বলা ১.০ ৰপৰা উজ্জ্বলা ২.০ লৈ যাত্ৰা

২০১৬ ত উজ্জ্বলা ১.০ ৰ শুভাৰম্ভণিত, বিপিএল গৃহস্থীসমূহৰ ৫ কোটি মহিলা সদস্যলৈ এলপিজি সংযোগ আগবঢ়োৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। পৰৱৰ্তী সময়ত, সাতটা অধিক শ্ৰেণী (এছচি/এছটি, পিএমএৱাই, এএৱাই, অতিশয় পাছপৰা শ্ৰেণী, চাহ বাগিচা, বনবাসী, দ্বীপবাসী) ৰ মহিলা হিতাধিকাৰীসকলক সামৰি ল’বলৈ ২০১৮ ৰ এপ্ৰিললৈ আঁচনিখন সম্প্ৰসাৰণ কৰা হৈছিল। তদুপৰি, লক্ষ্য ৮ কোটি এলপিজি সংযোগলৈ সংশোধন ঘটোৱা যায়। লক্ষ্যত উপনীত হোৱাৰ তাৰিখৰ সাত মাহ পূৰ্বে ২০১৯ ৰ আগষ্টতে এই লক্ষ্য পূৰ্ণ হয়।

২১-২২ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেটত, পিএমইউৱাই আঁচনিখনৰ অধীনত অতিৰিক্ত এক কোটি এলপিজি সংযোগৰ অৰ্থে ব্যৱস্থাৰ কথা ঘোষণা কৰা হয়। এই এক কোটি অতিৰিক্ত পিএমইউৱাই সংযোগ (উজ্জ্বলা ২.০ ৰ অধীনত) ৰ লক্ষ্য হৈছে পিএমইউৱাইৰ পূৰ্বৰ পৰ্য্যায়ৰ অধীনত সামৰিবপৰা নোহোৱা নিম্ন-আয়ৰ পৰিয়ালসমূহলৈ ডিপ’জিট-ফ্ৰী এলপিজি সংযোগ আগবঢ়োৱা।

ডিপ’জিট ফ্ৰী এলপিজি সংযোগৰ লগতে, উজ্জ্বলা ২.০ এ হিতাধিকাৰীসকললৈ বিনামূলীয়াকৈ প্ৰথম ৰিফিল আৰু হটপ্লেট আগবঢ়াব। তদুপৰি, অন্তৰ্ভুক্তি প্ৰক্ৰিয়াটোৰ অৰ্থে ন্যূনতম পেপাৰৱৰ্কৰ প্ৰয়োজন হ’ব। উজ্জ্বলা ২.০ ত, প্ৰব্ৰজিতসকলে ৰেচন কাৰ্ড বা এড্ৰেছ প্ৰুফ দাখিল কৰাৰ প্ৰয়োজনীয়তা নাথাকিব। ‘ফেমিলী ডিক্লাৰেশ্যন’ আৰু ‘প্ৰুফ অৱ এড্ৰেছ’ হিচাপে উভয়ৰে বাবে স্ব-ঘোষণাই পৰ্য্যাপ্ত। উজ্জ্বলা ২.০ এ প্ৰধানমন্ত্ৰীগৰাকীৰ এলপিজিৰ সৰ্বজনীন সুগমতাৰ দৃষ্টি বাস্তৱায়িতকৰণত সহায় কৰিব।

এই কাৰ্য্যসূচীত কেন্দ্ৰীয় পেট্ৰ’লিয়াম ও প্ৰাকৃতিক গেছ মন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীও উপস্থিত থাকিব।

***

DS/SH/SB



(Release ID: 1745677) Visitor Counter : 314