প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিশিষ্ট স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ অশোক পানাগৰীয়াৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 11 JUN 2021 6:22PM by PIB Guwahati

বিশিষ্ট স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ অশোক পানাগৰীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ডাঃ অশোক পানাগৰীয়াই স্নায়ুৰোগৰ এগৰাকী অসাধাৰণ বিশেষজ্ঞ হিচাপে নিজকে প্ৰতিস্থা কৰি থৈ গৈছে। চিকিত্সা বিজ্ঞানৰ ক্ষেত্ৰত তেওঁ গ্ৰহণ কৰা অগ্ৰণী ভূমিকাই প্ৰজন্মৰ পিচত প্ৰজন্মৰ চিকিত্সক তথা গৱেষকক উপকৃত কৰি যাব। তেওঁৰ মৃত্যুৱে বাৰুকৈয়ে ব্যথিত কৰিছে। এই মুহূৰ্তত শোক সন্তপ্ত পৰিয়ালবৰ্গৰ লগতে তেওঁৰ বন্ধু-বান্ধৱসকললৈ সমবেদনা জনাইছো। ওঁম শান্তি”।

 

****

DS/SH/KB


(रिलीज़ आईडी: 1727805) आगंतुक पटल : 198
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam