প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰী ডিংকো সিঙৰ বিয়োগত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 10 JUN 2021 11:31AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বক্সাৰ শ্ৰী ডিংকো সিঙৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

 

এক টুইটযোগে শ্ৰী মোদীয়ে কয়ঃ

 

‘শ্ৰী ডিংকো সিং আছিল এগৰাকী অসাধাৰণ ক্ৰীড়া ব্যক্তিত্ব, এগৰাকী উৎকৃষ্ট বক্সাৰ যিয়ে কেইবাটাও সন্মান অৰ্জন কৰিছিল আৰু বক্সিঙৰ জনপ্ৰিয়তা বৃদ্ধিত অগ্ৰণী ভূমিকা পালন কৰিছিল। তেওঁৰ মৃত্যুত মই শোকাহত। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জনাইছোঁ। ওম শান্তি।’

 

 ****

DS/KG


(ৰিলিজ আই ডি : 1727797) অতিথি কক্ষ : 231