স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

Posted On: 27 MAY 2021 9:43AM by PIB Guwahati

চিকিৎসাধীন ৰোগীৰ সংখ্যা ২৪,১৯,৯০৭জনলৈ হ্ৰাস৷

বিগত ২৪ ঘণ্টাত চিকিৎসাধীন ৰোগীৰ সংখ্যা ৭৫,৬৮৪জন কমিল৷

নতুন আক্ৰান্তৰ সংখ্যা ২.১১লাখেৰে এই গতি ক্ৰমান্বয়ে হ্ৰাস পাই আছে৷

এতিয়ালৈকে দেশত মুঠ ২,৪৬,৩৩,৯৫১জন ৰোগী আৰোগ্য হৈছে৷ বিগত ২৪ ঘণ্টাত ২,৮৪,১৩৫জন ৰোগী আৰোগ্য হৈছে৷

একেৰাহে ১৪দিন দৈনিক নতুন আক্ৰান্তৰ সংখ্যাতকৈ আৰোগ্যৰ সংখ্যা অধিক হৈছে৷

আৰোগ্যৰ হাৰ ৯০.০১%লৈ উন্নীত৷

সাপ্তাহিক পজিটিভিটিৰ হাৰ বৰ্তমান ১০.৯৩% হৈছে৷

একেৰাহে তিনিদিন ধৰি দৈনিক পজিটিভিটিৰ হাৰ ১০শতাংশতকৈ হ্ৰাস পাই ৯.৭৯% হৈছে৷

ৰাষ্ট্ৰজোৰা টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে ২০.২৭ কোটি ভেকচিন ড’জ প্ৰদান কৰা হৈছে৷

আমেৰিকাৰ পাছতে ২০ কোটিতকৈ অধিক লোকক টিকাকৰণ কৰা দ্বিতীয়খন দেশ হৈছে ভাৰত৷

বিগত ২৪ ঘণ্টাত ২১.৫৭লাখ পৰীক্ষা সম্পন্ন কৰা হৈছে৷

***

MV



(Release ID: 1722330) Visitor Counter : 193