প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জম্মু-কাশ্মীৰ সন্দৰ্ভত আজিৰ বৈঠকখনি এখন উন্নত আৰু প্ৰগতিশীল জম্মু-কাশ্মীৰৰ অৰ্থে অব্যাহত থকা প্ৰচেষ্টাৰাজিত এক গুৰুত্বপূৰ্ণ পদক্ষেপঃ প্ৰধানমন্ত্ৰী

আমি জম্মু-কাশ্মীৰৰ তৃণমূল গণতন্ত্ৰৰ সুদৃঢ়কৰণত অগ্ৰাধিকাৰ প্ৰদান কৰিছোঃ প্ৰধানমন্ত্ৰী

সীমা নিৰ্ধাৰণ ক্ষীপ্ৰতাৰে সম্পন্ন হোৱাটো বাঞ্ছনীয় কিয়নো তেতিয়াহে জম্মু-কাশ্মীৰে এখন নিৰ্বাচিত চৰকাৰ লাভ কৰিবঃ প্ৰধানমন্ত্ৰী

Posted On: 24 JUN 2021 8:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ ৰাজনৈতিক নেতাসকলৰ সৈতে আজিৰ বৈঠকখনিক এখন উন্নত আৰু প্ৰগতিশীল জম্মু-কাশ্মীৰৰ অৰ্থে অব্যাহত থকা প্ৰচেষ্টাৰাজিত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি কয়, য’ত সৰ্বাংগীন বিকাশ সাধন হৈছে।

বৈঠকখনিৰ পাছত, এলানি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

“জম্মু-কাশ্মীৰৰ ৰাজনৈতিক নেতাসকলৰ সৈতে আজিৰ বৈঠকখনি এখন উন্নত আৰু প্ৰগতিশীল জম্মু-কাশ্মীৰৰ অৰ্থে অব্যাহত থকা প্ৰচেষ্টাৰাজিত এক গুৰুত্বপূৰ্ণ পদক্ষেপ, য’ত সৰ্বাংগীন বিকাশ সাধন হৈছে।

আমি জম্মু-কাশ্মীৰৰ তৃণমূল গণতন্ত্ৰৰ সুদৃঢ়কৰণত অগ্ৰাধিকাৰ প্ৰদান কৰিছো। সীমা নিৰ্ধাৰণ ক্ষীপ্ৰতাৰে সম্পন্ন হোৱাটো বাঞ্ছনীয় কিয়নো তেতিয়াহে নিৰ্বাচন অনুষ্ঠিত কৰিবপৰা যাব আৰু জম্মু-কাশ্মীৰে এখনি নিৰ্বাচিত চৰকাৰ লাভ কৰিব যিয়ে জম্মু-কাশ্মীৰৰ উন্নয়নৰ ধাৰাক সুদৃঢ় কৰি তুলিব।

এখন মেজত বহা আৰু মত-বিনিময় কৰিবপৰা সামৰ্থ্যই হৈছে আমাৰ গণতন্ত্ৰৰ সৰ্ববৃহৎ শক্তি। মই জম্মু-কাশ্মীৰৰ নেতাসকলক কওঁ যে যুৱ সমাজকে প্ৰমুখ্য কৰি জনতাক জম্মু-কাশ্মীৰৰ ৰাজনৈতিক নেতৃত্ব প্ৰদান কৰা হৈছে আৰু তেওঁলোকৰ আকাংক্ষা সম্পূৰ্ণভাৱে পৰিপূৰণ কৰা গৈছে।”

*****

DS/SB



(Release ID: 1734953) Visitor Counter : 123