প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২০২১ৰ টয়কাথনৰ অংশগ্রহণকাৰীসকলৰ সৈতে মত বিনিময় প্রধানমন্ত্রীৰ

অধিক উন্নত ‘টয়কোনমি’ৰ আহ্বান প্রধানমন্ত্রীৰ

খেলনা উদ্যোগৰ গুৰুত্বৰ কথা উল্লেখ কৰি ইয়াৰ জৰিয়তে দৰিদ্র জনগোষ্ঠীৰ উন্নয়নৰ বিষয়টো যুক্ত বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ

আমি স্থানীয় খেলনাৰ প্ৰতি চাহিদা বৃদ্ধি কৰিব লাগিবঃ প্রধানমন্ত্রী

সমগ্ৰ বিশ্বই ভাৰতৰ কর্মক্ষমতা, উদ্যোগ আৰু সংস্কৃতি আৰু সমাজিক বিষয় সম্পর্কে জানিব বিচাৰে, খেলনাই এই ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰেঃ প্রধানমন্ত্রী

ডিজিটেল গেমিঙৰ ক্ষেত্রত ভাৰতৰ বিভিন্ন বিষয় আছে আৰু এইবোৰ প্ৰস্তুত কৰিব পৰা দক্ষ কর্মীও আছেঃ প্রধানমন্ত্রী

খেলনা উদ্যোগৰ সৈতে জড়িত বিনিয়োগকাৰী আৰু উদ্ভাৱকসকলৰ ভাৰতৰ ৭৫তম স্বাধীনতা দিৱসত যথেষ্ট সম্ভাৱনা আছেঃ প্রধানমন্ত্রী

Posted On: 24 JUN 2021 1:10PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ২০২১ৰ টয়কাথনত অংশগ্রহণকাৰীসকলৰ সৈতে মত বিনিময় কৰে৷ কেন্দ্রীয় মন্ত্রী শ্রী পীযূষ গোৱেল আৰু শ্রী সঞ্জয় ধোত্রেও এই অনুষ্ঠানত উপস্থিত থাকে৷

এই উপলক্ষে প্রধানমন্ত্রীয়ে কয় যে দেশৰ যুৱসম্প্রদায়ৰ বাবে বিগত ৫-৬ বছৰ ধৰি হেকাথন মঞ্চ বিভিন্ন প্ৰত্যাহ্বানৰ সমাধান কৰাৰ বাবে গুৰুত্বপূর্ণ ক্ষেত্র হৈ উঠিছে। দেশৰ যুৱসম্প্রদায়ৰ দক্ষতাকে আৰু প্রসাৰিত কৰিবলৈ তথা সুযোগ প্ৰদানত এই মঞ্চই সহায় কৰিছে। খেলনা হ’ল শিশুসকলৰ প্রথম বন্ধু। ইয়াৰ গুৰুত্বৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রীয়ে খেলনা আৰু গেমিঙৰ সৈতে জড়িত অর্থনৈতিক কর্মতৎপৰতাকে ‘টয়কোনমি’ বুলি উল্লেখ কৰে৷ তেওঁ কয় যে সমগ্ৰ বিশ্বত ১০ হাজাৰ কোটি মার্কিন ডলাৰৰ খেলনাৰ বজাৰ আছে। কিন্তু ভাৰতৰ এই বজাৰত অংশীদাৰিত্ব মাত্র ১.৫ শতাংশ। ভাৰতে প্রায় ৮০ শতাংশ খেলনা আমদানি কৰে। অর্থাৎ, খেলনা আমদানিতে ভাৰতৰ কোটি কোটি টকা ব্যয় হয়। এই অৱস্থাৰ পৰিৱর্তন হোৱা প্রয়োজন। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে খেলনা উদ্যোগৰ বিকাশ আনিবলৈ আৰু সমাজৰ দৰিদ্র শ্রেণীৰ মানুষহৰ বাবে খেলনা উদ্যোগৰ উন্নয়ন প্রয়োজন। সাধাৰণতে, ক্ষুদ্র উদ্যোগ প্রতিষ্ঠানসমূহে খেলনা প্ৰস্তুত কৰে। এই উদ্যোগত গাঁৱৰ মানুহ, দলিত, দৰিদ্র আৰু আদিবাসী সম্প্রদায়ৰ মানুহ জড়িত৷ প্রধানমন্ত্রীয়ে খেলনা উদ্যোগত মহিলাৰ অৱদানৰ কথা বিশেষভাৱে উল্লেখ কৰে৷ এওঁলোকৰ উন্নতিৰ বাবে আমি স্থানীয় খেলনাৰ চাহিদা বৃদ্ধি কৰিব লাগিব৷ আন্তর্জাতিক বজাৰত ভাৰতীয় খেলনা আৰু অধিক আকর্ষণীয় কৰি তুলিবলৈ উদ্ভাৱন আৰু আর্থিক বিনিয়োগৰ নতুন মডেল গঢ় দিব লাগিব৷ এই ক্ষেত্রত খেলনা উদ্যোগত নতুন নতুন উদ্ভাৱনৰ বাবে উৎসাহৰ প্রয়োজন, নতুন উদ্যোগ বা ষ্টার্ট আপসমূহকো উৎসাহিত কৰিব লাগিব। নতুন বজাৰৰ চাহিদা অনুসৰি খেলনা প্রস্তুতকৰ্তাসকলে প্রচলিত পদ্ধতিৰ সৈতে নতুন প্রযুক্তি প্রয়োগ কৰিব লাগিব৷ টয়কাথনৰ দৰে অনুষ্ঠান এইবোৰ অনুপ্রেৰণাৰ উৎস।

প্রধানমন্ত্রীয়ে গ্রামাঞ্চলত যোগাযোগ বৃদ্ধিৰে কম খৰচতে ইণ্টাৰনেট সেৱা লাভ কৰাটো অন্যতম কাৰণ বুলি উল্লেখ কৰে৷ ভাৰতত ভাৰ্চেৱেল, ডিজিটেল আৰু অনলাইন গেমৰ বাবে আৰু অধিক সম্ভাৱনা বিচাৰি কৰিবলৈ তেওঁ আহ্বান জনায়৷ বজাৰত যিবোৰ অনলাইন আৰু ডিজিটেল গেম পোৱা যায়, সেইবোৰৰ অধিকাংশই ভাৰতীয় ধ্যান-ধাৰণাৰ ওপৰ ভিত্তি কৰি প্ৰস্তুত কৰা নহয় বুলি আক্ষেপ কৰে প্ৰধানমন্ত্ৰীয়ে৷ এই ধৰণৰ গেম হিংস্ৰতা আৰু মানসিক অস্থিৰতা বৃদ্ধিৰ অন্যতম কাৰণ। ভাৰতৰ কর্মদক্ষতা, উদ্যোগ আৰু সংস্কৃতি আৰু সামাজিক ব্যৱস্থা সম্পর্কে সমগ্ৰ বিশ্বই জানিব বিচাৰে৷ খেলনাই এইক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে। ডিজিটেল গেমিঙৰ বাবে ভাৰতত বিভিন্ন বিষয় থকাৰ লগতে এই ধৰণৰ গেম প্ৰস্তুত কৰিব পৰা দক্ষ কর্মীও আছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে তৰুণ উদ্ভাৱক আৰু ষ্টার্টআপ সংস্থাসমূহক ভাৰতৰ কর্মদক্ষতাৰ প্রকৃত ছবি সমগ্ৰ বিশ্বৰ সন্মুখত তুলি ধৰিবলৈ আহ্বান জনায়৷ ভাৰতৰ ৭৫তম স্বাধীনতা দিৱসক খেলনা উদ্যোগৰ সৈতে জড়িত বিনিয়োগকাৰী আৰু উদ্ভাৱকসকলৰ বাবে বৃহৎ সুযোগ আনি দিছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷ তেওঁ স্বাধীনতা আন্দোলনৰ বিভিন্ন ঘটনা, আমাৰ স্বাধীনতা সংগ্রামীসকলৰ শৌর্য আৰু নেতৃত্বৰ কথা উল্লেখ কৰি কয় যে গেম প্ৰস্তুত কৰাৰ ক্ষেত্ৰত এই বিষয়সমূহ ব্যৱহাৰ কৰিব পৰা যায়৷ উদ্ভাৱকসকলে স্থানীয় উদ্যোগৰ সৈতে ভৱিষ্যতৰ চাহিদাক যুক্ত কৰাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে৷ প্রধানমন্ত্রীয়ে কয় যে আকর্ষণীয় গেম প্ৰস্তুত কৰাৰ ক্ষেত্রত যিবোৰ বিষয় তনে ৰখা প্রয়োজন, সেইবোৰ হ’ল–যিসকলে এই গেম খেলিব, তেওঁলোকক গেমৰ মাধ্যমেৰে আকৃষ্ট কৰিব লাগিব, আনন্দ দিব লাগিব আৰু শিক্ষামূলক বিষয়বোৰ উপস্থাপন কৰিব লাগিব৷

****

 

DS/DB



(Release ID: 1739832) Visitor Counter : 184