প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহিলা হকীত আমি অলপৰ বাবেহে পদকৰ পৰা বঞ্চিত হ’লো যদিও এইটো দলে নতুন ভাৰতৰ আত্মাক প্ৰতিবিম্বিত কৰিছে : প্ৰধানমন্ত্ৰী

Posted On: 06 AUG 2021 10:01AM by PIB Guwahati

মহিলা হকীত আমি অলপৰ বাবেহে পদকৰ পৰা বঞ্চিত হ’লো যদিও এইটো দলে কিন্তু নতুন ভাৰতৰ আত্মাক প্ৰতিবিম্বিত কৰিছে- য’ত আমি আমাৰ উত্তমখিনি দিও আৰু নতুন সীমনাৰ পৰিমাপ লওঁ। আজি এই অভিমত ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। টকিঅ’ অলিম্পিক ২০২০ত আমাৰ মহিলা হকী দলে দেখুওৱা দুৰ্দান্ত প্ৰদৰ্শন আমি সদায়ে মনত পেলাম বুলিও তেওঁ মন্তব্য কৰে।

এই সন্দৰ্ভত প্ৰকাশ কৰা এলানি বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়,

“#Tokyo2020ত আমাৰ মহিলা হকী দলে দেখুওৱা দুৰ্দান্ত প্ৰদৰ্শন আমি সদায়ে মনত পেলাম। সমগ্ৰ যাত্ৰাতে তেওঁলোকে সৰ্বস্ব উজাৰি দিছিল। দলটোৰ প্ৰতিগৰাকী সদস্যাই দুৰ্দান্ত সাহস, দক্ষতা আৰু সহনশীতাৰে আশিসধন্য। এই অসাধাৰণ দলটোক লৈ আজি ভাৰত গৌৰৱান্বিত।

মহিলা হকীত আমি অলপৰ বাবেহে পদকৰ পৰা বঞ্চিত হ’লো যদিও এইটো দলে কিন্তু নতুন ভাৰতৰ আত্মাক প্ৰতিবিম্বিত কৰিছে- য’ত আমি আমাৰ উত্তমখিনি দিও আৰু নতুন সীমনাৰ পৰিমাপ লওঁ। আটাইতকৈ ডাঙৰ কথাটো হৈছে #Tokyo2020-ত তেওঁলোকে আহৰণ কৰা সাফল্যই হকীত আত্মনিয়োগ কৰাৰ লগতে ইয়াৰ উত্তৰণৰ বাবে ব্ৰতী হোৱাৰ ক্ষেত্ৰত ভাৰতৰ নতুন চাম ছোৱালীক অনুপ্ৰাণিত কৰিব। এইটো দলক লৈ আমি গৌৰৱান্বিত”।  

 

***

DS/SH/KB



(Release ID: 1743745) Visitor Counter : 125