স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ক’ভিডৰ শেহতীয়া তথ্য
Posted On:
28 MAY 2021 9:21AM by PIB Guwahati
চিকিৎসাধীন ৰোগীৰ সংখ্যা ২৩,৪৩,১৫২জনলৈ হ্ৰাস৷
বিগত ২৪ ঘণ্টাত চিকিৎসাধীন ৰোগীৰ সংখ্যা ৭৬,৭৫৫জন কমিল৷
নতুন আক্ৰান্তৰ সংখ্যা ১.৮৬লাখেৰে এই গতি ক্ৰমান্বয়ে হ্ৰাস পাই আছে৷
বিগত ৪৪দিনৰ পাছত এয়া সৰ্বনিম্ন আক্ৰান্ত হিচাপে বিবেচিত হৈছে৷
এতিয়ালৈকে দেশত মুঠ ২,৪৮,৯৩,৪১০জন ৰোগী আৰোগ্য হৈছে৷ বিগত ২৪ ঘণ্টাত ২,৫৯,৪৫৯জন ৰোগী আৰোগ্য হৈছে৷
একেৰাহে ১৫দিন দৈনিক নতুন আক্ৰান্তৰ সংখ্যাতকৈ আৰোগ্যৰ সংখ্যা অধিক হৈছে৷
আৰোগ্যৰ হাৰ ৯০.৩৪%লৈ উন্নীত৷
সাপ্তাহিক পজিটিভিটিৰ হাৰ বৰ্তমান ১০.৪২% হৈছে৷
একেৰাহে চাৰিদিন ধৰি দৈনিক পজিটিভিটিৰ হাৰ ১০শতাংশতকৈ হ্ৰাস পাই ৯.০০% হৈছে৷
ৰাষ্ট্ৰজোৰা টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে ২০.৫৭ কোটি ভেকচিন ড’জ প্ৰদান কৰা হৈছে৷
পৰীক্ষাৰ সুবিধা ক্ৰমান্বয়ে বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত বিগত ২৪ ঘণ্টাত ২১.৭০লাখ পৰীক্ষা সম্পন্ন কৰা হৈছে৷
***
MV
(Release ID: 1722416)
Visitor Counter : 147
Read this release in:
Malayalam
,
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada