প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৩১ জুলাইত চৰ্দাৰ বল্লভভাই পেটেল ৰাষ্ট্ৰীয় আৰক্ষী একাডেমীত প্ৰশিক্ষণপ্ৰাপ্ত আইপিএছসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 30 JUL 2021 10:06PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩১ জুলাইৰ পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে চৰ্দাৰ বল্লভভাই পেটেল ৰাষ্ট্ৰীয় আৰক্ষী একাডেমীত প্ৰশিক্ষণপ্ৰাপ্ত আইপিএছসকলক উদ্দেশ্যি ভাষণ আগবঢ়াব৷ এই উপলক্ষে তেওঁ প্ৰশিক্ষণপ্ৰাপ্ত আইপিএছসকলৰ সৈতে মত বিনিময় কৰিব৷

অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ আৰু গৃহৰাজ্য মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ো উপস্থিত থাকে৷

এছভিপিএনপিএৰ বিষয়ে

চৰ্দাৰ বল্লভভাই পেটেল ৰাষ্ট্ৰীয় আৰক্ষী একাডেমী হৈছে দেশৰ আগশাৰীৰ আৰক্ষী প্ৰশিক্ষণ প্ৰতিষ্ঠান৷ ইয়াৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াসকলৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে আইপিএছ বিষয়াসকলৰ বাবে বিভিন্ন সেৱামূলক পাঠ্যক্ৰম প্ৰদান কৰে৷

 

****

DS/AK/DB



(Release ID: 1742148) Visitor Counter : 130