প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ছেইণ্ট ভিনচেণ্ট আৰু গ্ৰেনাডিনছৰ প্ৰধানমন্ত্ৰী ৰালফ গনছালভেছৰ ওপৰত হোৱা আক্ৰমণ গৰিহণা প্ৰধানমন্ত্ৰীৰ

Posted On: 09 AUG 2021 9:58AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছেইণ্ট ভিনচেণ্ট আৰু গ্ৰেনাডিনছৰ প্ৰধানমন্ত্ৰী ৰালফ গনছালভেছৰ ওপৰত হোৱা আক্ৰমণ তীব্ৰ গৰিহণা দিয়াৰ লগতে তেওঁৰ আশু আৰোগ্য আৰু সু-স্বাস্থ্য কামনা কৰিছে৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “ছেইণ্ট ভিনচেণ্ট আৰু গ্ৰেনাডিনছৰ প্ৰধানমন্ত্ৰী ৰালফ গনছালভেছৰ ওপৰত হোৱা জঘন্য আক্ৰমণ তীব্ৰ গৰিহণা দিয়াৰ লগতে তেওঁৰ আশু আৰোগ্য আৰু সু-স্বাস্থ্য কামনা কৰিছো৷ আজি সামূদ্ৰিক সুৰক্ষাৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুকলি বিতৰ্ক কাৰ্যসূচীত আপোনাৰ অনুপস্থিতি অনুভৱ কৰিম৷@ComradeRalph

***

DS/SH/DB



(Release ID: 1745417) Visitor Counter : 131