প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মাহেকীয়া ‘মন কী বাত’ কাৰ্যক্ৰমত চণ্ডীগড়ৰ খাদ্য-ভাণ্ডাৰৰ গৰাকীক ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
Posted On:
25 JUL 2021 4:13PM by PIB Guwahati
ৰেডিঅ’ যোগে সম্প্ৰাচাৰিত ৰাষ্ট্ৰক সম্বোধি দিয়া মাহেকীয়া ‘মন কী বাত’ কাৰ্যক্ৰমত চণ্ডীগড়ৰ খাদ্য-ভাণ্ডাৰৰ এগৰাকী মলিকে ক’ভিড-১৯ৰ প্ৰতিষেধক গ্ৰহণৰ বাবে অঞ্চলবাসীক অনুপ্ৰাণিত কৰাৰ বাবে গ্ৰহণ কৰা ভূমিকাক ভূয়সী প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। কাৰ্যক্ৰমটোত প্ৰধানমন্ত্ৰীয়ে কয় যে চণ্ডীগড়ৰ খাদ্য-ভাণ্ডাৰৰ গৰাকী সঞ্জয় ৰাণাই ৰাইজক ক’ভিড-১৯ৰ প্ৰতিষেধক গ্ৰহণৰ বাবে উদ্বুদ্ধ কৰিলৈকে নিজাববীয়াকৈ উদ্যোগ গ্ৰহণ কৰিছিল। তেওঁ জীয়ৰী আৰু ভতিজাকৰ পৰামৰ্শ মৰ্মে ক’ভিড-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰা লোকসকলক বিনামূলীয়াকৈ ‘চোলে ভটুৰে’ খুৱাবলৈ লয় বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।
চণ্ডীগড়ৰ ‘ছেক্টৰ-২৯’ত চাইকেল যোগে ‘চোলে ভটুৰে’ বিক্ৰী কৰি ফুৰা লোকজনৰ পৰা বিনামূলীয়াকৈ চুলে ভটুৰে খাব খোজা লোকসকলে নিৰ্দিষ্ট দিনটোত তেওঁলোকে যে ক’ভিড-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰিছে তাৰ তথ্য প্ৰদান কৰিব লাগে বুলিও প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীয়ে সঞ্জয় ৰাণাক প্ৰশংসা কৰাৰ লগতে কয় যে সমাজকল্যাণৰ বাবে কাম কৰিবলৈ টকা-পইচাতকৈয়ো সেৱাৰ মনোভাৱ আৰু কৰ্তব্য নিষ্ঠাৰহে অধিক প্ৰয়োজন।
****
DS/PS/HR/KB
(Release ID: 1740509)
Visitor Counter : 184
Read this release in:
Telugu
,
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada