স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

কোভিড ১৯: গুজব তথা প্রকৃত তথ্য

১২-১৮ বছৰ বয়সীয়াসকলৰ ওপৰত কোভাক্সিনৰ পৰীক্ষা-নিৰীক্ষা আৰম্ভ হৈছেঃ নেচনেল টেকনিকেল এডভাইজাৰি গ্রুপ অন ইমিউনাইজেচন (এনটিএজিআই) কার্যনিৰ্বাহক গোষ্ঠীৰ চেয়াৰমেন ডাঃ নৰেন্দ্র কুমাৰ আৰোৰা

কোভিড অতিমাৰীৰ পৰা শিশুসকলৰ ৰক্ষাত কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে এক নির্দেশিকা জাৰি কৰে

Posted On: 30 JUN 2021 3:32PM by PIB Guwahati

কোভিড অতিমাৰী মোকাবিলাত কেন্দ্রীয় চৰকাৰ সবাতোকৈ আগত আছে। পৰীক্ষা, গৱেষণা, চিকিৎসা, আচৰণ বিধি মানি চলাৰ ওপৰত বিশেষ জোৰ দিয়া হৈছে।

 

কোভিডৰ দ্বিতীয় লহৰৰ মাজত যথেষ্ট সংখ্যক সংবাদ মাধ্যমত উদ্বেগ প্রকাশ কৰি জনোৱা হয় যে, ইয়াৰ পৰৱর্তী কোনো লহৰ আহিলে শিশুসকলৰ আক্রান্ত হোৱাৰ সম্ভাবনা প্রবল। কিন্তু বিশেষজ্ঞসকলে এই ভয় আৰু আশঙ্কা প্রশমিত কৰিছে।

 

শিশুসকলৰ কোভিড-১৯ সংক্রমণৰ বিষয়ে পর্যালোচনা কৰিবলৈ এটি জাতীয় বিশেষজ্ঞ গোষ্ঠী গঠন কৰা হৈছে। এই গোষ্ঠীয়ে অতিমাৰীৰ মাজৰ পৰা শিশুসকলক ৰক্ষা কৰা আৰু দেশৰ প্রস্তুতি শক্তিশালী কৰাৰ বিষয়ক লৈ আলোচনা চলাইছে। ৪-৫ মাহ আগৰ পৰাই এই গোষ্ঠীয়ে কাম আৰম্ভ কৰি দিছে। ইতিধ্যেই তথ্য সংগ্রহ, চিকিৎসা পৰিকাঠামো, দেশৰ অভিজ্ঞতা, ৰোগৰ পৰিৱর্তন, ভাইৰাছ আৰু অতিমাৰীৰ ধৰণ সম্পর্কে পর্যালোচনা কৰা হৈছে। খুব সোনকালেই এই বিষয়ত এক নির্দেশিকা প্রকাশ কৰা হ'ব। দিল্লীত পিআইবিৰ জাতীয় মিডিয়া চেণ্টাৰত কোভিড-১৯ বিষয়ত কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ সাংবাদিক বৈঠকত এই কথা জনাইছে নীতি আয়োগৰ স্বাস্থ্য বিষয়ক সদস্য ডঃ ভি কে পলে। তেওঁ কয় যে চৰকাৰে এই ক্ষেত্রত পদ্ধতিগতভাৱে বিজ্ঞান সম্মত উন্নতিসাধনৰ পর্যালোচনা চলাইছে। সর্বশেষ পৰিস্থিতিক লৈ তদাৰক কৰিবলৈ এই গোষ্ঠী গঠন কৰা হৈছে বুলিও তেওঁ জনায়।

এই বিষয়ত বিস্তাৰিতভাৱে জানিবলৈ ক্লিক কৰকঃ

(https://pib.gov.in/PressReleasePage.aspx?PRID=1723469)

 

নতুন দিল্লীৰ এআইআইএমএছৰ অধিকর্তা ডাঃ ৰণদীপ গুলেৰিয়াই যোৱা ৮ জুনত জনাইছে যে কোভিডৰ পৰৱর্তী লহৰত ভাৰত বা বিশ্বৰ ক'তো শিশুসকল গুৰুতৰ কৰোণা আক্রান্ত হোৱাৰ তথ্য পোৱা হোৱা নাই।

এই বিষয়ত বিস্তাৰিত তথ্য জানিবলৈ ক্লিক কৰকঃ

(https://www.pib.gov.in/PressReleasePage.aspx?PRID=1725366)

 

নেচনেল টেকনিকেল এডভাইজাৰি গ্রুপ অন ইমিউনাইজেচন (এনটিএজিআই) কার্যনিৰ্বাহক গোষ্ঠীৰ চেয়াৰমেন ডাঃ নৰেন্দ্র কুমাৰ আৰোৰাই জনাইছে যে ১২-১৮ বছৰ বয়সীয়াসকলৰ ওপৰত কোভাক্সিনৰ পৰীক্ষা-নিৰীক্ষা আৰম্ভ হৈছে। দেশৰ বিভিন্ন কেন্দ্রত এই পৰীক্ষা-নিৰীক্ষাৰ কাম চলিছে। অহা ছেপ্টেম্বৰৰ পৰা  অক্টোবৰৰ ভিতৰত ইয়াৰ ফলাফল পোৱা যাব। সেয়ে শিশুসকলৰ সংক্রমণ হ'লেও তেওঁলোক জটিল সমস্যাত নপৰিব। কিন্তু শিশুসকলৰ পৰা আনৰ শৰীৰত ভাইৰাছ বিয়পি পৰিব পাৰে। সেয়ে শিশুসকলৰ টীকাকৰণৰ প্রয়োজন।

বিস্তারিত জানিবলৈ ক্লিক কৰকঃ

(https://pib.gov.in/PressReleseDetailm.aspx?PRID=1730219)।

 

কোভিড অতিমাৰীৰ পৰা শিশুসকলৰ ৰক্ষাত যোৱা ১৮ জুনত কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে এক নির্দেশিকা জাৰি কৰে। প্রাপ্ত বয়স্কসকলৰ সমান্তৰালকৈ শিশুসকলৰ মাজত এই সংক্রমণৰ শৃঙ্খল ভাঙিবলৈ মন্ত্রালয়ে কোভিড আচৰণ বিধি মানি চলাৰ ওপৰত বিশেষ জোৰ দিছে।

 

*****

 

MV

 



(Release ID: 1732106) Visitor Counter : 170