প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰেকর্ড সংখ্যক টিকাকৰণৰ প্ৰচেষ্টাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

Posted On: 21 JUN 2021 7:58PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ৰেকর্ড সংখ্যক টিকাকৰণত সন্তোষ প্রকাশ কৰাৰ লগতে আগশাৰীৰ ক’ৰোনা যোদ্ধাসকলৰ কঠোৰ পৰিশ্রমৰ বাবে প্রশংসা কৰে৷

টুইটাৰযোগে এক বার্তাত প্রধানমন্ত্রীয়ে কয়, “আজি ৰেকর্ড সংখ্যক টিকাকৰণ অতি আনন্দৰ খবৰ। ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত টিকাই আমাৰ বাবে আটাইতকৈ শক্তিশালী অস্ত্র। যিসকলে টিকা পাইছে, তেওঁলোকক অভিনন্দন জনাইছো আৰু আগশাৰীৰ ক’ৰোনা যোদ্ধাসকল কঠোৰ পৰিশ্রমৰ বাবে প্রশংসাৰ পাত্ৰ৷ তেওঁলোকে বিপুল সংখ্যক লোকক টিকা প্ৰদানৰ বিষয়টো নিশ্চিত কৰিছে৷ ভাৰতে প্ৰশংসনীয় কাম কৰিছে৷”

***

DS/DB



(Release ID: 1731300) Visitor Counter : 221