প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পশ্চিম বংগৰ কেতবোৰ অঞ্চলত হোৱা বজ্ৰপাতত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ, হতাহতলৈ এককালীন সাহায্য ঘোষণা
পোষ্ট কৰা হৈছে:
07 JUN 2021 9:03PM by PIB Guwahati
পশ্চিম বংগৰ কেতবোৰ অঞ্চলত হোৱা বজ্ৰপাতৰ ঘটনাত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “পশ্চিম বংগৰ কেতবোৰ অ়ঞ্চলত হোৱা বজ্ৰপাতৰ ঘটনাত আত্মীয়-স্বজনক হেৰুৱাবলগীয়া হোৱা সকলৰ প্ৰতি মই সমবেদনা জনাইছো। এই ঘটনাত আহত হোৱা সকলৰ আশু আৰোগ্য কামনা কৰিছো”।
ইফালে, প্ৰধানমন্ত্ৰীয়ে ‘পিএমএনআৰএফ’ পুঁজিৰ পৰা নিহতসকলৰ নিকটাত্মীয়লৈ ২লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথাও ঘোষণা কৰে।
***
DS/SH/KB
(ৰিলিজ আই ডি : 1725248)
অতিথি কক্ষ : 231
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam