প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নতুন মন্ত্ৰীসকলৰ বাবে ৰাজ্যসভাত প্ৰধানমন্ত্ৰী মোদীৰ পৰিচয়মূলক বক্তব্য
प्रविष्टि तिथि:
19 JUL 2021 3:15PM by PIB Guwahati
মাননীয় সভাপতি মহাশয়,
আপুনি মোক এই সদনত মন্ত্ৰীসভাৰ নতুন সদস্যসকলক পৰিচয় কৰাবলৈ নিৰ্দেশ দিছে।
আজি সদনত এনে এক সুযোগ আহিছে য’ত দেশৰ গাঁৱত বাস কৰি ডাঙৰ-দীঘল হোৱা কৃষক পৰিয়ালৰ সতি-সন্ততিয়ে মন্ত্ৰী হৈ সদনত ভৰি থৈছে। এই সন্মানীয় সদনত তেওঁলোকক পৰিচয় কৰাই দিয়া হৈছে আৰু ইয়াক লৈ কিছুমান লোকে যথেষ্ট কষ্ট পাইছে।
আজি এই সদনত মহিলা মন্ত্ৰীসকলক পৰিচয় কৰাই দিয়া হৈছে। এয়া কিধৰণৰ মহিলা বিৰোধী মানসিকতা, যাৰ বাবে তেওঁলোকে এই সদনত তেওঁলোকৰ নাম শুনিবলৈও সাজু নহয়? তেওঁলোকৰ সৈতে পৰিচয় হ’বলৈও সাজু নহয়?
মাননীয় সভাপতি মহাশয়,
এইবাৰ অনুসূচীত জনজাতিৰ পৰা বৃহৎ সংখ্যক সাংসদ আমাৰ সহমন্ত্ৰী হৈ আহিছে। আমাৰ জনজাতীয় লোকসকলৰ প্ৰতি, এওঁলোকৰ প্ৰতি এনে কি বিদ্বেষৰ ভাৱনা আছে যে এই পৱিত্ৰ সদনত জনজাতীয় মন্ত্ৰীসকলক পৰিচয় কৰোৱা আনুষ্ঠানিক কাৰ্যও তেওঁলোকে পছন্দ নকৰে।
মাননীয় সভাপতি মহাশয়,
এই সদনত বৃহৎ সংখ্যক দলিত মন্ত্ৰীক পৰিচয় কৰোৱা হৈছে। তেওঁলোকে দলিত সম্প্ৰদায়ৰ প্ৰতিনিধিসকলৰ নাম শুনিবলৈয়ো সাজু নহয়। দলিতসকলক লৈ গৌৰৱ কৰিবলৈ সাজু নোহোৱা, জনজাতীয় লোকসকলক লৈ গৌৰৱ কৰিবলৈ সাজু নোহোৱা, কৃষকৰ পুত্ৰক লৈ গৌৰৱ কৰিবলৈ সাজু নোহোৱা এইয়া কিধৰণৰ মানসিকতা? মহিলাসকলক গৌৰৱান্বিত কৰিবলৈ সাজু নোহোৱা এই মানসিকতা কি? এইধৰণৰ বিকৃত মানসিকতা সদনত প্ৰথমবাৰৰ বাবে দেখা গৈছে।
আৰু সেয়েহে মাননীয় সভাপতি মহাশয়,
আপুনি আমাক এওঁলোকক পৰিচয় কৰোৱাৰ বাবে যি সুযোগ প্ৰদান কৰিলে তাৰ বাবে আমি আপোনাৰ ওচৰত কৃতজ্ঞ। মাননীয় সভাপতি মহাশয়, মন্ত্ৰীসভাৰ নৱনিযুক্ত সদস্যসকলক ৰাজ্যসভাত পৰিচয় কৰোৱা হৈছে বুলি বিবেচনা কৰিব লাগে।
*****
DS/BJ/NS/KG
(रिलीज़ आईडी: 1737671)
आगंतुक पटल : 205
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
हिन्दी
,
English
,
Urdu
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Malayalam