প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

টকিঅ’ অলিম্পিক ২০২০ত ভাৰোত্তোলনত ৰূপৰ পদক বিজয়ী মীৰাবাঈ চানুক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 24 JUL 2021 12:55PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টকিঅ’ অলিম্পিক ২০২০ত ভাৰোত্তোলনত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে মীৰাবাঈ চানুক অভিনন্দন জ্ঞাপন কৰে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, ‘@Tokyo2020ত ইয়াতকৈ ভাল সুখদায়ক আৰম্ভণি আৰু কি হ’ব পাৰে! @mirabai_chanuৰ অসাধাৰণ প্ৰদৰ্শনত ভাৰতবাসী উৎফুল্লিত। ভাৰোত্তোলনত ৰূপৰ পদক জয় কৰাৰ বাবে তেওঁক অভিনন্দন। তেওঁৰ সফলতাই প্ৰতিগৰাকী ভাৰতীয়ক অনুপ্ৰাণিত কৰিব। #Cheer4India #Tokyo2020’

 

 ****

DS/SH/KG



(Release ID: 1740518) Visitor Counter : 151