স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

১৮-৪৪ বয়স সীমাৰ পঞ্জীয়ণৰ বাবে ক’উইন-ত অনলাইন পঞ্জীয়ণৰ উপৰি এতিয়াৰে পৰা উপলব্ধ হ’ব ‘অন-ছাইট ৰেজিষ্ট্ৰেশ্যন’/ ‘ফেচিলিটেটেড ক’হৰ্ট ৰেজিষ্ট্ৰেশ্যন’ৰ সুবিধা

সম্প্ৰতি, চৰকাৰী ক’ভিড টীকাকৰণ কেন্দ্ৰতহে এই সুবিধা উপলব্ধ হ’ব

Posted On: 24 MAY 2021 1:11PM by PIB Guwahati

ক’ভিড-১৯ৰ সংক্ৰমণৰ পৰা দেশৰ আটাইতকৈ আক্ৰান্ত-প্ৰৱণ লোকসকলক সুৰক্ষিত ৰখাৰ ব্যৱস্থা হিচাপে আৰম্ভ কৰা টীকাকৰণ অভিযানক নিয়ামীয়া ভাবে পৰ্যালোচনা কৰাটো অব্যাহত ৰখাৰ লগতে একেবাৰে শীৰ্য পৰ্যায়ত নিৰীক্ষণৰৰো দিহা কৰা হৈছে। এক মান সম্পন্ন পূৰ্বানুমান ভিত্তিক আৰু সক্ৰিয়তাপূৰ্বক পদক্ষেপ গ্ৰহণৰ উদ্যোগ লোৱা হৈছিল যদিও সংশ্লিষ্ট পক্ষসমূহৰ সৈতে কৰা আলোচনাৰ ভিত্তিত সমসাময়িক পৰিস্থিতিৰ অনুকূলে সংশোধনৰ ব্যৱস্থা কৰি অভিয়ান অব্যাহত ৰখাত গুৰুত্ব আৰোপ কৰা হৈছিল।

 যোৱা ১মাৰ্চ, ২০২১ত ‘ৰাষ্ট্ৰীয় টীকাকৰণ অভিযান’ৰ দ্বিতীয়টো পৰ্যায়ৰ শুভাৰম্ভ কৰাৰ সময়ত ‘ক’উইন ডিজিটেল প্লেটফৰ্ম’ত কেৱল ৪৫বছৰৰ ওপৰৰ নাগৰিকসকলৰ বাবেহে অনলাইন পঞ্জীয়ণৰ ব্যৱস্থা আগবঢ়োৱা হৈছিল। এইসকল উচ্চ-প্ৰাথমিকতা দিয়া গোটৰ বাবে ‘অন-ছাইট পঞ্জীয়ণ আৰু সাক্ষাত্কাৰ’ৰ সুবিধা পৰৱৰ্তী সময়তহে আগবঢ়োৱা হৈছিল। পিচৰ পৰ্যায়ত ১মে’, ২০২১ৰ পৰা এই ব্যৱস্থাসমূহ ‘লিবাৰেলাইজড প্ৰাইচিং এণ্ড একচেলেৰেটেড নেশ্যনেল ক’ভিড-১৯ ভেকচিনেশ্যন ষ্ট্ৰেটেজী’ ৰূপায়ণৰ ব্যৱস্থা সহ ১৮-৪৪বয়স সীমাৰ অন্তৰ্গত নাগৰিকসকলৰ বাবেও সম্প্ৰসাৰিত কৰা হয়। প্ৰথম অৱস্থাত টীকাকৰণ অভিযানত ১৮ৰ পৰা ৪৪ বয়স সীমাৰ লোকসকলৰ ভিৰ কমোৱাৰ উদ্দেশ্যৰেহে এই অনলাইনৰে সাক্ষাত্-ৰ ব্যৱস্থা কৰা হৈছিল।

পৰৱৰ্তী সময়ত বিভিন্ন ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আগবঢ়োৱা দিহা পৰামৰ্শৰ আধাৰত কেন্দ্ৰীয় চৰকাৰে শেহতীয়া ভাবে ‘ক’উইন’ত ‘অন-ছাইট ৰেজিষ্ট্ৰেশ্যন’ তথা ‘ফেচিলিটেটেড ক’হৰ্ট ৰেজিষ্ট্ৰেশ্যন’ৰ সুবিধা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ক) ইয়াৰ জৰিয়তে আগতীয়াকৈ পঞ্জীয়ণ কৰা কোনো ব্যক্তি যদি কিবা কাৰণত নিৰ্দ্ধাৰিত সময়ত নিৰ্দ্ধাৰিত প্ৰতিষেধক কেন্দ্ৰত উপস্থিত থাকিব নোৱাৰে তেন্তে থলীতে পঞ্জীয়ণ কৰা সকলৰ এককাংশই সেই প্ৰতিষেধক গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব পাৰিব আৰু ইয়াৰ জৰিয়তে প্ৰতিষেধকৰ আধানাৰ্জি হোৱাৰ পৰিমাণো বহুখিনি কমাব পৰা যাব।

খ) ‘আৰোগ্য সেঁতু’, ‘উমং’ আৰু ‘কমন ছাৰ্ভিচ চেণ্টাৰ’ৰ জৰিয়তে আবেদন কৰি চাৰিজন পৰ্যন্ত হিতাধিকাৰীয়ে নাম পঞ্জীয়ণ কৰিব পৰা সুবিধা ‘ক’উইন’ত ৰখাৰ পিচতো একাংশ ৰাইজৰ লগতে ইণ্টাৰনেট, স্মাৰ্ট ফোন, মোবাইলৰ ব্যৱস্থা নথকা লোকসকলৰ বাবে ‘ফেচিলিটেটেড ক’হৰ্ট’ৰ দৰে ব্যৱস্থাৰ আগবঢ়োৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছিল।

 

*******

MV/KB



(Release ID: 1721433) Visitor Counter : 281