প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৪৭সংখ্যক জি৭ সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

Posted On: 10 JUN 2021 6:34PM by PIB Guwahati

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ আমন্ত্ৰণক্ৰমে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১২ আৰু ১৩ জুনত ভাৰ্চুৱেলী জি৭ আউটৰীচ্চ পৰ্বত অংশগ্ৰহণ কৰিব৷ ব্ৰিটেইনৰ অধ্যক্ষতাত এইবাৰ জি৭ সন্মিলন অনুষ্ঠিত হ’ব আৰু এই সন্মিলনত ভাৰতৰ লগতে অষ্ট্ৰেলিয়া, কোৰিয়া আৰু দক্ষিণ আফ্ৰিকাই অতিথি দেশ হিচাপে অংশগ্ৰহণ কৰিব৷ এই সন্মিলন হাইব্ৰিড ম’ডত অনুষ্ঠিত হ’ব৷

সন্মিলনৰ মুল বিষয়বস্তু হৈছে ‘বিল্ড বেক বেটাৰ’ আৰু ব্ৰিটেইনে চাৰিটা দিশত অগ্ৰাধিকাৰ প্ৰদান কৰিছে৷ সেইবোৰ হৈছে ভৱিষ্যতে মহামাৰীৰ বিৰুদ্ধে যুঁজ দিব পৰাকৈ ক’ৰোনা ভাইৰাছৰ পৰা বিৰুদ্ধে বিশ্ববাসীক মুক্ত কৰাত নেতৃত্ব বহন কৰা; চেম্পিয়নমুক্ত আৰু সুস্থ বাণিজ্যৰ জৰিয়তে সমৃদ্ধিশালী ভৱিষ্যতৰ প্ৰসাৰ কৰা; জলবায়ু পৰিৱৰ্তন নিয়ন্ত্ৰণ কৰা আৰু পৃথিৱীৰ জৈৱ-বৈচিত্ৰতা সুৰক্ষা কৰা; আৰু মিলিত মূল্যবোধ আৰু মুক্ত সমাজ ব্যৱস্থাৰ শ্বেয়াৰ কৰা৷ স্বাস্থ্য আৰু জলবায়ু পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰি মহামাৰীৰ পৰা মুক্ত হোৱাৰ ক্ষেত্ৰত নেতৃবৃন্দই তেওঁলোকৰ দৃষ্টিভংগী বিনিময় কৰাৰ আশা আছে৷

দ্বিতীয় বাৰলৈ প্ৰধানমন্ত্ৰীয়ে জি৭ সন্মিলনত অংশগ্ৰহণ কৰিব৷ ২০১৯ চনত ফ্ৰান্সৰ অধ্যক্ষতাত অনুষ্ঠিত জি৭ সন্মিলনত ভাৰতক ‘শুভচিন্তক’ হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল আৰু প্ৰধানমন্ত্ৰীয়ে ‘জলবায়ু, জৈৱ-বৈচিত্ৰ আৰু মহাসাগৰ’ আৰু ‘ডিজিটেল পৰিৱৰ্তনশীলতা’ পৰ্বত অংশগ্ৰহণ কৰিছিল৷

 

***

DS/SH/DB



(Release ID: 1726422) Visitor Counter : 189