স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
কোভিড-১৯ টিকাকৰণঃ গুজৱ বনাম প্ৰকৃত তথ্য
পুৰুষ আৰু মহিলাৰ বন্ধ্যাত্বৰ সৈতে কোভিড-১৯ টিকাকৰণৰ সম্পৰ্কৰ কোনো বৈজ্ঞানিক প্ৰমাণ পোৱা নাই
স্তনপান কৰাই থকা সকলো মহিলাক কোভিড-১৯ টিকাকৰণৰ পৰামৰ্শ আগবঢ়োৱা হৈছে
কোভিড-১৯ টিকাকৰণঃ গুজৱ বনাম প্ৰকৃত তথ্য
পুৰুষ আৰু মহিলাৰ বন্ধ্যাত্বৰ সৈতে কোভিড-১৯ টিকাকৰণৰ সম্পৰ্কৰ কোনো বৈজ্ঞানিক প্ৰমাণ পোৱা নাই
স্তনপান কৰাই থকা সকলো মহিলাক কোভিড-১৯ টিকাকৰণৰ পৰামৰ্শ আগবঢ়োৱা হৈছে
प्रविष्टि तिथि:
30 JUN 2021 3:27PM by PIB Guwahati
কোভিড-১৯ টিকাকৰণৰ ফলত প্ৰজনন ক্ষমতাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে বুলি আৰু স্তনপান কৰাই থকা মহিলাসকলৰ বাবে এই টিকা সুৰক্ষিত হয় নে নহয় সেই সন্দৰ্ভত সম্প্ৰতি সংবাদ মাধ্যমত কিছুমান উদ্বেগজনক প্ৰতিবেদন প্ৰকাশ পাই আহিছে।
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই সন্দৰ্ভত ৱেবছাইট https://www.mohfw.gov.in/pdf/FAQsforHCWs&FLWs.pdf ত এক সুস্পষ্ট ধাৰণা দাঙি ধৰিছে। মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে উপলব্ধ কোনো ভেকছিনে পুৰুষ বা মহিলাৰ উৰ্বৰতাত প্ৰভাৱ নেপেলায়, কিয়নো সকলো ভেকছিন আৰু ইয়াৰ উপাদানবোৰ প্ৰথমে পশুৰ ওপৰত আৰু পিছত মানুহৰ ওপৰত পৰীক্ষা কৰা হয়। ভেকছিনবোৰৰ সুৰক্ষা আৰু কাৰ্যকাৰিতা নিশ্চিত হোৱাৰ পিছতহে ইয়াক ব্যৱহাৰৰ বাবে কৰ্তৃত্ব প্ৰদান কৰা হয়।
তদুপৰি, কোভিড-১৯ টিকাকৰণৰ ফলত বন্ধ্যাত্ব সম্পৰ্কীয় প্ৰচলিত গুজৱ নিয়ন্ত্ৰণ কৰিবলৈ, ভাৰত চৰকাৰে https://twitter.com/PIBFactCheck/status/1396805590442119175 এই লিংকৰ জৰিয়তে স্পষ্ট কৰি দিছে যে কোভিড-১৯ টিকাকৰণৰ ফলত পুৰুষ আৰু মহিলাৰ প্ৰজনন ক্ষমতাত বিৰূপ প্ৰভাৱ পৰিব পাৰে বুলি কোনো বৈজ্ঞানিক প্ৰমাণ নাই। ভেকছিনবোৰ সুৰক্ষিত আৰু কাৰ্যকৰী।
এক শেহতীয়া সাক্ষাৎকাৰত, টিকাকৰণৰ ৰাষ্ট্ৰীয় কাৰিকৰী উপদেষ্টা গোটৰ (এনটিএজিআই) কোভিড-১৯ ৱৰ্কিং গ্ৰুপৰ অধ্যক্ষ ডঃ এন কে আৰোৰাই এই শংকা আৰু অভিযোগবোৰ খণ্ডন কৰিছে। তেওঁ কয় যে ভাৰত আৰু বিদেশত পলিঅ’ ভেকছিন প্ৰদানৰ সময়তো ভুল তথ্য প্ৰচাৰ কৰা হৈছিল যে ভেকছিন লোৱা শিশুসকল ভৱিষ্যতে বন্ধ্যাত্বৰ সন্মুখীন হ’ব পাৰে। তেওঁ আশ্বাস দিয়ে যে সকলো ভেকছিন তীব্ৰ বৈজ্ঞানিক গৱেষণাৰ মাজেৰে প্ৰস্তুত কৰা হৈছে আৰু কোনো ভেকছিনৰ এনেধৰণৰ পাৰ্শ্বক্ৰিয়া নাই।
কোভিড-১৯ ভেকছিন পৰিচালনা সম্পৰ্কীয় ৰাষ্ট্ৰীয় বিশেষজ্ঞ গোটেও(NEGVAC) স্তনপান কৰাই থকা সকলো মহিলাৰ বাবে কোভিড-১৯ টিকাকৰণৰ পৰামৰ্শ দিছে, ইয়াক সুৰক্ষিত বুলি অভিহিত কৰিছে আৰু টিকাকৰণৰ আগতে বা পিছত স্তনপান বন্ধ বা বিৰাম দিয়াৰ কোনো প্ৰয়োজন নাই বুলি উল্লেখ কৰিছে। (https://pib.gov.in/PressReleasePage.aspx?PRID=1719925)।
******
MV/KG
(रिलीज़ आईडी: 1732105)
आगंतुक पटल : 290
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam