প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতীয় হকী দলৰ প্ৰতিগৰাকী খেলুৱৈ-সদস্যক প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰীয়ে
৫আগষ্ট, ২০২১ৰ দিনটো প্ৰতিগৰাকী হকী প্ৰেমী আৰু ক্ৰীড়া অনুৰাগীৰ আটাইতকৈ স্মৰণীয় দিন হৈ থাকিবঃ প্ৰধানমন্ত্ৰী
প্ৰতিগৰাকী ভাৰতীয়ৰ অন্তৰ আৰু মনত হকীৰ প্ৰতি এক বিশেষ স্থান আছে
प्रविष्टि तिथि:
05 AUG 2021 8:03PM by PIB Guwahati
অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ পুৰুষ হকী দলৰ প্ৰশংসা কৰে৷ প্ৰধানমন্ত্ৰীয়ে প্ৰতিগৰাকী ভাৰতীয়ৰ অন্তৰ আৰু মনত হকীৰ প্ৰতি এক বিশেষ স্থান আছে বুলি উল্লেখ কৰে৷ তেওঁ লগতে কয় যে ৫আগষ্ট, ২০২১ৰ দিনটো প্ৰতিগৰাকী হকী প্ৰেমী আৰু ক্ৰীড়া অনুৰাগীৰ আটাইতকৈ স্মৰণীয় দিন হৈ থাকিব৷
প্ৰধানমন্ত্ৰীয়ে এলানি টুইটযোগে ভাৰতীয় দলৰ প্ৰতিগৰাকী খেলুৱৈ-সদস্যক প্ৰশংসা কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয়, “আপোনালোকৰ পেনাল্টি কৰ্ণাৰৰ বিশেষ দক্ষতাই দেশলৈ এক মুল্যবান পদক আনিবলৈ সক্ষম হৈছে আৰু আমাৰ সকলোকে গৌৰৱান্বিত কৰিছে৷
ভাৰতে আপোনালোকৰ ওপৰত বিশ্বাস কৰে আৰু আপোনালোকৰ দৰে আৰু বহুতো ভাৰতীয় হকী খেলুৱৈক চাব বিচাৰে৷ মোৰ শুভেচ্ছা জনালো৷
আপোনালোকৰ শক্তিশালী খেল উপভোগ কৰিলো৷ এই গুৰুত্বপূৰ্ণ গ’লৰ জৰিয়তে আপোনালোকে ভাৰতীয় হকীক সকলোকে আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিলে৷
অপূৰ্ব প্ৰদৰ্শন! আপোনালোকক লৈ গৌৰৱবোধ কৰিছো৷
সুৰেন্দৰ কুমাৰৰ মুখত সুন্দৰ হাঁহি৷ ভাৰতৰ বিৰুদ্ধে গ’ল কৰিবলৈ হ’লে আপোনালোকে তেওঁৰ দুৰ্জেয় আৰু কঠোৰ দিশটো চাব পাৰিব৷ এই মূল্যবান পদক অৰ্জনত তেওঁ মহান ভূমিকা পালন কৰিছে৷
ধন্যবাদ সুৰেন্দৰ৷ আমি আপোনাক লৈ গৌৰৱবোধ কৰিছো৷”
****
DS/DB
(रिलीज़ आईडी: 1743430)
आगंतुक पटल : 199
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam