বিত্ত মন্ত্ৰালয়

ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজত ভাৰতীয় অর্থনীতিক সাহায্য কৰিবলৈ বিত্ত মন্ত্রী নির্মলা সীতাৰমণে ৬,২৮,৯৯৩ কোটি টকাৰ আর্থিক পেকেজ ঘোষণা কৰিছে

• ক'ভিড প্রভাবিত ক্ষেত্রৰ বাবে ১.১ লক্ষ কোটি টকাৰ ঋণ নিশ্চয়তা প্রকল্প

• আপৎকালীন মূলধন নিশ্চয়তা প্রকল্পৰ বাবে অতিৰিক্ত ১.৫ লক্ষ কোটি টকা

• মাইক্রো ফাইনেন্স ইনষ্টিটিউশ্যনছ (এমএফআইএছ)ৰ মাধ্যমত ঋণ নিশ্চয়তা প্রকল্পৰ আওতাত ২৫ লক্ষ মানুহৰ বাবে ঋণদানৰ ব্যৱস্থা কৰা হ'ব

• ১১,০০০ নিবন্ধীকৃত পর্যটন / গাইডসকলৰ সংস্থাসমূহক আর্থিক সহায়তা

• প্রথম ৫ লক্ষ পর্যটকক বিনামূল্যে ১ মাহৰ পর্যটক ভিছা

• আত্মনির্ভৰ ভাৰত ৰোজগাৰ যোজনাৰ সময়সীমা ৩১ মার্চ পর্যন্ত বৃদ্ধি কৰা হ'ল

• ডিএপি আৰু পিএণ্ডকে ৰেহাইৰ বাবে ১৪,৭৭৫ কোটি টকাৰ অতিৰিক্ত ভর্তুকি

• ২০২১ৰ মে'ৰ পৰা নৱেম্বৰ পর্যন্ত বিনামূল্যে খাদ্যশস্য বিতৰণৰ বাবে প্রধানমন্ত্রী গৰীব কল্যাণ অন্ন যোজনাৰ (পিএমজিকেএৱাই) সময়সীমা বৃদ্ধি

• শিশুসকলৰ যত্ন আৰু হাসপাতালত শয্যাৰ বাবে গুৰুত্ব দি জনস্বাস্থ্য ব্যবস্থাত ২৩,২২০ কোটি টকা অনুমোদন কৰা হৈছে

• জাতিৰ উদ্দেশ্যে পুষ্টি, জলবায়ু পৰিবর্তনৰ সমস্যা প্রতিৰোধী ২১ ধৰণৰ জৈৱ সংশোধিত শস্য নিবেদন কৰা হ'ল

• নর্থ ইষ্টার্ণ ৰিজিওনেল এগ্রিকালচাৰেল মার্কেটিং কর্পোৰেশনৰ (এনইআৰএএমএচি) পুনৰুজ্জীৱনৰ বাব

Posted On: 28 JUN 2021 6:53PM by PIB Guwahati

কেন্দ্রীয় বিত্ত আৰু কর্পোৰেট বিষয়ক মন্ত্রী শ্রীমতী নির্মলা সীতাৰমণে কোভিড – ১৯ৰ দ্বিতীয় লহৰৰ ফলত বিভিন্ন ক্ষেত্রত যি প্রতিকূল পৰিস্থিতিৰ সৃষ্টি হৈছে, সেই অবস্থাৰ উন্নতিৰ বাবে এলানি পদক্ষেপ ঘোষণা কৰিছে। জৰুৰী পৰিস্থিতিত স্বাস্থ্য পৰিসেৱাৰ প্রয়োজনীয় প্রস্তুতিৰ বাবে আৰু কর্মসংস্থান সৃষ্টি কৰিবলৈ এই উদ্যোগসমূহ সহায়ক হ'ব। এই আর্থিক পেকেজ ঘোষণাৰ সময়ত মন্ত্রীৰ সৈতে  কেন্দ্রীয় বিত্ত আৰু কর্পোৰেট বিষয়ক প্রতিমন্ত্রী শ্রী অনুৰাগ সিং ঠাকুৰ, বিত্ত সচিব ডঃ টি ভি সোমানাথন, আর্থিক পৰিসেৱা দপ্তৰৰ সচিব শ্রী দেবাশিষ পাণ্ডা, ৰাজস্ব সচিব শ্রী তৰুণ বাজাজ  উপস্থিত আছিল।

কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি নতুনদিল্লীত ইকনমিক ৰিলিফ পেকেজ ঘোষণা কৰে

 

৬,২৮,৯৯৩ কোটি টকাৰ এই পেকেজত ১৭টা পদক্ষেপৰ কথা কোৱা হৈছে। ডিএপি আৰু পিএণ্ডকে ৰেহাইৰবাবে অতিৰিক্ত ভর্তুকি আৰু বর্তমান বছৰৰ মে'ৰ পৰা নৱেম্বৰ পর্যন্ত ব্যবস্থাৰ কথা আগতেই ঘোষিত হৈছিল।

আজি যি পদক্ষেপসমূহৰ কথা উল্লেখ কৰা হৈছে, সেইসমূহক ৩টা স্তৰত ভাগ কৰা যায়।

 

১) মহামাৰীৰ পৰা বাহিৰলৈ ওলাই অহাৰ বাবে আর্থিক সুবিধা

 

২) জনস্বাস্থ্য ব্যৱস্থাৰ উন্নতি

 

৩) উৎপাদিত সামগ্রীৰ পৰিমাণ বৃদ্ধি আৰু কর্মসংস্থান গঢ়ি তুলিবলৈ সুবিধা হ'ব

 

১) মহামাৰীৰ পৰা বাহিৰলৈ ওলাই অহাৰ বাবে আর্থিক সুবিধা –

 

আজি যি ১৭টা প্রকল্প ঘোষিত হৈছে, তাৰ ভিতৰত ৮ টাত কোভিড – ১৯ মহামাৰীত যিসকল প্রভাবিত হৈছে, তেওঁলোকৰ বাবে আর্থিক ত্রাণৰ ব্যবস্থা কৰা হৈছে। স্বাস্থ্য আৰু পর্যটন ক্ষেত্রৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে।

 

ক) কোভিড প্রভাবিত ক্ষেত্রৰ বাবে ১.১ লক্ষ কোটি টকাৰ ঋণ নিশ্চয়তা প্রকল্প -

 

এই প্রকল্পৰ মাধ্যমত ব্যৱসায় বাণিজ্যৰ অতিৰিক্ত ১.১ লক্ষ কোটি টকাৰ বৰ্ধিত ঋণৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ ভিতৰত ৫০ হাজাৰ কোটি টকা স্বাস্থ্য ক্ষেত্রত আৰু পর্যটন সহ অন্যান্য ক্ষেত্রৰ বাবে ৬০ হাজাৰ কোটি টকাৰ সংস্থান আছে।

 

চিকিৎসা পৰিকাঠামোৰ উন্নতিৰ বাবে স্বাস্থ্য ক্ষেত্রত অবহেলিত দিশবিলাকৰ প্রতি গুৰুত্ব দিয়া হ'ব আৰু ইয়াৰ বাবে বিভিন্ন উদ্যোগ লোৱা হ'ব। স্বাস্থ্য / চিকিৎসাৰ অন্যান্য পৰিকাঠামোক সাহায্য কৰিবলৈ এই তহবিলৰ ব্যবস্থা কৰা হৈছে। ইয়াৰ মাধ্যমত ৮খন মহানগৰ বাদ দি অন্যান্য চহৰত নতুন প্রকল্প আৰু পুৰণি প্রকল্পৰ সম্প্রসাৰণৰ বাবে প্রয়োজনীয় অর্থ পোৱা যাব। সম্প্রসাৰিত প্রকল্পসমূহৰ বাবে মুঠ প্রকল্পৰ ৫০ শতাংশ অর্থ আৰু নতুন প্রকল্পসমূহৰ ক্ষেত্রত মুঠ প্রকল্পৰ ৭৫ শতাংশ অর্থ এই ব্যবস্থাৰ পৰা পোৱা যাব। উচ্চাকাঙ্খী জিলাসমূহৰ ক্ষেত্রত নতুন প্রকল্প আৰু সম্প্রসাৰিত প্রকল্প – উভয় ক্ষেত্রতেই ৭৫ শতাংশ তহবিলৰ যোগান এই যোজনাৰ মাধ্যমত পোৱা যাব। এই ক্ষেত্রত সর্বোচ্চ ১০০ কোটি টকাৰ ঋণ পোৱা যাব। এই ঋণৰ নিশ্চয়তাৰ সময়সীমা ৩ বছৰ। বেঙ্কসমূহে এই খাতাত সর্বোচ্চ ৭.৯৫ শতাংশ সুদৰ হাৰত  ঋণ দিব পাৰিব। অন্যান্য ক্ষেত্রত সুদৰ হাৰ বার্ষিক ৮.২৫ শতাংশ হ'ব। অর্থাৎ বর্তমানৰ ১০ৰ পৰা ১১ শতাংশ হাৰত যি ঋণ পোৱা যায়, নতুন এই যোজনাত সুদৰ হাৰ কম হ'ব।

 

খ) আপৎকালীন মূলধন নিশ্চয়তা প্রকল্প (ইচিএলজিএফ)

 

২০২০ চনৰ মে' মাহত চৰকাৰে ১.৫ লক্ষ কোটি টকাৰ আত্মনির্ভৰ ভাৰত পেকেজৰ সূচনা কৰিছিল। এই পেকেজৰ আওতাত আপৎকালীন মূলধন নিশ্চয়তা প্রকল্পক (ইচিএলজিএফ) সম্প্রসাৰিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইচিএলজিএফৰ সূচনাৰ লগে লগে এই প্রকল্পৰ বিষয়ত যথেষ্ট আগ্রহ দেখা দিয়ে। ইতিমধ্যেই ২.৭৩ লক্ষ কোটি টকাৰ ঋণৰ প্রস্তাব অনুমোদিত হৈছে আৰু ২.১০ লক্ষ কোটি টকা ঋণ বন্টনো হৈছে। সম্প্রসাৰিত প্রকল্পটোত গ্রহণযোগ্য নিশ্চয়তা আৰু ঋণৰ পৰিমাণ বঢ়োৱা হৈছে। বর্তমান হাৰৰ ২০ শতাংশ বেছি এতিয়াৰ পৰা ঋণ পোৱা যাব। বিভিন্ন চাহিদা বিবেচনা কৰি ঋণ অনুমোদনৰ বিষয়টোক লৈ সিদ্ধান্ত লোৱা হ'ব। ইয়াৰ ফলত বর্তমান ৩ লক্ষ কোটি টকাৰ পৰা গ্রহণযোগ্য নিশ্চয়তা ঋণৰ পৰিমাণ বঢ়াই ৪.৫ লক্ষ কোটি টকা কৰা হ'ল।

আঁচনি

সময়

ধনৰাশি

(কোটি টকাত)

মন্তব্য

মহামাৰীৰ পৰা অৰ্থনৈতিক সকাহ

 

কোভিড আক্ৰান্ত খণ্ডৰ বাবে লোন গেৰাণ্টী স্কিম

2021-22

1,10,000

 

ইমাৰ্জেঞ্চী ক্ৰেডিট লাইন গেৰাণ্টী স্কিম (ECLGS)

2021-22

1,50,000

প্ৰসাৰ

ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ বাবে ক্ৰেডিট গেৰাণ্টী স্কিম

2021-22

7,500

 

টুৰিষ্ট গাইড/ষ্টেকহল্ডাৰৰ বাবে স্কিম

2021-22

-

লোনৰ অধীনত সামৰি লোৱা

লাখ পৰ্যটকক বিনামূলীয়া এমাহৰ টুৰিষ্ট ভিছা

2021-22

100

 

আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ যোজনাৰ প্ৰসাৰ

2021-22

-

 

ডিএপি আৰু পিএণ্ডকে সাৰৰ বাবে অতিৰিক্ত ৰাজসাহায্য

2021-22

14,775

 

পিএমজিকেএৱাইৰ অধীনত মে পৰা নৱেম্বৰ, ২০২১লৈ বিনামূলীয়া খাদ্য শস্য

2021-22

93,869

 

স্বাস্থ্য

 

জনস্বাস্থ্যৰ বাবে নতুন আঁচনি

2021-22

15,000

আঁচনিৰ ব্যয়- 23,220 কোটি টকা; কেন্দ্ৰীয় অংশ-15,000 কোটি টকা

বিকাশ আৰু নিয়োগৰ বাবে উদগণি

 

জলবায়ু প্ৰতিৰোধক বিশেষ জাত মুকলি

202122

-

 

উত্তৰ পূৱ আঞ্চলিক কৃষি বিপণন নিগম পুনৰ সজীৱ

2021-22

77

 

এনইআইএৰ জৰিয়তে ৰপ্তানি প্ৰকল্পক সাহ

2021-22 to 2025-26

33,000

 

ৰপ্তানি বীমা পৰিসৰক সাহ

2021-22 to 2025-26

88,000

 

ভাৰতনেট পিপিপি মডেলৰ জৰিয়তে প্ৰতিখন গাঁৱলৈ ব্ৰডবেণ্ড

2021-22 to 2022-23

19,041

 

বৃহ পৰিমাণৰ বৈদ্যুতিক নিৰ্মাণৰ বাবে পিএলআই স্কিমৰ সময় বৃদ্ধি

 

 

সময় বৃদ্ধি

সংশোধন ভিত্তিক ফলাফল সম্পৰ্কিত শক্তি বিতৰণ আঁচনি (বাজেটৰ ঘোষণা)

2021-22 to 2025-26

97,631

আঁচনিৰ ব্যয় 3,03,058 কোটি টকা; কেন্দ্ৰীয় অংশ 97,631কোটি

মুঠ

 

6,28,993

 

 

******

RM/MV/KMN



(Release ID: 1731310) Visitor Counter : 277