প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
টিকাকৰণৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিবলৈ এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে এই সপ্তাহত টিকাকৰণৰ বৰ্ধিত গতিক লৈ সন্তুষ্টি ব্যক্ত কৰে আৰু এই ধাৰা অব্যাহত ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে
নমুনা পৰীক্ষাৰ পৰিমাণ যাতে হ্ৰাস নহয় তাৰ ওপৰত নজৰ ৰাখিব লাগিব, কাৰণ সংক্ৰমিতসকলক চিনাক্ত কৰাৰ বাবে আৰু কোনো অঞ্চলত সংক্ৰমণ বৃদ্ধি পোৱাৰ ক্ষেত্ৰত ই অতি গুৰুত্বপূৰ্ণঃ প্ৰধানমন্ত্ৰী
কোউইন প্লেটফৰ্মৰ জৰিয়তে ভাৰতৰ দক্ষ প্ৰযুক্তি বিশেষজ্ঞসকলে যাতে সকলো দেশক সহায় কৰে তাৰ বাবে উদ্যোগ গ্ৰহণ কৰা হৈছেঃ প্ৰধানমন্ত্ৰী
যোৱা ৬ দিনত ৩.৭৭ কোটি টিকাৰ পালি প্ৰদান কৰা হৈছে যি মালয়েছিয়া, চৌদি আৰৱ আৰু কানাডাৰ দৰে দেশৰ মুঠ জনসংখ্যাতকৈ অধিক
Posted On:
26 JUN 2021 7:32PM by PIB Guwahati
প্ৰধানমন্ত্ৰীয়ে দেশৰ টিকাকৰণ আৰু কোভিড পৰিস্থিতিৰ অগ্ৰগতি পৰ্যালোচনা কৰিবলৈ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়।
বিষয়াসকলে দেশত টিকাকৰণৰ অগ্ৰগতিৰ বিষয়ে প্ৰধানমন্ত্ৰীৰ আগত বিতংভাৱে উপস্থাপন কৰে। প্ৰধানমন্ত্ৰীক বয়স অনুসৰি টিকাকৰণ কভাৰেজৰ বিষয়ে অৱগত কৰা হৈছিল। বিভিন্ন ৰাজ্যৰ স্বাস্থ্যসেৱা কৰ্মী, ফ্ৰণ্টলাইন কৰ্মী আৰু সাধাৰণ জনসাধাৰণৰ মাজত কিমান ভেকছিন প্ৰদান কৰা হ’ল সেই বিষয়েও প্ৰধানমন্ত্ৰীক অৱগত কৰা হয়।
বিষয়াসকলে প্ৰধানমন্ত্ৰীক ভেকছিনৰ যোগান সন্দৰ্ভতো অৱগত কৰে। আগন্তুক দিনত ভেকছিনৰ উৎপাদন বৃদ্ধিৰ প্ৰচেষ্টাৰ হাতত লোৱা হৈছে।
প্ৰধানমন্ত্ৰীক জনোৱা হয় যে যোৱা ৬ দিনত ৩.৭৭ কোটি টিকাৰ পালি প্ৰদান কৰা হৈছে যি মালয়েছিয়া, চৌদি আৰৱ আৰু কানাডাৰ দৰে দেশৰ মুঠ জনসংখ্যাতকৈ অধিক। লগতে আলোচনা কৰা হয় যে দেশৰ ১২৮ খন জিলাই ৪৫+ জনসংখ্যাৰ ৫০% তকৈ অধিক টিকাকৰণ কৰিছে আৰু ১৬ খন জিলাই ৪৫+ জনসংখ্যাৰ ৯০% তকৈও অধিক লোকক টিকাকৰণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই সপ্তাহত টিকাকৰণৰ বৰ্ধিত গতিক লৈ সন্তুষ্টি প্ৰকাশ কৰে আৰু এই ধাৰা অব্যাহত ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
বিষয়াসকলে প্ৰধানমন্ত্ৰীক অৱগত কৰে যে তেওঁলোকে টিকাকৰণৰ বাবে মানুহৰ ওচৰলৈ যোৱাৰ বাবে উদ্ভাৱনী পদ্ধতি অন্বেষণ আৰু ৰূপায়ণ কৰিবলৈ ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ কৰি আছে। প্ৰধানমন্ত্ৰীয়ে এনে প্ৰচেষ্টাত বেচৰকাৰী সংগঠন আৰু অন্যান্য সংগঠনক জড়িত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
প্ৰধানমন্ত্ৰীয়ে বিষয়াসকলক ৰাজ্যসমূহৰ সৈতে মিলি কাম কৰিবলৈ আৰু এয়া সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে যাতে নমুনা পৰীক্ষাৰ গতি হ্ৰাস নহয়। কিয়নো যিকোনো অঞ্চলত হঠাত্ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি নজৰ ৰখা আৰু নিয়ন্ত্ৰণৰ বাবে এক অতি গুৰুত্বপূৰ্ণ অস্ত্ৰ।
বিষয়াসকলে প্ৰধানমন্ত্ৰীক বিশ্বৰ বিভিন্ন দেশৰ কোউইন প্লেটফৰ্মৰ প্ৰতি বৰ্ধিত আগ্ৰহৰ বিষয়েও অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে কোউইন প্লেটফৰ্মৰ ৰূপত ভাৰতৰ সমৃদ্ধ প্ৰযুক্তিগত দক্ষতাৰ প্ৰতি যিসমূহ দেশে আগ্ৰহ প্ৰকাশ কৰিছে সেইসমূহক সহায় কৰাৰ চেষ্টা কৰা উচিত।
****
DS/SH/KG
(Release ID: 1741215)
Visitor Counter : 225
Read this release in:
Malayalam
,
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada